Logo
image

আপোনাৰ কল ৰেকৰ্ডিং হৈ আছে? কেনেকৈ নিশ্চিত হ’ব

আজি-কালি কল ৰেকৰ্ডিং এটা ডাঙৰ সমস্যা হৈ পৰিছে৷ কল ৰেকৰ্ডিং এটা ভাইৰেল হৈ কাৰোবাৰ কেৰিয়াৰ পৰ্যন্ত ধবংস হৈ যোৱাৰ উপক্ৰম হয়৷ আপোনাৰ অজানিতে আপোনাক ফোন কৰোতা বা আপোনাৰ ফোন ধৰোতাই ফোন ৰেকৰ্ডিং কৰিব পাৰে৷ আপুনি যদি সাৱধান নহয় সেই বিষয়ে ঘূণাক্ষৰেও জানিব নোৱাৰিব৷ কিন্তু আপোনাৰ কল ৰেকৰ্ডিং হৈ আছে নেকি সেয়া জনাৰ উপায় আছে৷ অনুমতি অবিহনে আমাৰ দেশত যিকোনো কল ৰেকৰ্ডিং কৰাটো বে-আইনী৷ যদি কোনোৱে আগতীয়াকৈ আপোনাৰ পৰা অনুমতি লৈ কল ৰেকৰ্ডিং কৰে সেয়া বেলেগ কথা৷ কিন্তু বেছিভাগ লোকেই এই নিয়ম মানি নচলে৷ 

⬛ গোপনে কল ৰেকৰ্ডিং কৰা সন্দৰ্ভত কেনেকৈ জানিব 

কল ৰেকৰ্ডিং কৰিলে বেছিভাগ সময়ত আপোনাৰ ফোনত বিপ বিপ শব্দ শুনা পাব৷ এনে শব্দ শুনিলেই জানিব যে আপোনাৰ ফোন কল ৰেকৰ্ডিং হৈ আছে৷ কল ৰেকৰ্ডিং কৰিলে এটা নিৰ্দিষ্ট সময়ৰ অন্তৰালত এনে শব্দ শুনা যায়৷ এনে শব্দ শুনিলে আপুনি সাৱধান হ’ব৷ সম্প্ৰতি সকলো কল ৰেকৰ্ডিং এপ নিষিদ্ধ কৰিছে গুগলে৷ গতিকে ফোনৰ প্লে-ষ্টোৰত কল ৰেকৰ্ডিং এপ নাই৷ কিন্তু কিছুমান পূৰণি এনড্ৰইড ফোনত নিৰ্মাণৰ সময়ত কল ৰেকৰ্ডিঙৰ সুবিধা আছে৷ এনে ক্ষেত্ৰত মোবাইল ফোনত কথা পাতি থাকিলে কল ৰেকৰ্ডিং কৰা হ’ব পাৰে৷  গুগলৰ মতে গোপনে কল ৰেকৰ্ডিং কৰা কাৰ্যই গ্ৰাহকৰ গোপনীয়তা ভংগ কৰে৷ পূৰ্বে ট্ৰুকলাৰৰ মাধ্যমেৰে কল ৰেকৰ্ডিং কৰাৰ সুবিধা আছিল৷ আজি- কালি ট্ৰুকলাৰৰ জৰিয়তে কল ৰেকৰ্ডিং কৰিব নোৱাৰি৷ আজি-কালি গুগলৰ ডায়েলাৰ ব্যৱহাৰ কৰি কল ৰেকৰ্ডিং কৰিব পাৰি৷ ডায়েলাৰৰ জৰিয়তে কল ৰেকৰ্ডিং কৰি থাকিলে ফোনৰ প্ৰেৰক বা গ্ৰাহকক বিপ বিপ শব্দৰে ইংগিত দি থাকে৷  কিছুমান ফোনত কল ৰেকৰ্ডিং কৰি থাকিলে প্ৰতিপক্ষৰ মোবাইলত ‘আপোনাৰ ফোনকলটো ৰেকৰ্ডিং হৈ আছে’ বুলি স্বয়ংক্ৰিয়ভাৱে কৈ থাকে৷ এনেবোৰ ক্ষেত্ৰত সজাগ হৈ নাথাকিলে ফোনৰ কল ৰেকৰ্ডিঙৰ পৰা কোনোৱে বিপদত পৰিব পাৰে৷