Logo
image

ইউক্ৰেইনৰ ড্ৰোন আক্ৰমণত অচল মস্কোৰ বিমানবন্দৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩১ জুলাইঃ ৰাছিয়াৰ বছৰজোৰা উপৰ্যুপৰি আক্ৰমণত শলঠেকত পৰি থকা ইউক্ৰেইনে এইবাৰ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে৷ কিন্তু ৰাছিয়াৰ দৰে বিশাল সেনাবাহিনী প্ৰেৰণ কৰি নহয়, ইউক্ৰেইনে প্ৰত্যাক্ৰমণ কৰিছে ড্ৰোনৰে, তাকো ৰাছিয়াৰ ৰাজধানী খোদ মস্কোত৷ দেওবাৰে পুৱতি নিশা মস্কোৰ নুকোভো বিমান বন্দৰৰ কাষত ইউক্ৰেইনে উপৰ্যুপৰি দুটা ড্ৰোন আক্ৰমণ সংঘটিত কৰে৷ দুটা পৃথক বহুমহলীয়া অট্টালিকাত চলোৱা  এই আক্ৰমণত দুয়োটা অট্টালিকাই ক্ষতিগ্ৰস্ত হয় আৰু নুকোভো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ অচল হৈ পৰে৷ দুয়োখন ড্ৰোন বিস্ফোৰকভৰ্তি আছিল আৰু অট্টালিকাত খুন্দা মৰাৰ লগে লগে বিস্ফোৰণ সংঘটিত হয়৷ ধাৰণা কৰা অনুসৰি দুয়োখন আছিল ‘গাইডেড’ ড্ৰোন৷ ইউক্ৰেইনৰ এই আক্ৰমণৰ খবৰ ৰাছিয়াৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান ‘টাছে’ প্ৰকাশ কৰিছে৷ ফলত এই খবৰৰ সত্যতা নথকাৰ প্ৰশ্নই নুঠে৷ 

দুখনকৈ ‘গাইডেড’ ড্ৰোনৰ আক্ৰমণৰ লগে লগে নুকোভো আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ বহুসময়ৰ বাবে বন্ধ কৰি দিয়া হয়৷ মস্কোৰ মেয়ৰে প্ৰকাশ কৰা অনুসৰি বহুকেইখন বিমান নুকোভোত অৱতৰণ কৰিবলৈ নিদি ঘূৰাই পঠোৱা হয়৷ সংবাদ সংস্থা ‘টাছে’ মস্কোক উদ্ধৃত কৰি প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ক্ৰেমলিনে এই আক্ৰমণৰ বাবে ইউক্ৰেইনকে দায়ী কৰিছে৷ অৱশ্যে এই আক্ৰমণত কোনোলোক হতাহত হোৱা নাই৷ ড্ৰোন আক্ৰমণৰ বহুকেইটা ভিডিঅ’ ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে৷ ইয়াৰ পাছতে মস্কোৰ মেয়ৰ ছেৰ্গেই ছোৰিয়ানিনে কয়–‘ বিমান বন্দৰৰ তেনেই সমীপত ইউক্ৰেইনে আক্ৰমণ চলাইছে৷ ড্ৰোনৰ আক্ৰমণত দুটা অট্টালিকাৰ কিছু ক্ষতি হৈছে৷ এইটো সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে আমি গণ্য কৰিছো৷ এখন ড্ৰোন আমি গুলী কৰি ভূপাতিত কৰিছো৷ আনখন অট্টালিকাত খুন্দা খাই বিস্ফোৰণৰ লগে লগে ভাগি পৰে৷’

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়েও এই আক্ৰমণৰ কথা স্বীকাৰ কৰি আক্ৰমণৰ বাবে ইউক্ৰেইনক জগৰীয়া কৰিছে৷ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ মতে মুঠতে চাৰিটা ড্ৰোনেৰে ইউক্ৰেইনে আক্ৰমণ চলাইছিল, য’ৰ দুটা বিস্ফোৰণৰ পূৰ্বেই নিয়ন্ত্ৰণ হেৰুৱাই ভাগি পৰে৷ বাকী দুটাৰ এটা ৰাছিয়াৰ সেনা বাহিনীয়ে গুলীয়াই ভূপাতিত কৰে আৰু এটাই অট্টালিকাত খুন্দা মাৰি বিস্ফোৰণ ঘটি ভাগি পৰে৷ ৰাছিয়াৰ উপৰ্যুপৰি আক্ৰমণত কিছুদিন আগলৈকে থৰকাছুটি হেৰুওৱা ইউক্ৰেইনে এতিয়া ওভোটাই ৰাছিয়াক আক্ৰমণ কৰাৰ ঘটনাত আনৰ কথা বাদেই, স্বয়ং মস্কোও স্বম্ভিত হৈছে৷