Logo
image

অলেখ ভুলেৰে বিজেপিৰ বিভিন্ন গোটৰ এজাহাৰ ভূপেন বৰাৰ বিৰুদ্ধে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুলাইঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিয়ে ৩২৩খনৰো অধিক এজাহাৰ দাখিল কৰিছে৷ কেৱল বিজেপিৰ যুৱ মৰ্চাই বিভিন্ন প্ৰান্তত ২৮৩খন এজাহাৰ ভূপেন বৰাৰ বিৰুদ্ধে দাখিল কৰিছে৷ সমান্তৰালভাৱে   গহপুৰ বিজেপি, বিজেপিৰ গুৱাহাটী মহানগৰ জিলাৰ কৃষক মৰ্চা আদিয়েও সুকীয়া সুকীয়াকৈ গোচৰ ৰুজু কৰিছে৷ লক্ষণীয়ভাৱে বিজেপিৰ বিভিন্ন গোটে ভুপেন বৰাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত দেখা গৈছে অলেখ ভুলৰ সমাহাৰ৷ গুৱাহাটী মহানগৰ জিলাৰ বিজেপি কৃষক মৰ্চাৰ সভাপতি সঞ্জীৱ সমৰ ডেকা আৰু সাধাৰণ সম্পাদক কিশুৰেশ দাসে অসমীয়া ভাষাত ভূপেন বৰাৰ বিৰুদ্ধে লিখা এজাহাৰখনৰ ভাষা আৰু বাক্য দেখি সকলোৱে তবধ মানিছে৷ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ লাভ জেহাদ প্ৰসংগত উত্তৰ দিবলৈ গৈ মহাভাৰতত লাভ জেহাদ দেখাৰ কথা কোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক্ষমা খুজিও তত পোৱা নাই৷ শাসকীয় বিজেপি দলে সমালোচনাৰে থকা-সৰকা কৰা বাদেই, নিজৰ বহু দলীয় সতীৰ্থয়ো এতিয়া সমালোচনাৰ লক্ষ্য কৰি লৈছে ভূপেন বৰাক৷ ইয়াৰ মাজতে আজি বঙাইগাঁৱত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে ভূপেন বৰাৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৩০০ৰো অধিক গোচৰ ৰুজু হৈছে যদিও আইন অনুসৰি এই গোটেইবোৰ গোচৰ এটা জেগালৈ আহিব৷ গোচৰ ৰুজু হ’লে ভূপেন বৰা সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব, সেয়া দুই-তিনিদিনৰ পাছত ডিজিপি জি পি সিঙে সংবাদ মাধ্যমৰ আগত সদৰী কৰিব৷ উল্লেখ্য যোৱা কালি প্ৰদেশ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ভূপেন বৰাক দলৰ দায়িত্ব এৰি সত্ৰৰ নামঘৰৰ পাঠক হ’বলৈ ৰাজহুৱাকৈ আহ্বান জনোৱাৰ পাছত আজি ভূপেন বৰাক এনকাউণ্টাৰ কৰিবলৈ ক’লে প্ৰদেশ কংগ্ৰেছৰ আন এজন কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই৷ অৱশ্যে বিজেপিয়ে ভূপেন বৰাৰ বিৰুদ্ধে ৩২৩টা গোচৰ ৰুজু কৰাৰ বাবে ক্ৰোধাম্বিত হৈ পুৰকায়স্থই বিজেপিক আক্ৰমণ কৰিবলৈ গৈহে ভূপেন বৰাক এনকাউণ্টাৰ কৰিবলৈ ক’লে৷ এই সন্দৰ্ভত পুৰকায়স্থই এনেদৰে কয়– ‘ভূপেন বৰাই ক্ষমা বিচাৰিছে যেতিয়া তেওঁক ক্ষমা কৰি দিব লাগে৷ বিজেপিয়ে যদি ক্ষমা নকৰে, তেন্তে এনকাউণ্টাৰ কৰি দিয়ক৷’ ইফালে ভূপেন বৰাৰ মন্তব্যক স্বাভাৱিক আখ্যা দি ক্ষমা খোজাৰ প্ৰসংগক নাটক আখ্যা দিলে বিজেপিৰ বিধায়ক মানৱ ডেকাই৷ বিজেপিৰ বিধায়ক দিগন্ত কলিতা আৰু জিতু গোস্বামীয়েও আজি ভূপেন বৰাক পুনৰ তীব্ৰ বাক্যবাণেৰে থকা-সৰকা কৰে৷

ৰঙিয়াত বিজেপি, কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী

‘আমাৰ অসম’ৰ ৰঙিয়াৰ বিশেষ প্ৰতিবেদকঃ ৰঙিয়াত আজি দুই সভাপতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা পৰিলক্ষিত হয়৷ কংগ্ৰেছে বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বিজেপিয়ে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে পৃথকে পৃথকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ৰঙিয়াত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লাভ জেহাদকলৈ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে কালি বিজেপিৰ ভগ্নীসংগঠন ভাৰতীয় জনতা যুৱ মৰ্চাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সংগঠনটোৰ কেইবাশ কৰ্মীয়ে ৰঙিয়াৰ হৰদত্ত-বীৰদত্ত ভৱনৰ সন্মুখৰ পৰা প্ৰতিবাদী সমদল উলিয়ায়৷ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱা আৰু সাধাৰণ সম্পাদক ত্ৰিদীপ জ্যোতি মৰাণৰ নেতৃত্বত ভূপেন বৰাৰ বিৰুদ্ধে প্ৰতিবাদী সমদল উলিয়ায়৷ প্ৰতিবাদকাৰীসকলে ভূপেন বৰা মুৰ্দাবাদ, আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে৷ যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাই সনাতনী সংস্কৃতিৰ আত্মাস্বৰূপ ভগৱান শ্ৰীকৃষ্ণক অপমান কৰাৰ সাহস ক’ত পালে বুলি প্ৰশ্ন কৰে৷ লগতে অতিশীঘ্ৰে ভূপেন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়৷ সমদলটো নগৰখনৰ মাজ মজিয়াৰে পৰিভ্ৰমণ কৰে৷ পাছত প্ৰতিবাদকাৰীসকলে ভূপেন বৰাৰ প্ৰতিকৃতি দাহ কৰে৷ প্ৰতিবাদকাৰীসকলে প্ৰতিকৃতি দাহ কৰাৰ সময়ত আৰক্ষীয়ে পানীৰে পুত্তলিকাৰ জুই নুমুৱাবলৈ বিচৰা সময়ত আৰক্ষীৰ সৈতে টনা-আঁজোৰা হয়৷ পাছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়৷ ইফালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহসমষ্টিত কংগ্ৰেছ দলেও উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ ছিণ্ডিকেটত নাম সাঙোৰ খোৱা ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাক গ্ৰেপ্তাৰৰ দাবীত সহস্ৰাধিক কংগ্ৰেছকৰ্মীয়ে প্ৰতিবাদী সমদল উলিয়ায়৷ ভৱেশ কলিতাবিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰে প্ৰতিবাদকাৰীসকলে৷ প্ৰশাসনে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ব্যাপকহাৰত আৰক্ষী-অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰে৷ অসম প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আৰু কামৰূপ জিলাৰ কংগ্ৰেছৰ সহযোগত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আজি ৰঙিয়াত কংগ্ৰেছৰ এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰথমে ৰঙিয়াৰ ৰাজীৱ ভৱনত দলটোৰ এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ সভাখনৰ অন্তত দলটোৰ সহস্ৰাধিক কাৰ্যকৰ্তাই ৰঙিয়াৰ মাজেৰে সমদল উলিয়াই ৰঙিয়াত চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় আৰু ৰঙিয়া চক্ৰ বিষয়াৰ জৰিয়তে কামৰূপ জিলাৰ উপায়ুক্তলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ প্ৰতিবাদী অনুষ্ঠানটোত অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মিৰা বৰঠাকুৰ, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি কামলক্ষ দেৱ পুৰুকায়স্থ, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক নৃপেন ঠাকুৰীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কন্দৰ্প কলিতা, প্ৰাক্তন সাংসদ মাধৱ ৰাজবংশী, প্ৰাক্তন বিধায়ক ঘনশ্যাম কলিতা, কামৰূপ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি কংকন দাস, বিবুলৰ ৰহমান প্ৰমুখ্যে দলটোৰ বহু সদস্যই অংশগ্ৰহণ কৰে৷ দুয়োটা দলৰ কাৰ্যসূচীয়ে ৰঙিয়াৰ ৰাজনৈতিক বতাহ উত্তপ্ত হৈ পৰে৷

ভূপেন বৰাৰ মন্তব্যৰ ফল ভুগিব কংগ্ৰেছে

‘আমাৰ অসম’ৰ কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধিঃ ভূপেন বৰাই লাভ জেহাদক লৈ যি মন্তব্য কৰিছে তাৰ বিষম ফল সমগ্ৰ কংগ্ৰেছ দলটোৱে ভুগিব লাগিব৷ এই মন্তব্য অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ৷ উল্লেখ্য, গোলাঘাটৰ ট্ৰিপল মাৰ্দাৰৰ ঘটনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ জেহাদ বুলি ঘোষণা কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মহাভাৰতৰ দিনৰ পৰা লাভ জেহাদ চলি অহা আৰু গান্ধাৰীক ধৃতৰাষ্ট্ৰই বিয়া পতাটো লাভ জেহাদ আৰু বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰা লাভ জেহাদ চলি থকাধৰণৰ বিভিন্ন মন্তব্য কৰি ৰাইজৰ ৰোষত পৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক মন্ত্ৰী ব্ৰহ্মই কঠোৰ সমালোচনা কৰি ৰাজনৈতিক ক্ষেত্ৰখনত থাকি সমাজ আৰু ধৰ্মীয় সমাজ বিলাকক এনেদৰে আঘাত কৰাটো উচিত নহয়৷ মন্ত্ৰী ব্ৰহ্মই লগতে সভাপতি বৰাৰ অভাৰ কনফিডেণ্ট হৈছে বুলি অভিহিত কৰি তেওঁ যি মন্তব্য কৰিছে তাক জিভা পিছল খোৱা মন্তব্য বুলি সহজে ল’ব নোৱাৰি৷ তাৰ ফল এতিয়া তেওঁ ভুগি আছে কাৰণ তেওঁ ক্ষমাপ্ৰাৰ্থনা খোজাৰ পাছতো ইমান সোনকালে স্বাভাৱিক অৱস্থালৈ অহা নাই৷ অসমৰ ধৰ্মীয় সমাজে খুব স্পৰ্শকাতৰ বিষয় হিচাবে লৈছে৷ সেয়ে এয়া কংগ্ৰেছ দলৰ বাবে মোক্ষম আঘাত হৈ পৰিছে বুলি তেওঁ মন্তব্য কৰে৷