Logo
image

কৃষকক সন্ত্ৰাসবাদী আখ্যা! ছটা ব্ৰেণ্ডৰ কনট্ৰেক্ট বাতিল কংগনাৰ

আমাৰ অসম, ২৮ জানুৱাৰীঃ সুশান্ত সিং ৰাজপুটৰ আত্মহত্যাৰ পিছতে অভিনেত্ৰী কংগনা ৰাণাৱটৰ নাম সৰ্বাধিক চৰ্চালৈ আহিছিল৷ তেতিয়াৰ পৰাই দেশৰ সকলো কথাতেই কংগনা নিজৰ মন্তব্য প্ৰকাশ কৰিছিল৷ কংগনাই আনকি টুইটযোগে কৃষক আন্দোলনৰো বিৰোধিতা কৰিছিল৷ গণৰাজ্য দিৱসৰ দিনা কৃষকে লালকিল্লাত দেশৰ প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ দিনা ৰাষ্ট্ৰীয় পতকা উত্তোলন কৰা ঠাইত প্ৰতিবাদকাৰী কৃষকে নিশান ছাহিবৰ পতাকা উত্তোলন কৰাৰ পিছতে কংগনা ৰাণাৱটে এই আন্দোলনকলৈ বহুকেইটা টুইট কৰি কৃষকৰ লগতে গায়ক দিলজিৎ আৰু অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাক সমালোচনাৰ লক্ষ্য কৰি লৈছে৷ পুনৰ এটা টুইটত অভিনেত্ৰীগৰাকীয়ে লিখিছে–‘মোৰ সৈতে ছয়টা ব্ৰেণ্ডে কনট্ৰেক্ট বাতিল কৰিলে৷ মোক কোৱা হৈছে যে মই কৃষকক সন্ত্ৰাসবাদী বুলি কৈছিলো আৰু সেইবাবে তেওঁলোকে মোক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ৰাখিব নোৱাৰে’৷ অভিনেত্ৰীগৰাকীয়ে আৰু কৈছে– ‘মই আজি এইটো কথা ক’ম যে যিসকল ভাৰতীয়ই এই হিংসাত্মক ঘটনাক সমৰ্থন কৰিছে তেওঁলোক সন্ত্ৰাসবাদী আৰু সেই ব্ৰেণ্ডকেইটাও দেশদ্ৰোহী’৷ কংগনাৰ এই টুইেট  ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে আৰু বহুলোকে এই বিষয়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