Logo
image

অসমলৈ বৈছে দেশী-বিদেশী পৰ্যটকৰ সোঁত

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ২৯ জুলাইঃ অসমলৈ দেশী-বিদেশী পৰ্যটকৰ সোঁত বৈছে৷ বিগত সময়ছোৱাত কাজিৰঙা, মানাহকে ধৰি অসমৰ বিভিন্ন পৰ্যটনস্থলীলৈ আগমন ঘটা দেশী-বিদেশী পৰ্যটকৰ সংখ্যা পূৰ্বৰ সময়তকৈ বহুগুণে  বৃদ্ধি পাইছে৷ এই কথা সদৰী কৰিছে ৰাজ্যৰ পৰ্যটনমন্ত্ৰী জয়ন্তমল্ল বৰুৱাই৷ উল্লেখ্য, ৰাজ্যৰ পৰ্যটন খণ্ডক উদ্‌গনি দিবলৈ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বুধবাৰে নিশা দিল্লীস্থিত ট্য়ুৰ অপাৰেটৰসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷ নতুন দিল্লীৰ আছাম হাউছত হোৱা বৈঠকত ৰাজ্যখনত শেহতীয়াকৈ বৃদ্ধি পোৱা অভিলেখসংখ্যক পৰ্যটকৰ কথা মন্ত্ৰী জয়ন্ত মল্লই দাঙি ধৰে তথা অসমত পৰ্যটকৰ বাবে টু্যৰ অপাৰেটৰসকলক আকৰ্ষণীয় পেকেজ প্ৰস্তুত কৰাৰ আহ্বান জনায়৷ পাছত সাংবাদিকৰ আগত মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, কেৱল দেশী পৰ্যটকেই নহয়, আন্তঃৰাষ্ট্ৰীয় বিদেশী পৰ্যটকেও এতিয়া ভিৰ কৰিছে অসমত৷ যোৱা এবছৰত অসমত ৫৭৩ শতাংশ দেশী পৰ্যটকৰ আগমন বৃদ্ধি পাইছে৷ অনুৰূপভাৱে বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি পাইছে ৭৮৩ শতাংশ৷ মন্ত্ৰীজনৰ মতে, যোৱা দুবছৰত মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ আইন-শৃংখলা পৰিস্থিতি যিদৰে উন্নতি ঘটিছে তথা পৰ্যটন খণ্ডৰ উন্নত আন্তঃগাঁথনিৰ বাবেই ৰাজ্যখনত অভিলেখ সৃষ্টিকাৰী পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে৷ ৰাজ্যৰ পৰ্যটন খণ্ডক এতিয়া এক উদ্যোগলৈ পৰ্যৱেশিত কৰা হৈছে৷ নতুন দিল্লীৰ আছাম হাউছত হোৱা কালি নিশাৰ বৈঠকতো দিল্লীস্থ ট্য়ুৰ অপাৰেটৰসকলে অসমকলৈ দেশী-বিদেশী পৰ্যটকৰ মাজত শেহতীয়াকৈ বৃদ্ধি পোৱা আগ্ৰহৰ কথা ব্যক্ত কৰিছে৷ মন্ত্ৰী জয়ন্ত মল্লই প্ৰকাশ কৰা মতে, অসম চৰকাৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰথমতে ট্য়ুৰ অপাৰেটৰসকলক অসমৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ অসম ভ্ৰমণ কাৰ্যসূচীয়ে অপাৰেটৰসকলক পৰ্যটকসকলৰ বাবে পেকেজ তৈয়াৰ কৰিবলৈ সহায় কৰিব বুলি মন্ত্ৰীজনে সাংবাদিকৰ আগত প্ৰকাশ কৰে৷ আনহাতে, বৈঠকত উপস্থিত থকা নোবল হাউছ ট্য়ুৰছৰ সঞ্চালক নবীন জৈনে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে, অসমৰ প্ৰতি দেশ-বিদেশৰ পৰ্যটকসকলৰ আগ্ৰহ শেহতীয়াকৈ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে৷ কেৱল অসম বুলি নহয় পৰ্যটকসকলে আনকি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহও ভ্ৰমণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে৷ সেয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰ্যটন বিভাগৰ মাজত সমন্বয় গঢ়ি তোলাৰ প্ৰয়োজন আছে৷ ইয়াৰ জৰিয়তে এজন পৰ্যটকে এটা পেকেজত উত্তৰ-পূৰ্বাঞ্চলৰ দুই বা ততোধিক ৰাজ্য ভ্ৰমণ কৰিব পাৰিব৷ জৈনে প্ৰকাশ কৰা মতে, সামগ্ৰিকভাৱে অসম ভ্ৰমণ কৰি অহা পৰ্যটকসকলে অসমবাসীৰ আতিথ্যতা তথা ৰাজ্যখনৰ প্ৰাকৃতিক বৈচিত্ৰ্যত মুগ্ধ হোৱাৰ কথা ব্যক্ত কৰে৷ পিছে কিছু কিছুক্ষেত্ৰত পেছাদাৰিত্বৰ অভাৱ থকাৰ কথাও পৰ্যটকসকলে তেওঁলোকৰ সন্মুখত ব্যক্ত কৰিছে৷ বিশেষকৈ গাড়ী চালকসকলৰ ব্যৱহাৰ তথা পেছাদাৰিত্বৰ অভাৱৰ কথা সততে পৰ্যটকসকলে ব্যক্ত কৰে৷ মন্ত্ৰী জয়ন্ত মল্লইও জৈনে ব্যক্ত কৰা কথাখিনিৰ ওপৰত গুৰুত্ব প্ৰদান কৰি সাংবাদিকৰ আগত কয় যে অনাগত দিনত ৰাজ্যৰ পৰ্যটন খণ্ডৰ সৈতে জড়িত গাড়ী চালকসকলক দক্ষতা প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷ লগতে তেওঁলোকক সংবেদনশীল কৰি তোলা হ’ব৷ উল্লেখ্য, ট্য়ুৰ অপাৰেটৰসকলৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূৰ্বে বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কালি সন্ধিয়া দিল্লীস্থ অসম পৰ্যটন তথ্য কেন্দ্ৰটো পৰিদৰ্শন কৰি বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে৷ পাছত সাংবাদিকৰ আগত তেওঁ কয় যে দিল্লীৰ পৰ্যটন তথ্য কেন্দ্ৰটো অধিক কাৰ্যক্ষম তথা আকৰ্ষণীয় কৰি তুলিবলৈ যত্ন লোৱা হ’ব৷ ইপিনে কালি আছাম হাউছত অনুষ্ঠিত ট্য়ুৰ অপাৰেটৰসকলৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী জয়ন্ত মল্লৰ উপৰি ৰাজ্যৰ পৰ্যটন বিভাগৰ সচিব পদ্মপানী বৰা, দিল্লীস্থ পৰ্যটন তথ্য কেন্দ্ৰৰ উপ-সঞ্চালক জয়ন্ত শৰ্মা, পৰ্যটন তথ্য বিষয়া অনন্যা বৰঠাকুৰ তথা বৈঠকৰ অন্যতম উদ্যোক্তা হিচাপে মানবেন্দ্ৰ ডেকা উপস্থিত থাকে৷