Logo
image

বিধানসভাৰ ৩৫০ কোটিটকীয়া ভৱনৰ শুভ উদ্বোধন ওম বিৰলাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জুলাইঃ ‘বিধানসভাৰ ভৱন হৈছে লোকতন্ত্ৰৰ মন্দিৰ৷ এই মন্দিৰত সমাজৰ অন্তিম ব্যক্তিৰ কল্যাণৰ বাবে কাম কৰা হয়৷ বিধানসভাৰ ভৱন কোনো ব্যক্তিৰ আকাংক্ষা পূৰণ কৰিবলৈ নহয়, জনতাৰ সামূহিক স্বপ্ন পূৰণ কৰিবলৈহে বিধানসভাৰ ভৱন৷’–এই মন্তব্য লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ৷ দেওবাৰে গুৱাহাটীত অসম বিধানসভাৰ নৱনিৰ্মিত ভৱনৰ শুভ উদ্বোধন কৰি ওম বিৰলাই কয়–‘অসম বিধানসভাৰ বহু ডাঙৰ ঐতিহাসিক অৱদান আছে৷ দেশৰ স্বাধীনতাৰ পূৰ্বে ১৯৩৭ চনত শ্বিলঙত এই বিধানসভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল৷ স্বাধীনতাৰ পাছত গুৱাহাটী উচ্ছ ন্যায়ালয় প্ৰতিষ্ঠাৰ লগতে বহু গুৰুত্বপূৰ্ণ বিধেয়ক এই বিধানসভাৰ মজিয়াতে গৃহীত হৈছিল৷ যিবোৰৰ কাৰণে  অসমৰ জনতাই সাংবিধানিক অধিকাৰ লাভ কৰিছিল৷ নৱনৰ্মিত এই বিধানসভাৰ ভৱনটোত অসমৰ সংস্কৃতি, কলা, জনজাতীয় লোকৰ সৃষ্টি সংস্কৃতিৰ পূৰ্ণ প্ৰতিফলন ঘটিছে৷ এই বিধানসভা ভৱনৰ নিজা এক লোকতান্ত্ৰিক ইতিহাস ৰচনা হ’ব৷ অনাগত দিনত অসমে দেশৰ বিকাশত এক অন্যতম গাথা লিখিব৷ ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবলৈ এই বিধানসভাৰ মজিয়াৰ পৰা আমি দলৰ উৰ্ধত উঠি কাম কৰিব লাগিব৷ ইয়াৰ বাবে নতুন ৰাস্তাৰে আগুৱাই নতুন কৃতিমান স্থাপন কৰিব লাগিব৷ এই বিধানসভাৰ ভৱনত নতুন প্ৰযুক্তিৰো সমাহাৰ ঘটিছে৷ ভাৰতৰ লোকতন্ত্ৰ স্বাধীনতাৰ পাছৰ লোকতন্ত্ৰ নহয়, ভাৰতৰ লোকতন্ত্ৰ প্ৰাচীতম লোকতন্ত্ৰ৷ আমাৰ জীৱনশৈলী, পৰম্পৰাত লোকতন্ত্ৰ আছে৷ আমাৰ নিৰ্ণয়ত লোকতন্ত্ৰ আছে৷ ইয়াৰ বাবে ভাৰতৰ লোকতন্ত্ৰ সকলোতকৈ ডাঙৰ আৰু মজবুট৷ আমি ভাৰতৰ লোকতন্ত্ৰৰ শক্তি আৰু সামৰ্থৰ কথা বিশ্ববাসীক জনোৱাৰ বাবে কাম কৰি আছো৷’ উল্লেখ্য লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শ্বিলঙৰ পৰা গুৱাহাটীলৈ অসম বিধানসভাৰ স্থানান্তকৰণলৈ এক সুদীৰ্ঘ ইতিহাস আছে বুলি সদৰি কৰে৷ ভাষণ প্ৰসংগত তেওঁ বিশেষভাৱে লোকপ্ৰিয় গোপীনাথ বৰদলৈ, বিষ্ণুপ্ৰসাদ ৰাভা আৰু ড॰ ভূপেন হাজৰিকাৰ অসম বিধানসভাৰ সৈতে থকা সম্পৰ্কৰ কথা সোঁৱৰে৷ উল্লেখ্য যে ১৪ বছৰজোৰা নিৰ্মাণ কাল আৰু ৩৫০ কোটি টকা ব্যয়ৰ নিৰ্মাণ কৰি উলিওৱা বিধানসভাৰ নতুন ভৱন আজি প্ৰথমে উদ্বোধন কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই৷ ২০১৮ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ আৰু তদানীন্তন বিধানসভাৰ অধ্যক্ষ টংক বাহাদুৰ ৰায়ৰ কাৰ্যকালত আধাৰশিলা স্থাপন হৈছিল বিধানসভাৰ ভৱনৰ৷ লক্ষণীয় যে পূৰ্বেও সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত ২০২১ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভৱনৰ শুভ আৰম্ভণি কৰা হৈছিল৷ তদান্তীন বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীৰ কাৰ্যকালত দিনজোৰা কাৰ্যকালত দিনজোৰা কাৰ্যসূচীৰে বিধানসভাৰ নৱনিৰ্মিত ভৱনত কাৰ্যসূচী চলিছিল৷ অসম বিধানসভাৰ নতুন ভৱনৰ উদ্বোধনী সভাত ভাষণ দি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাক কৃতজ্ঞতা জনাই কয় যে ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ এটি উজ্জ্বল ব্যক্তিসত্ত্বা হৈছে ওম বিৰলা৷ লোকসভাৰ অধ্যক্ষ হিচাপে তেওঁ গ্ৰহণ কৰা কেতবোৰ উল্লেখনীয় পদক্ষেপে সংসদীয় গণতান্ত্ৰিক ব্যৱস্থাটোক উজ্জীৱিত কৰাৰ উপৰি  ইয়াৰ সৌষ্ঠৱ বৃদ্ধিত অৰিহণা যোগাইছে বুলি ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অধ্যক্ষ হিচাপে এই সময়ছোৱাৰ ভিতৰতে জনমুখী আইন প্ৰণয়ন কৰাৰ দিশত তেওঁ নতুন ইতিহাসৰ সূচনা কৰিছে৷ অসমৰ প্ৰতিগৰাকী সাংসদক লোকসভাত বিভিন্ন বিষয় উত্থাপন কৰিবলৈ লোকসভাৰ অধ্যক্ষ গৰাকীয়ে প্ৰেৰণা যোগাই আহিছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উক্তি ভাষণ প্ৰসংগত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ‘আমাৰ পৱিত্ৰ আৰু অংশীদাৰী মূল্যবোধৰ অন্যতম প্ৰতিভু হৈছে গণতন্ত্ৰ৷ জি-২০ সন্মিলনৰ গৌৰৱোজ্জ্বল সময়ছোৱাত সদস্য দেশসমূহে ভাৰতক গণতন্ত্ৰৰ জননী হিচাপে স্বীকৃতি আৰু সন্মান প্ৰদৰ্শন কৰিছে৷ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীক দেখুৱা সন্মানে ভাৰতবৰ্ষক মহিমামণ্ডিত কৰি তুলিছে৷  মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰাচীন কালৰ পৰা ভাৰতবৰ্ষ হৈছে গণতন্ত্ৰৰ পীঠস্থান৷ পৃথিৱীৰ প্ৰাচীনতম আৰু বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত সংসদকে গণতন্ত্ৰৰ সৰ্বোচ্ছ মন্দিৰ ৰূপে আখ্যা দিয়া হয়৷ তেওঁ কয় যে অসম বিধান সভা হৈছে সৰ্বোচ্ছ গণতান্ত্ৰিক মঞ্চ৷ অসম বিধান সভাৰ এক গৰিমামণ্ডিত ইতিহাস আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতবৰ্ষৰ বিধান সভাসমূহৰ ভিতৰত অসম বিধান সভা হৈছে অনত্যম পুৰণি বিধান সভা৷ পৱিত্ৰ অসম বিধান সভাই