Logo
image

গুৱাহাটীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

ডিজিটেল সংবাদ, গুৱাহাটীঃ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে পেট্ৰ'ল-ডিজেল, চিলিণ্ডাৰ আদিৰ মূল্যবৃদ্ধি আৰু স্মাৰ্ট মিটাৰৰ  বিৰুদ্ধে সোমবাৰে মহানগৰ জিলা কংগ্ৰেছে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তালুকদাৰৰ নেতৃত্বত ৩ শতাধিক কংগ্ৰেছ কৰ্মীয়ে মুল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি হাতে হাতে প্লেকাৰ্ড, বেনাৰ, ফেষ্টুন লৈ বিজেপি মুৰ্দাবাদ, বিজেপি হায় হায়, নৰেন্দ্ৰ মোদী মুৰ্দাবাদ, হিমন্তবিশ্ব শৰ্মা মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক, অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধি কৰা নচলিব আদি শ্ল'গান দি আকাশ বতাহ মুখৰিত কৰি  তোলে। 

প্ৰতিবাদস্থলীত ৰাইজক উদ্দেশ্যি মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নৱজ্যোতি তালুকদাৰে কয় যে চৰকাৰ চকুমুদা কুলিৰ ভাও জুৰি আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বুধবৰীয়া বজাৰ পাতিছে কেবিনেটৰ নামত। খিলঞ্জীয়া লোকৰ কথা কয় কিন্তু মহানগৰীৰ কাষৰীয়া জনজাতীয় মহিলাসকলে পদপথত শাক-পাচলিৰ দোকান দিছে অথচ বিজেপি চৰকাৰে জনজাতীয় মহিলাসকলৰ বাবে এখন সংগঠিত বজাৰৰ ব্যৱস্থা কৰি দিব পৰা নাই। স্মাৰ্ট মিটাৰ ব্যৱহাৰেৰে অত্যাধিক বিল আৰু চিলিণ্ডাৰ মূল্যবৃদ্ধিৰে ৰাইজক কোঙা কৰি তুলিছে। আনহাতে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি , বিধায়ক জাকিৰ হুছেইন শিকদাৰে কয় যে চৰকাৰে জনসাধৰণক টেটুচেপা দি সামগ্ৰীৰ দাম বৃদ্ধি কৰিছে। যি দৰত দুখীয়া জনসাধাৰণে বজাৰ সামগ্ৰী ক্ৰয় কৰিব নোৱাৰা অৱস্থা হৈছে। মহানগৰৰ হেঙেৰাবাৰীস্থ জিলা আয়ুক্ত কাৰ্যালয়ৰ সমীপৰ হনুমান মন্দিৰ প্ৰাংগনৰ পৰা  বিভিন্ন শ্ল' গান দি খোজ কাঢ়ি আয়ুক্ত কাৰ্যালয়লৈ প্ৰতিবাদী সমদল বাহিৰ কৰে। হেঙেৰাবাৰী চাৰিআলিত মহানগৰ আৰক্ষীয়ে কংগ্ৰেছৰ প্ৰতিবাদ সমদলটো আগভেটি ধৰে৷ পথৰ ওপৰত গাড়ীৰে ভেটি আৰু প্ৰতিবাদকাৰীসকলৰ মাজৰ ১০ জনক জিলা আয়ুক্ত  কাৰ্যালয়ত প্ৰৱেশ কৰাৰ বাবে অনুমতি প্ৰদান কৰে। প্ৰতিবাদকাৰীসকল আৰক্ষীৰ এই কাৰ্যত ক্ষোভিত হৈ উত্তাল প্ৰতিবাদ কৰে। পিছত আৰক্ষীয়ে ১০ জন লোকক আয়ুক্তৰ কাৰ্যালয়লৈ যাবলৈ দিয়ে। মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি নবজ্যোতি তালুকদাৰৰ নেতৃত্বত এটা ১০ জনীয়া দলে জিলা আয়ুক্তক মূল্যবৃদ্ধি হ্ৰাস কৰাৰ দাবীত এখন স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে প্ৰতিকী চিলিণ্ডাৰ ডাঙি, ফেষ্টুন বনাই প্ৰতিবাদ বুলি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদৰ্শন কৰে।