Logo
image

এখন এখনকৈ হেৰাইছে মহানগৰীৰ খেলপথাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩১ জুলাইঃ স্বাস্থ্য আৰু মন ভালে ৰাখিবলৈ আটাইতকৈ উত্তম মাধ্যমটোৱেই হৈছে  ক্ৰীড়া৷ ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল, ব্যৱসায়ীয়ে দৈনন্দিন ব্যস্ততাৰ অন্তত দেহা আৰু মন ভালে ৰাখিবলৈ ক্ৰীড়া চৰ্চা কৰে৷ কিন্তু গুৱাহাটী মহানগৰীৰ বাবে দুঃখবৰ যে ছাত্ৰ-ছাত্ৰী, চাকৰিয়াল ব্যৱসায়ীয়ে ক্ৰীড়াৰ চৰ্চা কৰিবলৈ নোহোৱা হৈ আহিছে খেলপথাৰ৷ ৰহস্যজনক কাৰণত এখন এখনকৈ হেৰাইছে মহানগৰীৰ খেলপথাৰ৷ শেহতীয়াভাৱে জনতা ভৱনৰ গাতে লাগি থকা খেলপথাৰখনো নাইকীয়া কৰাৰ পৰিকল্পনা কৰিছে অসম চৰকাৰে৷ উক্ত খেলপথাৰখনত এখন উদ্যান স্থাপন কৰা হ’ব বুলি দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে৷ অৰ্থাৎ এই খেলপথাৰখন আচিৰেই নোহোৱা হ’ব৷ আজিৰ তাৰিখত কেইজনমান ল’ৰা-ছোৱালীয়ে হাতত ফুটবল লৈ খেলিব পৰা  এইখনেই আছিল একমাত্ৰ খেল পথাৰ৷ সাধাৰণ দৃষ্টিত  বাকী কিছু সংখ্যক খেলপথাৰ আছে যদিও তালৈ গৈয়েই আপুনি কোনো পধ্যে খেল খেলিব নোৱাৰিব৷ কিয়নো, মন ভাল লাগিবৰ বাবে খেলিবলৈ হ’লে  আপুনি প্ৰথমে বিভিন্ন পক্ষৰ পৰা অনুমতি ল’ব লাগিব যিটো হয়তো এদিনতে হৈ উঠাৰ সম্ভাৱনা অতি কম৷ গুৱাহাটীৰ প্ৰায় মাজমজিয়াত থকা জজ ফিল্ড পৰিচালনাৰ দায়িত্বত আছে কামৰূপ মহানগৰ জিলা প্ৰশাসন৷ গুৱাহাটী টাউন ক্লাবে খেলপথাৰখন চোৱা চিতা কৰা হেতুকে সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে তাত খেল-ধেমালি কৰাটো কাৰ্যতঃ নিষিদ্ধ৷ সোনাৰাম হাইস্কুল খেলপথাৰ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তত্বাৱধানতে আছে যদিও খেলপথাৰখন বাণিজ্যিক কাৰণত সৰ্বাধিক সময়ত ব্যৱহৃত হয়৷ নেহৰু ষ্টেডিয়ামৰ খেলপথাৰ তত্বাৱধানৰ দায়িত্বত বোৰ্ড অৱ স্পৰ্টছ৷ তাত গুৱাহাটী ক্ৰিকেট কচিং চেষ্টাৰৰ প্ৰশিক্ষণ চলি থাকে৷ গতিকে কোনোৱে ফুটবল বা আন কিবা খেল খেলিবলৈ যোৱাত সমস্যা আছে৷ সৰুসজাইৰ খেলপথাৰ অসম ক্ৰীড়া প্ৰাধীকৰণৰ তত্বাৱধান পৰিচালিত হৈ আছে৷ তাত খেলৰ চৰ্চা কৰিবলৈ হ’লে যাৱতীয় অনুমতিৰ প্ৰয়োজন৷ খানাপাৰাস্থিত  পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত সাধাৰণ লোকতো বাদেই মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীয়েও খেল-ধেমালি