ৰাজ্যখনৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক, অৰ্থনৈতিক ভেটি শক্তিশালী কৰণৰ দিশত অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সকলো স্তৰৰ জনসাধাৰণক লগত লৈ সমান্তৰালভাৱে অসমৰ উন্নয়নৰ প্ৰক্ৰিয়াটোত এই বিধান সভাই এটা ডাঙৰ ভূমিকা পালন কৰিছে৷ সময়ৰ প্ৰয়োজনীয়তা পূৰণ কৰি আৰু পৰিৱৰ্তিত সময়ৰ লগত খাপ খুৱাই আগবঢ়াৰ উদ্দেশ্যে ভাৰত চৰকাৰ চেট্ৰেল ভিষ্টা প্ৰকল্পৰ নিচিনা অসম চৰকাৰেও সকলো আধুনিক সা-সুবিধাযুক্ত অত্যাধুনিক বিধান সভা ভৱন নিৰ্মাণৰ এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছিল৷ এই বিধান সভা ভৱন ই-বিধান ব্যৱস্থা, অত্যাধুনিক দৃশ্য-শ্ৰাব্য আৰু সম্প্ৰচাৰ প্ৰযুক্তিৰে সজ্জিত৷ এই বিধান সভাত অধ্যক্ষ, উপাধ্যক্ষ আৰু মুখ্যমন্ত্ৰীৰ বাবে অত্যাধুনিক কাৰ্যালয় চৌহদ, মন্ত্ৰীসকলৰ কক্ষ, শাসক দল, বিৰোধী দল আৰু অন্যান্য দলৰ বাবে সভাকক্ষ, অত্যাধুনিক চেন্ট্ৰেল হল, বিধানসভাৰ সকলো কমিটীৰ বাবে সময়োপযোগী সভাকক্ষ, ভিডিঅ’ কনফাৰেঞ্চিং আদি সুবিধাযুক্ত আধুনিক কাৰ্যালয় নিৰ্মাণ শৈলীয়ে আত্মবিশ্বাসী অসমৰ পৰিচয় দাঙি ধৰে বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এই ভৱনে বিকশিত আৰু আত্মবিশ্বাসী অসমৰ  নিদৰ্শন তুলি ধৰিছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজধানী গুৱাহাটী মাজমজিয়াত অৱস্থিত এই নতুন বিধান সভা প্ৰকল্পৰ আৰ্হি এটা কীৰ্তিচিহ্নৰ দৰে৷ ই অসমৰ ধ্ৰুপদী তথা থলুৱা স্থাপত্যৰ পৰম্পৰা আৰু আধুনিকতাৰ সংগমক প্ৰতিফলিত কৰিছে৷ বিধান সভাৰ কক্ষসমূহ চহকী আৰু বৈচিত্ৰময় অসমীয়া শিল্প পৰম্পৰাৰে সজাই তোলা হৈছে৷ অসমৰ জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতি প্ৰতিফলিত হোৱা এই ভৱন ভাৰতৰ মহান গণতন্ত্ৰৰ মূল্যবোধৰ প্ৰতীক স্বৰূপ বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসম বিধান সভাৰ এক চহকী ইতিহাস আছে৷ বিগত সময়ছোৱাত কেইবাজনো মহান ব্যক্তিয়ে বিধান সভাৰ মজিয়া সুশোভিত কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই প্ৰাজ্ঞ ব্যক্তিসকলৰ মাজত অসমৰ প্ৰথম প্ৰধানমন্ত্ৰী ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ আছিল এক সুকীয়া স্থান৷ ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ স্মৃতি বিজড়িত অসম বিধান সভা ইতিহাসৰ বহু উল্লেখযোগ্য ঘটনাৰ সাক্ষী হৈ আছে বুলি তেওঁ কয়৷ তেওঁ লগতে কয় যে এই বিধান সভাৰ মজিয়াৰ পৰাই বিধানসভাৰ সদস্যসকলে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰা লাইন প্ৰথা বিলুপ্তিৰ বিৰুদ্ধে, অথবা কেবিনেট মিশ্যনৰ গ্ৰুপিং প্ৰস্তাৱৰ ভিত্তিত অসমখন পূব পাকিস্তানত যাতে অন্তৰ্ভুক্ত নহয় তাৰ বাবে বিৰামবিহীন যুঁজ দিছিল৷ গণতন্ত্ৰৰ এই মন্দিৰৰ পৰাই তেখেতসকলে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অধিকাৰৰ বাবেও নিৰৱচ্ছিন্নভাৱে কাম কৰি গৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসম বিধানসভাৰ মজিয়াতে অসমত বিশ্ববিদ্যালয় স্থাপনৰ প্ৰথম চৰকাৰী প্ৰয়াস আৰম্ভ হৈছিল৷ অসম বিধান সভাত গোপীনাথ বৰদলৈয়ে উত্থাপন কৰা প্ৰস্তাৱৰ ভিত্তিত গুৱাহাটীত উচ্ছ ন্যায়ালয় স্থাপনৰ সিদ্ধান্ত হৈছিল বুলিও তেওঁ কয়৷ বিধানসভাত শাসক-বিৰোধীৰ পূৰ্ণ সমৰ্থনত অসমত তেল শোধানাগাৰ স্থাপনৰ প্ৰস্তাৱ গৃহীত হৈছিল বুলি উল্লেখ কৰি তেওঁ কয় যে ক্ষমতা বিকেন্দ্ৰীকৰণেৰে গাঁও পঞ্চায়তসমূহক অধিক শক্তিশালী কৰা, গো-সুৰক্ষা নিশ্চিত কৰা, অসমৰ ভূমি ৰাহজ ব্যৱস্থাৰ পৰা জমিদাৰী প্ৰথা বিলুপ্ত কৰা, ৰাজ্যত বিভিন্ন উচ্ছ শিক্ষাৰ প্ৰতিষ্ঠান গঢ়ি তোলা, শিক্ষানুষ্ঠানসমূহত ৰেগিঙৰ দৰে ভয়ানক ব্যাধি বন্ধ কৰা, সু-প্ৰশাসনৰ বাবে লোকসেৱা অধিকাৰ আইন প্ৰণয়ন কৰা, ব্যৱসায়-বাণিজ্য আৰু উদ্যোগীকৰণৰ অনুকুল পৰিৱেশ নিৰ্মাণৰ বাবে তথা ৰাজ্যৰ আৰ্থ-সামাজিক দিশ চুই যোৱা বহু গুৰুত্বপূৰ্ণ আইন অসম বিধান সভাৰ পবিত্ৰ মজিয়াত বিগত বছৰবোৰত প্ৰণয়ন হৈছে৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসম বিধান সভাক বহু উজ্জ্বল জ্যোতিষ্কই মহিমামণ্ডিত কৰি গৈছে৷ গৌৰীশংকৰ ভট্টাচাৰ্য সেইসকলৰ অন্যতম বুলি উল্লেখ কৰি তেওঁ কয় যে বিধান সভাৰ সদস্য হিচাপে তেওঁৰ ২৬ বছৰীয়া কাৰ্যকালত তথা বিৰোধীপক্ষৰ নেতা হিচাপে গৌৰীশংকৰ ভট্টাচাৰ্যই সমাজৰ বঞ্চিত আৰু দৰিদ্ৰ শ্ৰেণীৰ অধিকাৰৰ হকে দায়বদ্ধতাৰে কাম কৰিছিল৷ অসমৰ সাংস্কৃতিক আৰু সাহিত্য জগতৰ তিনি নক্ষত্ৰ ক্ৰমে ড॰ ভূপেন হাজৰিকা, বিষ্ণুপ্ৰসাদ ৰাভা আৰু  লক্ষ্যধৰ চৌধুৰীও অসম বিধান সভালৈ নিৰ্বাচিত হৈছিল৷ বিষ্ণুৰাম মেধি, ভীমবৰ দেউৰী, ৰূপনাথ ব্ৰহ্ম, অমিয় কুমাৰ দাস, পুষ্পলতা দাস, ফখৰুদ্দিন আলী আহমেদ, শৰৎ চন্দ্ৰ সিংহ, বিমলা প্ৰসাদ চলিহা, মহেন্দ্ৰ মোহন চৌধুৰী, দেৱকান্ত বৰুৱা, হিতেশ্বৰ শইকীয়া, তৰুণ গগৈৰ দৰে জননেতাসকলে এসময়ত অসম বিধানসভাৰ মজিয়া শুৱনি কৰিছিল বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে বিধান সভাত হোৱা কেতবোৰ উচ্ছমানৰ বিতৰ্কৰ উদাহৰণো উল্লেখ কৰে৷ বহু মনীষীয়ে তেওঁলোকৰ উপস্থিতিৰে অসম বিধান সভাক সমৃদ্ধ কৰি থৈ গ’ল৷ সেইসকলৰ চিন্তাত  অসম আৰু অসমৰ জনতাৰ স্বাৰ্থই সদায় অগ্ৰাধিকাৰ লাভ কৰি আহিছে৷ তেওঁ কয় যে অসমৰ ৰাইজৰ আশা-ভৰসাৰ থলীৰূপে অসম বিধান সভাৰ ঐতিহ্য আৰু গৰিমা অক্ষুণ্ণ ৰখাটো সকলোৰে কৰ্তব্য৷ অসমৰ ভাগ্য নিয়ন্তাৰ ৰূপত অসম বিধান সভাই জাতীয় জীৱনৰ উত্তৰণৰ হকে কাম কৰি যোৱাটো সময়ৰ আহ্বান বুলি তেওঁ কয়৷ আজিৰ এই অনুষ্ঠানত ভাষণ দি অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কয় যে অসম বিধানসভা অসমৰ অতীত ইতিহাসৰ সাক্ষী৷ এই বিধানসভাৰ মজিয়াতে অসমৰ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক বিকাশৰ ধাৰা প্ৰৱাহিত হৈ আহিছে৷ আজিৰ অনুষ্ঠানত অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, জাহাজ, বন্দৰ আৰু জল পৰিবহণ দপ্তৰৰ কেন্দ্ৰীয়  মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পেট্ৰ’লিয়াৰ আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰীসকল,  সাংসদসকল, বিধায়কসকল, চৰকাৰৰ শীৰ্ষ বিষয়াসকল আৰু গণ্য মান্য ব্যক্তি সকল উপস্থিত থাকে৷

মই গৌৰৱ অনুভৱ কৰিছোঁঃ মন্ত্ৰী ৰঞ্জিত দাস

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ অসম বিধান সভাৰ নৱনিৰ্মিত স্থায়ী ভৱন দেওবাৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰাত ‘অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ হিচাপে মই অতি গৌৰৱ অনুভৱ কৰিছো’ বুলি মন্তব্য কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়– আজিৰ এই দিনটো অসমৰ বাবে অতি পবিত্ৰ আৰু ঐতিহাসিক দিন হিচাপে চিহ্নিত হৈ ৰ’ব৷ অসম বিধান সভাৰ নৱনিৰ্মিত এই স্থায়ী ভৱনক গণতন্ত্ৰৰ পবিত্ৰ মন্দিৰ আখ্যা দি মন্ত্ৰী দাসে কয় যে ঐতিহ্য-পৰম্পৰা আৰু আধুনিক প্ৰযুক্তিৰ সমন্বয়ত বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে সজোৱা এই নতুন ভৱনটোৱে অসমৰ ঐতিহ্যময় কলা, কৃষ্টি-সংস্কৃতি তথা জাতীয় জীৱনকো প্ৰতিফলিত কৰিব৷ নতুন ভৱনটোৱে জনপ্ৰতিনিধিসকলক অসমৰ জনসাধাৰণৰ বিভিন্ন সমস্যা, অভাৱ- অভিযোগৰ সমাধান কৰাৰ সুযোগ দিয়াৰ লগতে জাতীয় জীৱনৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় চিন্তা-চৰ্চা আৰু আলোচনা কৰাৰ এক মঞ্চ হ’ব বুলি মন্ত্ৰী দাসে আশা প্ৰকাশ কৰে৷