Logo
image

অসমত চলি আছে নিষিদ্ধ পলিথিন

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ২৯ জুলাইঃ বিশ্ব প্ৰকৃতি সংৰক্ষণ দিবসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ নুনমাটি চূণচালিস্থিত সৃষ্টি নগৰ উদ্যোগত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ সহযোগত প্ৰকৃতি সংৰক্ষণ দিৱস উৎযাপন কৰা হয়৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ অধক্ষ ড॰ অৰূপ মিশ্ৰই পৰিবেশ সংৰক্ষণ আৰু সজাগতাৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই৷ তেওঁ কয়, বছৰৰ  ৩৬৫ দিনেই পৰিবেশ সংৰক্ষণৰ বাবে কাম কৰিব লাগে ৰাইজে৷ পূৰ্বতে পদুষণ নিয়ন্ত্ৰণ পৰিষদে কেৱল উদ্দোগ আৰু চাৰ্ভিচ চেক্টৰক অনুজ্ঞাপত্ৰ দিয়াত ব্যস্ত আছিল৷ এতিয়া পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে স্কুল, কলেজীয়া ছাত্ৰ ছাত্ৰীক লগত লৈ বিভিন্ন সজাগতা মূলক অনুষ্ঠান কৰি থকা হৈছে৷ ইফালে এবাৰ ব্যৱহাৰ যোগ্য পলিথিন বজাৰত চলি থকা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্ন ৰ উত্তৰত ড॰ অৰূপ মিশ্ৰই কয়, এবাৰ ব্যৱহাৰ যোগ্য পলিথিন বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বহু চেষ্টা কৰি আছে যদিও সফল হব পৰা নাই৷ কিয়নো অসমৰ বাহিৰৰ পৰা পলিথিন অসমত আহে৷ এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন হোৱাটো অতি প্ৰয়োজন বুলিও তেওঁ ব্যক্ত কৰে৷ আনহাতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত অহা দুই অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ পানীৰ বটল সমূহ বন্ধ হব বুলি সদৰি কৰে৷ অৱশ্যে এক লিটাৰৰ তলৰ বহুজাতিক কোম্পানীৰ বটল সমূহ বন্ধ নহয়৷ কিয়নো প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ লগত ই পি আৰ চুক্তি স্বাক্ষৰ কৰিছে৷ চুক্তিত উল্লেখ আছে প্লাষ্টিকৰ বটল সমূহ সংগ্ৰহ কৰি ৰিচাইকেলৰ কাৰণে ব্যবস্থা গ্ৰহণ কৰিব৷ বহুজাতিক কোম্পানীৰ বনোৱা যিসমূহ কোম্পানী অসমত আছে সেই সমূহ কোম্পানীৰ বটল সমূহ যদি আৱৰ্জনাত পোৱা যায় তেন্তে সেই কোম্পানী সমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগৰ ব্যক্ত কৰে৷