Logo
image

আফগানিস্তানত মহৰমৰ সমদলত গুলী তালিবানীৰ

‘আমাৰ অসম’ৰ  বিশেষ প্ৰতিবেদন, ৩০ জুলাইঃ আফগানিস্তানৰ গজনি চহৰত মহৰমৰ সমদলৰ ওপৰত তালিবানে গুলীচালনা কৰাত তিনিজনৰ মৃত্যু আৰু ১০ জন লোক আহত হৈছে৷ আহতৰ মাজত ৪ টি শিশুও আছে৷ ছিয়া আৰু ছুন্নিৰ দীৰ্ঘকালীন বিবাদৰ ফলতে এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে৷ মহৰম উপলক্ষে ছিয়া সম্প্ৰদায়ৰ  লোকে গজনি চহৰত এই সমদলৰ আয়োজন কৰিছিল৷ সমদলটো ছাহাদেহ ক’ৰ্টৰ দিশৰ পৰা নৌবাদৰ দিশে ৰাওনা হওঁতেই সশস্ত্ৰ তালিবানৰ দলে সমদলক উদ্দেশ্যি গুলীচালনা কৰে৷ তাৰ পূৰ্বে শাসক তালিবানৰ সশস্ত্ৰ দলে কোনো সাৱধানবাণী জাৰি কৰা নাছিল৷ ফলত ছিয়া সম্প্ৰদায়ে মহৰম উপলক্ষে নিৰ্ভয়ে এই সমদল উলিয়াইছিল৷ উল্লেখ্য ইছলামৰ ধৰ্মগুৰু মহম্মদৰ নাতি হুছেইন বিন আলীৰ মৃত্যুৰ শোক পালনৰ বাবে মহৰমৰ সমদল উলিওৱা হয়৷ কাৰবালাৰ যুদ্ধত আলী শ্বহীদ হৈছিল৷ প্ৰসংগতঃ, আমেৰিকাই সেনা অপসাৰণ কৰাৰ সময়ত তালিবানে প্ৰথমেই দখল কৰা আফগানিস্তানৰ চহৰখন আছিল গজনি৷