Logo
image

বজৰংগ দলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ দাবী চি পি আই (এম এল)ৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ মঙ্গলদৈত বজৰংগ দলে ৪০০ যুৱকক আগ্নেয়াস্ত্ৰ প্ৰশিক্ষণ দিয়া ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে চি পি আই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিয়ে৷ ইয়াক নিৰ্দিষ্ট এটা সম্প্ৰদায়ৰ বিৰুদ্ধে সাম্প্ৰদায়িক হিংসা আৰু ঘৃণা বিয়পোৱাৰ গভীৰ ষড়যন্ত্ৰ হিচাপে অভিহিত কৰিছে। এটা বিবৃতিত সমিতিৰ সম্পাদক বিবেক দাসে কয় যে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবিধানিক পদবীত থাকি এটা সম্প্ৰদায়ৰ বিৰুদ্ধে অহৰহ ঘৃণা বিয়পাই আছে আৰু আনফালে এটা উৎকট সাম্প্ৰদায়িক দলক বেআইনী অস্ত্ৰ প্ৰশিক্ষণ দিবলৈ অনুমতি দিয়া কাৰ্যই বিপদজনক সংকেত বহন কৰিছে। বজৰংগ দল ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত সামৰিক বাহিনী নে আৰক্ষী বাহিনী যে মুকলভাৱে অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিব পাৰে। বজৰংগ দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ দৰে বেআইনী কাৰ্য নিষিদ্ধ কৰিবলৈ আৰু এই কাৰ্যৰ লগত জড়িত সকলো নেতা আৰু কৰ্মীক গ্ৰেপ্তাৰ কৰিবলৈ চিপিআই (এম-এল)য়ে দাবী জনায়।   

লগতে তেওঁ দাবী কৰে যে এই অস্ত্ৰ চালনাৰ প্ৰশিক্ষণৰ বাবে যদি প্ৰশাসনে অনুমতি দিছে তেন্তে তেনে প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধেও আইনী ব্যৱস্থা ল'ব লাগে। যিখন চৰকাৰে আন দল বা সংগঠনক অনুমতি বিচৰাৰ পিছতো গণতান্ত্ৰিকভাৱে সভা সমিতি, সমদল কৰা আনকি শান্তি-সমদল পৰ্যন্ত কৰিবলৈ অনুমতি নিদিয়ে তেন্তে বে-আইনী অস্ত্ৰ চালনা প্ৰশিক্ষণৰ অনুমতি কেনেকৈ দিয়ে বুলি প্ৰশ্ন কৰিছে সমিতিৰ সম্পাদকে। লগতে তেওঁ কয় যে এই ঘটনাই স্পষ্ট কৰিছে যে বজৰংগ দলৰ এই কাৰ্যকলাপ দৰাচলতে বিজেপি-আৰএছএছ বেচৰকাৰী সাম্প্ৰদায়িক সেনা নিৰ্মাণৰ কৰ্মসূচীৰ অংশ৷