সস্তাৰ স্কুটাৰ বজাৰত, লাইচেন্সৰ প্ৰয়োজন নাই
আমাৰ অসম বিশেষঃ কম দামৰ ফোন আৰু টিভি প্ৰস্তুত কৰাৰ বাবে জনপ্ৰিয় ষ্টাৰ্ট কোম্পানী ‘ডিটেল’য়ে এইবাৰ বিশ্বৰ আটাইতকৈ কম দামৰ ই-স্কুটাৰ ‘ডিটেল ইজি’ মুকলি কৰিছে৷ তেওঁলোকৰ দাবী– এই স্কুটাৰখন কেৱল সস্তাই নহয় গ্ৰাহকৰ বাবে এক বিশ্বাসজনক স্কুটাৰ হ’বলৈ ওলাইছে৷ ডিটেল ইজি স্কুটাৰৰ দাম ১৯,৯৯৯ টকা নিৰ্ধাৰণ কৰা হৈছে৷ এই স্কুটাৰখন কেৱল কম দামৰে নহয় ইয়াক চলোৱা খৰচো অতি ক’ম বুলি কোম্পানী কতৃৰ্পক্ষই দাবী কৰিছে৷ ডিটেল ইজি স্কুটাৰত ৬ ডাল পাইপ নিয়ন্ত্ৰিত ২৫০ ডব্লিউ ইলেক্টিªক মটৰ স্থাপন কৰা হৈছে৷ এই দুচকীয়া ইলেক্টিªক স্কুটাৰৰ সৰ্বাধিক স্পীড ঘণ্টাত ২৫ কিলো মিটাৰ৷ কোম্পানীটোৰ দাবী অনুসৰি এই স্কুটাৰ ফুল চাৰ্জৰ সৈতে ৬০ কিলোমিটাৰ চলিবলৈ সক্ষম৷ ইয়াৰ উপৰি ইয়াত ৪৮ ভি ১২ এ লাইট পিঅ’ চাৰিটা বেটাৰী দিয়া হৈছে– যাক ফুল চাৰ্জ দিবলৈ মাত্ৰ ৮ ঘণ্টা সময় লাগিব৷ এই স্কুটাৰখনৰ অন্যতম এক বিশেষত্ব হ’ল ইয়াক চলাবলৈ কোনো লাইচেন্সৰ প্ৰয়োজন নাথাকিব৷ সকলো গ্ৰাহকে কম দূৰত্বত এই বাহন ব্যৱহাৰ কৰিব পাৰিব৷ গ্ৰাহকে যদি এই স্কুটাৰখন কিনে তেন্তে সুৰক্ষা সচেতনতাৰ বাবে কোম্পানীৰ তৰফৰ পৰা তেওঁক এটা হেলমেট সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব৷ এই স্কুটাৰখনত একে সময়তে দুজনেও যাত্ৰা কৰিব পাৰিব৷ গ্ৰাহকে এই স্কুটাৰখনত তিনিটা ৰঙৰ বিকল্প লাভ কৰিব৷ ৰঙৰ বিকল্প হৈছে জেট ব্লেক, পাৰ্ল হোৱাইট আৰু মেটেলিক গ্ৰে৷