Logo
image

ছাত্ৰাবাস, পেয়িং গেষ্টৰ মাচুলতো ১২ শতাংশ জিএছটি আৰোপ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩১ জুলাইঃ শিক্ষাৰ্থীৰ বাবে এটা বেয়া খবৰ৷ ছাত্ৰাবাসৰ মাচুলৰ সৈতে এতিয়াৰে পৰা শিক্ষাৰ্থীয়ে ভৰিব লাগিব অতিৰিক্ত ১২ শতাংশ জিএছটি৷ এইবাৰ হোষ্টেল আৰু পেয়িং গেষ্টৰ ভাড়া অৰ্থাৎ মাচুলৰ বিপৰীতে ১২ শতাংশ পণ্য আৰু সেৱা কৰ চমুকৈ জিএছটি আৰোপ কৰা হ’ব৷ অথৰিটী ফৰ এডভান্স ৰুলিং চমুকৈ এ এ আৰৰ তৰফৰ পৰা এই কথা স্পষ্ট কৰি দিছে৷ যিহেতু হোষ্টেল আৰু পিজিসমূহক আৱাসিক ইউনিট হিচাপে ধৰা নহয়, সেয়েহে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা জিএছটি আৰোপ কৰা হ’ব৷ অথৰিটী ফৰ এডভান্স ৰুলিঙৰ বেংগালুৰু বিচাৰপীঠে এটা ৰায়ত স্পষ্ট কৰি দিছে যে– কেৱল আৱাসিক বাসস্থানসমূহকহে জিএছটিৰ পৰা ৰেহাই দিয়া হৈছে৷ শেহতীয়াকৈ   চৰকাৰে প্ৰতিদিনে ১০০০ টকা ভাড়া আদায় লোৱা হোষ্টেল আৰু গেষ্ট হাউছৰ পৰা জিএছটি ৰেহাই প্ৰত্যাহাৰ কৰিছে৷ ২০২২ চনৰ ১৭ জুলাইৰ পৰা সমগ্ৰ দেশতে এই নিৰ্দেশনা কাৰ্যকৰী হৈছে৷ সেয়েহে এতিয়াৰে পৰা হোষ্টেল, পিজি, অতিথিশালা আদিক জি এছটি ৰেহাই দিয়া নহ’ব৷ মুঠ ভাড়াৰ ওপৰত অতিৰিক্ত ১২শতাংশ জিএছটি আদায় লোৱা হ’ব৷ কেৱল হোষ্টেল বা পিজিৰ ভাড়াৰ ওপৰতেই এই জিএছটি নহয়, হোষ্টেল, পিজিসমূহত আৱাসী তথা ভাৰাতীয়াই ৱাশ্বিং মেচিন, টিভি, এচি ইত্যাদি ব্যৱহাৰ কৰিলেও অতিৰিক্ত কৰ ভৰিব লাগিব বুলিও অথৰিটী ফৰ এডভান্স ৰুলিঙে একেটা নিৰ্দেশনাত স্পষ্ট কৰি দিছে৷ স্বাভাৱিকতেই এই নিৰ্দেশনাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ হোষ্টেলৰ নামত খৰচ পূৰ্বতকৈ বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিল৷ যি সময়ত শিক্ষানুষ্ঠানত মাচুল বৃদ্ধিয়ে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকক কোঙা কৰি তুলিছে, ঠিক তেনেসময়ত হোষ্টেলৰ মাচুলৰ সৈতে জিএছটিৰ নামত ছাত্ৰ-ছাত্ৰীৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা জাপি দিয়া বুলিও অভিযোগ উঠিছে৷