Logo
image

উক্তি-বক্ৰোক্তি

জালিয়াতিৰ বাবে বদনাম হোৱা কোম্পানীয়ে যিদৰে নাম সলনি কৰে, তেনেদৰেই বিভিন্ন দুৰ্নীতিত অভিযুক্ত ‘ইউপিএ’ই নাম সলাইছে৷ দুৰ্নীতি আৰু প্ৰতাৰণাৰ ইতিহাস সলনি কৰাৰ বাবে সলনি কৰা হৈছে নাম৷ দুৰ্নীতি কুইট ইণ্ডিয়া৷ পৰিয়ালতন্ত্ৰ কুইট ইণ্ডিয়া৷ প্ৰশস্তিৰ ৰাজনীতি কুইট ইণ্ডিয়া৷ ইণ্ডিয়াক লৈ চিন্তা থাকিলে বিৰোধীয়ে বিদেশলৈ গৈ দেশৰ বদনাম নকৰে, বিদেশী শক্তিৰ সাহায্য নিবিচাৰে৷

–প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী


কুখ্যাত ইছলামিক সন্ত্ৰাসবাদী সংগঠন আল-কায়দাই ভাৰতীয় উপ-মহাদেশত আঞ্চলিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে হাত মিলাই শক্তি বৃদ্ধি  কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷ ভাৰতীয় উপ-মহাদেশত বৰ্তমান আল-কায়দাৰ সমৰ্থন-সাহায্যপুষ্ট কেইবাটাও সন্ত্ৰাসবাদী সংগঠন আছে৷ কুখ্যাত সন্ত্ৰাসবাদী সংগঠনটোৱে জম্মু-কাশ্মীৰ, বাংলাদেশ আৰু ম্যানমাৰত সংগঠনটোৰ কাম-কাজ সম্প্ৰসাৰণৰ বাবে গোপনে তৎপৰতা অব্যাহত ৰাখিছে৷

–ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰতিবেদন


ৰোহিংগ্যাই ত্ৰিপুৰাৰ দালালৰ জৰিয়তে অসমক কৰিডৰ বনাইছে৷ ৰে’ল যোগাযোগক সহজ পথ হিচাপে ব্যৱহাৰ কৰিছে ৰোহিংগ্যাই৷ সেই বাবে ৰে’ল আৰক্ষীও সষ্টম হ’ব লাগিব৷ অবৈধ সুৰা, বাৰ্মিজ চুপাৰি, ইউৰিয়া সাৰৰ সৰবৰাহ ৰোধ কৰিবৰ বাবে সীমান্তৱৰ্তী অঞ্চলৰ জিলাসমূহৰ আৰক্ষী অধীক্ষকসকল অধিক সষ্টম হ’ব লাগিব৷ আৰক্ষীৰ পোছাকত কোনো আৰক্ষী বা বিষয়া ৰাজহুৱা মঞ্চত অনুষ্ঠান পৰিৱেশনৰ পৰা বিৰত থাকিব লাগিব৷ ডিজিপিৰ অনুমতি নোহোৱাকৈ কোনো আৰক্ষীয়ে সংবাদ মাধ্যমক কথা ক’ব নোৱাৰিব৷

–মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


কোনোবাই কৈছে ভূপেন বৰাক নামঘৰলৈ যোৱাটো নিষিদ্ধ কৰিব লাগে৷ তেওঁলোকক মই কৈছোঁ– মোক এনকাউণ্টাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক আপীল কৰক৷ মুখ্যমন্ত্ৰীয়ে মোক গ্ৰেপ্তাৰ কৰাৰ কথা কৈছে৷ মোৰ গ্ৰেপ্তাৰতো মই সহযোগ কৰিম বুলি কৈছোঁ৷ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ পাছত মোৰ জীৱনৰ শেষৰছোৱা মই গাঁৱৰ নামঘৰত পাঠক হৈ থাকিম৷ গাঁৱৰ ৰাইজৰ লগত এই চুক্তি কৰিয়েই যোৱা দহ বছৰত মই বহু লাখ টকা খৰচ কৰি মাৰ্বল, টাইলছ, নতুন টিনপাত লগাই নামঘৰটো মেৰামতি কৰিছোঁ৷

–প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা


অসমত চলি আছে নিষিদ্ধ পলিথিন৷ এবাৰ ব্যৱহাৰযোগ্য পলিথিন বন্ধ কৰিবৰ বাবে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে বহু চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই৷ কিয়নো অসমৰ বাহিৰৰ পৰা অসমলৈ পলিথিন আহে৷ এইক্ষেত্ৰত ৰাইজ সজাগ হোৱা দৰকাৰ৷ ২ অক্টোবৰৰ পৰা বন্ধ হ’ব ৰ লিটাৰৰ তলৰ পানীৰ বটল৷ অৱশ্যে বহুজাতিক কোম্পানীৰ বটলসমূহ বন্ধ নহ’ল৷

–প্ৰদূষণ পৰিষদৰ অধ্যক্ষ ড॰ অৰূপ কুমাৰ মিশ্ৰ