Logo
image

মানাহত বাঢ়িছে ঢেঁকীয়াপতীয়া, ‘শুভম’ক তুলি ল’লে লায়ন্স ক্লাবে

‘আমাৰ অসম’ৰ আনন্দ বজাৰৰ প্ৰতিবেদক, ৩০ জুলাইঃ কালি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ ফাতেমাবাদ চাহ বাগিচা খেলপথাৰত মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃৰ্পক্ষৰ উদ্যোগত তথা বিটিআৰ চৰকাৰৰ সহযোগত বিভিন্ন কাৰ্যক্ৰমণিকাৰে আয়োজন কৰা হয় আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস৷ আজিৰ অনুষ্ঠানত উপস্থিত থাকে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া৷ উল্লেখযোগ্য যে কালি ব্যাঘ্ৰ দিৱসৰ দিনটোতে ৰাজ্যপালে মানাহত কেইবাটাও সম্পূৰ্ণ হোৱা প্ৰকল্প ডিজিটেলাইজড্‌ পদ্ধতিৰে উদ্বোধন কৰাৰ উপৰি মানাহত ২০২৩ বৰ্ষৰ ব্যাঘ্ৰ গণনাৰ ফলাফলো ঘোষণা কৰা হয়৷ সেই অনুসৰি মানাহত প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘৰ সংখ্যা ৫৭টালৈ বৃদ্ধি হোৱা বুলি ঘোষণা কৰা হয়, যি সংখ্যা পূৰ্বৰ বৰ্ষত আছিল ৫২টা৷ ইফালে ডিজিটেল পদ্ধতিৰে আজি ৰাজ্যপালে উদ্বোধন কৰা প্ৰকল্পসমূহৰ ভিতৰত মানাহৰ মথনগুৰিত নিৰ্মিত মানাহ হেৰিটেজ চেণ্টাৰ, দেৱৰয় কনক্লেভ, ফ্ৰেঞ্চ প্ৰকল্প, মানাহৰ বছৰেকীয়া বন্যপ্ৰাণী নিৰীক্ষণৰ ফলাফল, মানাহ টাইগাৰ এটলাছ শীৰ্ষক তথ্যবিষযক কেটেলগৰ উপৰি আইচিআইচিআই বেংকে মানাহ কতৃৰ্পক্ষক পেট্ৰ’লিঙৰ বাবে প্ৰদান কৰা দহখনকৈ বাহনৰ উদ্বোধন আদি অন্যতম৷ উল্লেখ্য ‘আছাম প্ৰজেক্ট’ অন ফৰেষ্ট এণ্ড বায়’ডাইভাৰ্চিটী কনজাৰ্ভেছন’ৰ অধীনত নিৰ্মিত ফ্ৰেঞ্চ প্ৰকল্প ডিজিটেল প্ৰক্ৰিয়াৰে উদ্বোধন কৰে, এই প্ৰকল্পৰ অধীনত ইতিমধ্যে মানাহৰ বিভিন্ন স্থানত কেইবাটাও বিল্ডিং নিৰ্মাণ কৰা হৈছে৷ একেদৰে ৰাজ্যপালগৰাকীয়ে ‘মানাহ টাইগাৰ এটলাছ’ নামৰ পুস্তিকা এখনো উদ্বোধন কৰে, য’ত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বিগত সাতটা বছৰৰ ব্যাঘ্ৰ বিষয়ক তথ্য সন্নিবিষ্ট আছে৷ আজি ঘোষণা কৰা মানাহৰ শেহতীয়া অৰ্থাৎ ২০২৩ বৰ্ষৰ ব্যাঘ্ৰ গণনাৰ ফলাফল অনুসৰি মানাহত বৰ্তমান ৫৭টা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়া বাঘৰ অৱস্থিতিৰ তথ্য সদৰি কৰা হৈছে৷ যিসংখ্যা বিগত বৰ্ষত আছিল ৫২ টা, অৰ্থাৎ শেহতীয়া ব্যাঘ্ৰ গণনাত সাতটা প্ৰাপ্তবয়স্ক বাঘ বৃদ্ধি পাইছে৷ ইফালে ৰাজ্যপাল কাটাৰিয়াই ভাষণ প্ৰসংগত মানাহত বাঘৰ সংখ্যা পূৰ্বৰ তুলনাত বৃদ্ধি হোৱাৰ বাবে বন বিভাগৰ লগতে বিটিআৰপ্ৰধান প্ৰমোদ বড়োক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয়, ৰাইজৰ প্ৰেমৰ বাবেই আজি মানাহৰ লগতে গোটেই ভাৰতবৰ্ষত বাঘৰ সংখ্যা বৃদ্ধি পাইছে৷ কতৃৰ্পক্ষই প্ৰয়োজন অনুসৰি জন্তুবোৰক খাদ্য যোগান ধৰিব লাগে৷ প্ৰয়োজন অনুসাৰে খাদ্য নোপোৱা বাবেই আজিকালি প্ৰায়েই বন্য জীৱ জন্তু জংঘলৰ পৰা ওলাই আহিবলৈ লৈছে৷ ইফালে অনুষ্ঠানত অংশগ্ৰহণ কৰি বিটিআৰপ্ৰধান প্ৰমোদ বড়োৱে ভাষণ প্ৰসংগত কয়, এটা সময়ত মানাহ বুলি ক’লে গুৰুত্ব নাছিল৷ স্থানীয় দল-সংগঠন, এনজিঅ’ৰ বাবেই আজি মানাহ উন্নতিৰ পথত৷ ভাৰতত যিমান বাঘ আছে বেলেগ দেশত নাই৷ মানাহত চোৰাং চিকাৰ বন্ধ কৰিব লাগিব৷ মানাহ সকলোৱে বচাই ৰাখিব লাগিব৷ মানাহত ৰ্ফ’চ কমি আছে৷ পদ খালী হৈ আছে৷ এই সংক্ৰান্তত নি(য় ব্যৱস্থা লোৱা হ’ব৷ মানাহত কিছুদিন ধৰি আন্দোলন চলি আছে৷ আমি আলোচনাৰ মাধ্যমত আগবাঢ়িব লাগিব৷ যাতে মানাহ বিশ্বৰ ভিতৰত জাকতজিলিকা হৈ উঠিব পাৰে৷ উল্লেখ্য, আজিৰ অনুষ্ঠানত ৰাজ্যপালগৰাকীৰ লগত অসম চৰকাৰৰ কেবিনেটমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিআৰৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্ম, গৌতম দাস, আদিবাসী কল্যাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ তিৰ্কী প্ৰমুখ্যে বন বিভাগৰ উচ্ছপদস্থ কেইবাজনো বিষয়া উপস্থিত থাকে৷ ৰাজ্যপালগৰাকীয়ে ভাষণত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সামগ্ৰিক উন্নয়নৰ দিশত কৰণীয় বিভিন্ন দিশৰ বিষয়ে উপস্থাপন কৰে৷

