Logo
image

সৰ্বানন্দৰ ‘ঘনিষ্ঠ’ ফণী শৰ্মাক আঁতৰাই নিষ্কণ্টক হিমন্তবিশ্ব

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ জুলাইঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ দুটা নিৰ্দেশে শনিবাৰৰ দিনটোত তীব্ৰ ৰাজনৈতিক জোকাৰণিৰ সৃষ্টি কৰে বাজপেয়ী ভৱনত৷ ইয়াৰে এটা নিৰ্দেশ যোগে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হিচাপে নিযুক্তি দিয়াৰ বিপৰীতে আনটো নিৰ্দেশ যোগে ফণীন্দ্ৰ নাথ শৰ্মাক হাৰিয়ানাৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হয়৷ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষজনৰ এই দুটা নিৰ্দেশে বিশেষ তাৎপৰ্য বহন কৰিছে৷ সন্মুখত লোকসভাৰ নিৰ্বাচন৷ এই নিৰ্বাচনত অসমৰ ১৪টা লোকসভা সমষ্টিৰ ১৪টাই দখলৰ হুংকাৰ দিছে শাসনাধিস্থ বিজেপি দলে৷ কেৱল হুংকাৰতে সীমাবদ্ধ নাথাকি বিজেপি দলে সমষ্টিয়ে সমষ্টিয়ে আৰম্ভ কৰিছে যুদ্ধকালীন তৎপৰতা৷ লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়ে জে পি নাড্ডাৰ নিৰ্দেশত নতুনকৈ গঠন কৰা হয় বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্য নিৰ্বাহক সমিতি৷ লক্ষণীয়ভাৱে জে পি নাড্ডাৰ এই তালিকাৰ পৰা বাদ পৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াৰ নাম৷ সাংসদ শইকীয়া দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত কাৰ্য নিৰ্বাহ কৰি আছিল৷ নতুন তালিকাত দিলীপ শইকীয়াৰ স্থানত অসমৰ পৰা কোনো দলীয় নেতাক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হোৱা নাই যদিও ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক দলৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছে৷ কিন্তু হঠাৎ কিয় দিলীপ শইকীয়াক দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদৰ পৰা অপসাৰণ কৰা হ’ল?  শইকীয়াই দাবী কৰা মতে ‘লোকসভাৰ আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় বিষয়বাবদ থকা সাংসদ সকলে নিজৰ নিজৰ সমষ্টিত যাতে অধিক সময় দিব পাৰে তাৰ বাবে তেওঁলোকক এই দায়িত্বৰ পৰা আতৰাই দিয়া হৈছে৷’ দিলীপ শইকীয়াক দলীয় বিষয়বাবৰ পৰা আতৰাই উজনী অসমৰ চাহ বাগিচাৰ ভোট বেংকৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা প্ৰসাদ তাছাক দলৰ ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছে৷ উল্লেখ্য যে বৰ্তমান মোদী মন্ত্ৰী সভাতো চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা ৰামেশ্বৰ তেলী দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্বত আছে৷ অন্য এক নিৰ্দেশ যোগে অসম বিজেপিৰ অন্যতম প্ৰভাৱশালী নেতা ফণীন্দ্ৰ নাথ শৰ্মাক অসম আৰু ত্ৰিপুৰাৰ পৰা আতৰাই সুদূৰ হাৰিয়ানা ৰাজ্যৰ দলৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰা হৈছে৷ ফণীন্দ্ৰ নাথ শৰ্মা সুদীৰ্ঘ ১৩ বছৰ অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত আছে৷ সময়ে সময়ে বিভিন্ন বিতৰ্কৰ আবৰ্তত সোমাই পৰা ফণীন্দ্ৰ নাথ শৰ্মা দীৰ্ঘ সময় ধৰি অসম বিজেপিৰ অন্যতম শক্তিকেন্দ্ৰ হিচাপে চিহ্নিত হৈ আহিছে৷ কিন্তু হঠাৎ তেওঁক কি অসম আৰু ত্ৰিপুৰাৰ পৰা আতৰাই সুদূৰ হাৰিয়ানালৈ যাবলৈ দিয়া হয়? বাজপেয়ী ভৱনৰ সূত্ৰৰ মতে বাহ্যিক দৃষ্টিত শৰ্মা যদিও মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ সৈতে অতি ঘনিষ্ট কিন্তু তেওঁ সৰ্বানন্দ সোণোৱাল শিবিৰৰ সৈতে গোপনে সম্পৰ্ক ৰক্ষা কৰি চলি থকা বুলি দীৰ্ঘদিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছে৷ ফণীন্দ্ৰ নাথ শৰ্মাৰ জৰিয়তে সোণোৱাল শিবিৰে ড॰ হিমন্ত বিশ্ব শৰ্মা শিবিৰৰ প্ৰতিটো খবৰ আৰু ৰণকৌশল অবগত হৈ থকা বুলি দলৰ অভ্যন্তৰত অভিযোগ উঠি আহিছে৷ হয়তো এনেবোৰ কাৰণতে অসমৰ দায়িত্বৰ পৰা আতৰিবলগীয়া হয় ফণীন্দ্ৰ নাথ শৰ্মা৷ সোণোৱালৰ বিভিন্ন সভা সমিতি আৰু অনুষ্ঠানত সততে শৰ্মাৰ উপস্থিতি দেখিবলৈ পোৱা যায়৷ উল্লেখ্য যে ফণীন্দ্ৰ নাথ শৰ্মাৰ স্থানত জী আৰ ৰবীন্দ্ৰ ৰাজুক অসম আৰু ত্ৰিপুৰাৰ সাধাৰণ সম্পাদক [সাংগঠনিক]ৰ দায়িত্ব দিয়া হৈছে৷ অন্ধপ্ৰদেশৰ বাসিন্দা ৰাদু বিগত তিনি বছৰ ধৰি হাৰিয়ানা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বত আছে৷ ফণীন্দ্ৰ নাথ শৰ্মাক অসমৰ দায়িত্বৰ পৰা আতৰাই দিয়াত নিকণ্টক হৈ পৰিল হিমন্ত বিশ্ব শৰ্মা শিবিৰ৷