কৰিবলৈ অনুমতি বিচাৰি কতৃৰ্পক্ষৰে তাঁতবাতি কাঢ়িব লাগে৷ খেলপথাৰখনৰ  এটা অংশ চৰকাৰে হেলিপেড ৰূপে ব্যৱহাৰ কৰিছে৷ বাকী থকা অংশত চৰকাৰ আৰু দলৰ বিভিন্ন কাৰ্যসূচী চলি থাকে৷ তাৰ মাজে মাজে চলে প্ৰদৰ্শনী, এক্সপো আদি৷ গুৱাহাটীত সৌ সিদিনালৈ চলি আছিল আন্তঃবিদ্যালয় স্কুল টুৰ্নামেণ্ট৷ একমাত্ৰ খেলপথাৰৰ অভাৱৰ বাবে বন্ধ হৈ গৈছে গুৱাহাটীত অনুষ্ঠিত হৈ অহা আন্তঃবিদ্যালয় স্কুল টুৰ্নামেণ্ট৷ দিছপুৰত বহি থকা চৰকাৰখনে গুৱাহাটীক দেশৰ  ক্ৰীড়াৰ ৰাজধানীৰূপে গড়ি তোলা হ’ব বুলি দাবী কৰে৷ প্ৰশ্ন হয় গুৱাহাটীৰ ক্ৰীড়ানুৰাগীয়ে খেলৰ চৰ্চা কৰিবলৈ যদি সামান্য সুবিধাই নাপায় গুৱাহাটীক ক্ৰীড়াৰ ৰাজধানী ৰূপে গঢ়ি তোলা সম্ভৱনে?  ৰাষ্ট্ৰীয় ক্ৰীড়া, দক্ষিণ এছীয় ক্ৰীড়া, অনূধবৰ্ ১৭ বছৰৰ ফিফা বিশ্বকাপ ফুটবলৰ দৰে আগশাৰীৰ প্ৰতিযোগিতা সফলতাৰে আয়োজন কৰা গুৱাহাটীত এতিয়া কাৰ্যতঃ নোহোৱা হৈছে ক্ৰীড়া চৰ্চাৰ আন্তঃগাথনি৷ চৰকাৰে খেলুৱৈৰ সুবিধাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত উন্নত মানৰ খেলপথাৰৰ ব্যৱস্থা কৰা হ’ব বুলি কৈ থাকে৷  কিন্তু গুৱাহাটীতে যদি খেল-ধেমালি কৰিবলৈ  পৰ্যাপ্ত খেলপথাৰ নাথাকে তেতিয়াহ’লে খেলুৱৈসকলে অনুশীলন চলাব ক’ত? ৰাজধানী চহৰ গুৱাহাটীত খেলুৱৈৰ বাবে উপযুক্ত খেলপথাৰ আৰু মুকলি ঠাইৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰা হয়৷ এই বিষয়টো চৰকাৰে গুৰুত্ব সহকাৰে লোৱা উচিত৷ চহৰখনত পৰ্যাপ্ত মুকলি ঠাই নথকাৰ বাবে অনুশীলনৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় খেলুৱৈসকল৷ গুৱাহাটীৰ ফুটবল ক্লাবকেইটাৰ খেলুৱৈসকলে অনুশীলনৰ বাবে মূলতঃ নিৰ্ভৰ কৰে নেহৰু ষ্টেডিয়ামৰ ওপৰত৷ কিন্তু সকলো খেলুৱৈয়ে তাত একেটা সময়তে অনুশীলন চলোৱা সম্ভৱ নহয়৷ তদুপৰি সকলো সময়তে খেলুৱৈৰ অনুশীলনৰ বাবে নেহৰু ষ্টেডিয়াম মুকলি নাথাকিবও পাৰে৷ খেলপথাৰৰ এই অভাৱৰ বাবেই গুৱাহাটীত বহু সময়ত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সমস্যাই দেখা দিয়ে৷ জজ খেলপথাৰৰ লগতে লতাশিল খেলপথাৰখনো খেল-ধেমালিৰ বাবে সংৰক্ষিত ৰখা হৈছে যদিও গুৱাহাটীৰ সকলো স্থানৰ খেলুৱৈৰ অনুশীলনৰ বাবে এই দুখন খেলপথাৰ যথেষ্ট হ’ব নোৱাৰে৷ গুৱাহাটীত নিৰ্মাণ হোৱা ক্ৰীড়া আন্তঃগাঁঠনিবোৰৰ উপযুক্ত চোৱা-চিতাৰ ব্যৱস্থা কৰাৰো দায়িত্ব চৰকাৰৰ৷