‘শুভম’ক তুলি ল’লে লায়ন্স ক্লাবে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ আন্তৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি লায়ন্স ক্লাব গুৱাহাটীযে চিৰিয়াখানা কতৃৰ্পক্ষৰ সহযোগত অসম ৰাজ্যিক চিৰিয়াখানাত আজি ৰূপায়ণ কৰে এক সজাগতামূলক কাৰ্য্যসূচীৰ৷ জন্তুক আক্ৰমণ কৰাৰ পৰিবৰ্তে মৰম কৰিবলৈ জনতাৰ প্ৰতি আহ্বান জনাই লায়ন্স ক্লাবে৷ চিৰিয়াখানাত থকা শুভম নামৰ এটা ঢেঁকীয়াপতীয়া বাঘক এবছৰৰ বাবে তুলি লৈ নিজা খৰচত লালন পালনৰ দায়িত্ব গ্ৰহণ কৰে৷ লগতে লায়ন্স ক্লাবৰ তৰফৰ পৰা চিৰিয়াখানা কতৃৰ্পক্ষক ৭৫ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে৷ মন কৰিবলগীয়া কথা এই যে, বৰ্তমান অসম ৰাজ্যিক চিৰিয়াখানাত ৯টা বাঘ আছে আৰু প্ৰায় ৯০জন কৰ্মচাৰীয়ে কাম কৰি আছে৷ আজিৰ অনুষ্ঠানত অসম ৰাজ্যিক চিৰিয়াখানাৰ বিষয়া অপৰাজিতা বৰা, লায়ন্স ক্লাব, গুৱাহাটীৰ সভাপতি অজয় পোদ্দৰ, সম্পাদক ৰাজেশ ভূত, লিঅ’ গাৰ্লছ, লিঅ’ বয়ছ, ৰতন গোৱেংকা, কিষান লোহিয়া, পি ডি মিৰানিয়া, দিলীপ চাৰাফ, মদন গাৰ্গ, দলজিৎ সিং, কিশোৰ ছাবু, আনন্দ আয়াৰ আদি উপস্থিত থাকে৷ উল্লেখযোগ্য যে ১৯৭৩ চনত ভাৰতত আছিল সৰ্বমুঠ ২৭৩টা বাঘ৷ আৰু এতিয়া ২০২২ বৰ্ষৰ ছাৰ্ভে অনুসৰি ভাৰতত আছে সৰ্বমুঠ ৩১৬৭টা বাঘ৷ বিশ্বৰ ৭৫শতাংশ বাঘেই আছে ভাৰতত৷  স্বাভাবিকতে প্ৰজেক্ট টাইগাৰ গ্ৰহণৰ পিছত ভৱিষ্যতেওঁ বাঘৰ সংখ্যা অসম তথা ভাৰত বৰ্ষাতো বৃদ্ধি পাব৷