Logo
image

পাকিস্তানত বোমা বিস্ফোৰণত অৰ্ধশতাধিকৰ মৃত্যু

ইছলামাবাদ, ৩১ জুলাইঃ পাকিস্তানৰ বাজাউৰ জিলাৰ খাইবাৰ পাখতুনৱাত দেওবাৰে সংঘটিত এক আত্মঘাতী বোমা বিস্ফোৰণত অৰ্ধশতাধিক লোকৰ মৃত্যু ঘটিছে৷ আনহাতে আহত হয় দুই শতাধিক লোক৷ প্ৰাপ্ত বাতৰি মতে দেওবাৰে খাইবাৰ পাখতুনৱাত জমিয়ত উলেমা ইছলাম-ফজল নামৰ এটা ৰাজনৈতিক দলে আয়োজন কৰিছিল এখন সমাৱেশৰ৷ উক্ত সমাৱেশখনক উদ্দেশ্যি সন্ত্ৰাসবাদীয়ে বিয়লি সংঘটিত কৰে আত্মঘাতী বিস্ফোৰণৰ ঘটনাটো৷ বিস্ফোৰণটোৰ ফলত দলটোৰ এজন শীৰ্ষনেতা মৌলানা জিয়াউল্লাহ জানৰো মৃত্যু ঘটা বুলি জানিব পৰা গৈছে৷ বিস্ফোৰণটোৰ পাছতে সমাৱেশস্থলীৰ লগতে সমগ্ৰ অঞ্চলটোত হুৱা-দুৱা তথা আতংকৰ সৃষ্টি হয়৷ ঘটনাস্থলীত লগে লগে উপস্থিত হয় নিৰাপত্তা বাহিনী আৰক্ষী আৰু শীৰ্ষ প্ৰশাসনীয় বিষয়াসকল৷ বাজাউৰ জিলাৰ জৰুৰী বিষয়া শ্বাদ খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে আহতসকলৰ অৱস্থালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা আছে৷  আহতসকলক লগে লগে পেছোৱাৰ আৰু টিমাৰগেৰাৰ হাস্পতালসমূহলৈ ততাতৈয়াকৈ প্ৰেৰণ কৰা হয়৷ উল্লেখ্য যে জমিয়ত-উলেমা ইছলাম নামৰ দলটোৰ ওপৰত এনে আক্ৰমণ এয়াই প্ৰথম নহয়৷ ইয়াৰ পূৰ্বেও এই ৰাজনৈতিক দলটোৰ একাধিক নেতা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছিল৷