Logo
image

চুপাৰিৰ পৰা শিললৈ... এটাৰ পাছত আনটো কেলেংকাৰিত ভৱেশ কলিতাৰ নাম

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুলাইঃ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা মানেই যেন ছিণ্ডিকেট আৰু বিতৰ্কৰ অন্য এক নাম৷ গেৰুৱা দলটোৰ মুৰব্বীজনেই ছিণ্ডিকেটত জড়িত থকাৰ গুৰুতৰ অভিযোগ উঠিছে৷ চুপাৰি ছিণ্ডিকেটত ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ পি এৰ নাম সাঙুৰ খাই পৰাৰ পাছতেই চৰম অস্বস্তিত  পৰিছে দলীয় নেতৃত্বও৷ পূৰ্বে সোণোৱালৰ চৰকাৰৰ কাৰ্যকালত মন্ত্ৰী হৈ থাকোতে চাকৰি দিয়াৰ নামত নিজৰে সমষ্টিৰ এগৰাকী যুৱতীৰ পৰা ধন বিচাৰি বিতৰ্কত সোমাই পৰা ভৱেশ কলিতাৰ বিৰুদ্ধে কাঠ ছিণ্ডিকেটৰ পৰাও কমিচন লোৱাৰ মুকলি অভিযোগ উঠিছিল৷ শেহতীয়াকৈ বিজেপি সভাপতি ভৱেশ কলিতাৰ পি এ জিতু দাসে চুপাৰি ছিণ্ডিকেট চক্ৰৰ পৰা ধন লোৱাৰ অভিযোগ ডিফু আৰক্ষীৰ হাতত জেৰাৰ সন্মুখীন হোৱাত জিতু দাস তেওঁৰ পি এ নহয় বুলি কৈ ওলোটা খৰ মাৰিছে৷ কিন্তু ইয়াৰ মাজতে বিজেপি ৰাজ্যিক সভাপতিজনে চৰকাৰী এটা বিভাগলৈ প্ৰেৰণ কৰা এখন পত্ৰই আন এক বিতৰ্কৰ সৃষ্টি কৰিছে৷ বিজেপি সভাপতি ভৱেশ কলিতাই দলৰ পেড-ছীল ব্যৱহাৰ কৰি বন বিভাগলৈ বিশেষ ঠিকাদাৰৰ বাবে বিভাগীয় সহায় বিচাৰি পত্ৰ প্ৰেৰণ কৰা কাৰ্যই উক্ত বিতৰ্কৰ সৃষ্টি কৰিছে৷ ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰি অকৰ্তৃত্বশীলভাৱে ভৱেশ কলিতাই বিভাগক নিৰ্দেশ দিয়াৰো ভয়ংকৰ অভিযোগ উঠিছে৷ বিগত ২০ জুলাইত বাগ্‌সা জিলাৰ ডি এফ অ’য়ে মুছলপুৰৰ বীট অফিচাৰলৈ প্ৰেৰণ কৰা  বিভাগীয় এখন পত্ৰত বিজেপি সভাপতি ভৱেশ কলিতাৰ নিৰ্দেশৰ চাঞ্চল্যকৰ তথ্য উন্মোচন হৈছে৷ ডি এফ অ’য়ে বীট অফিচাৰলৈ প্ৰেৰণ কৰা পত্ৰখনৰ বিষয় হৈছে বন বিভাগৰ চালান৷ বিগত ১৮ জুনত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বন বিভাগলৈ দিয়া এখন পত্ৰৰ ভিত্তিতেই বীট অফিচাৰক উক্ত নিৰ্দেশনামূলক পত্ৰ প্ৰেৰণ কৰা হৈছে বুলিও ডি এফ অ’য়ে পত্ৰখনত উল্লেখ কৰিছে৷ অৰ্থাৎ পত্ৰখনত ডি এ অ’ৱে মুছলপুৰ বীট অফিচাৰক অতি স্পষ্টভাষাৰে বৰনদীৰ বালি মহলৰ পৰা ৫ হাজাৰ কিউবিক মিটাৰ বালিৰ বাবে ট্ৰানজিত পাছ সাজু কৰিবলৈ কোৱা হৈছে৷ বাইহাটা চাৰিআালিৰ পৰা গোৰেশ্বৰলৈ এটা পথৰ মেৰামতিৰ ঠিকা লাখ কৰিছে ৰং ইনফ্ৰাষ্ট্ৰাকচাৰ নামৰ এটা ঠিকাদাৰী প্ৰতিষ্ঠানে৷ এই প্ৰতিষ্ঠানৰ গৰাকী হ’ল বহু বিতৰ্কিত ভূ ব্যৱসায়ী কনক ডেকা৷ এইজন কনক ডেকাৰ বাবেই ৫ হাজাৰ কিউবিক মিটাৰ বালি বিচাৰি বন বিভাগলৈ ১৮ জুনত পত্ৰ লিখিছিল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ এইজন ৰাজনৈতিক নেতাই এইদৰে ঠিকাদাৰী প্ৰতিষ্ঠানৰ নামত বালি বিচাৰি বন বিভাগলৈ পত্ৰ লিখাটোৱে বিভাগৰ ভিতৰচ’ৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ কিন্তু ভৱেশ কলিতাৰ পত্ৰৰ পাছতেই ডি এফ অ’য়ে বৰনদীৰ চাৰিটা বালি মহলৰ পৰা ৫ হাজাৰ কিউবিক মিটাৰ বালিৰ বিপৰীতে ট্ৰানজিত পাছ ইছ্য়ু কৰিবলৈ নিৰ্দেশ দিছে মুছলপুৰৰ বীট অফিচাৰক৷ বালি মহলত খোদ ৰাজ্যিক বিজেপিৰ সভাপতিজনে যে দখল দিয়া অভিযান আৰম্ভ কৰিছে, এই পত্ৰখনেই তাৰ প্ৰমাণ৷ কনক ডেকাৰ হৈ ভৱেশ কলিতাই কি স্বাৰ্থত বালি বিচাৰিলে, সেয়াও হৈ পৰিছে এক গভীৰ প্ৰশ্ন৷  ঠিকাদাৰৰ বালি-শিলৰ অংকৰ লগত ভৱেশ কলিতাৰ কি সম্পৰ্ক, সেয়া নিশ্চয় এক ভাবি চাবলগীয়ে বিষয়৷ যি সময়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ পি এৰ নাম পোনপটীয়াকৈ ছিণ্ডিকেটৰ লগত সাঙোৰ খাই পৰিছে, সেই একে সময়তে বি টি আৰৰ বালিৰ লগত ভৱেশ কলিতাৰ নাম জড়িত হৈ পৰাটোৱে নিশ্চয় দলটোৰ ভাৱমূৰ্তিত প্ৰভাৱ পেলাব৷ বিজেপিৰ শীৰ্ষ নেতৃত্বই এই ঘটনাক কিদৰে লয়, সেয়া হ’ব লক্ষণীয়৷