Logo
image

মণিপুৰৰ তুলনা আন ৰাজ্যৰ সৈতে কিয়

নতুন দিল্লী, ১ আগষ্টঃ মণিপুৰৰ সৈতে আন ৰাজ্যৰ তুলনা কিয়? সংঘৰ্ষ জৰ্জৰিত মণিপুৰত দুগৰাকী মহিলা যৌন নিৰ্যাতনৰ বলি হোৱা এটা গোচৰৰ শুনানি কালত এই মন্তব্য উচ্ছতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰশূড়ৰ৷ উল্লেখ্য যে মণিপুৰত যৌন নিৰ্যাতনৰ বলি হোৱা তথা এদল উন্মত্ত জনতাই নগ্ন কৰি সমদল কৰিবলৈ বাধ্য কৰা দুগৰাকী মহিলাই ন্যায় বিচাৰি উচ্ছতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ উক্ত গোচৰটোৰ শুনানিকালত এগৰাকী অধিবক্তাই পশ্চিমবংগ আৰু ৰাজস্থানৰ নাৰী নিৰ্যাতনৰ প্ৰসংগ উত্থাপন কৰে৷ ইয়াৰ উত্তৰত মুখ্য ন্যায়াধীশগৰাকীয়ে মণিপুৰৰ ঘটনাৰ চৰিত্ৰ সম্পূৰ্ণ পৃথক, গতিকে এই ঘটনাৰ তুলনা আন ৰাজ্যৰ ঘটনাৱলীৰ সৈতে হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে মণিপুৰত দুগৰাকী মহিলাক নগ্ন কৰি সমদল কৰা এটা ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতে উক্ত ঘটনাৰ তদন্ত চি বি আইৰ দ্বাৰা কৰোৱা আৰু তদন্ত ছমাহৰ ভিতৰত শেষ কৰিব বুলি সদৰী কৰিছিল কেন্দ্ৰই৷ সোমবাৰে মণিপুৰৰ নিৰ্যাতিতা দুগৰাকীয়ে সৰ্বোচ্ছ ন্যায়ালয়ত জনায় যে চি বি আইৰ তদন্তৰ প্ৰতি তেওঁলোকৰ কোনো আস্থা নাই৷ ইয়াৰ বিপৰীতে আদালতৰ পৰ্যবেক্ষণত বিশেষ তদন্তকাৰীৰ দল গঠন কৰি ঘটনাৰ তদন্ত কৰিবলৈ তেওঁলোকে আহ্বান জনায়৷ সোমবাৰে মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন বিচাৰপীঠত প্ৰশ্ন-উত্তৰ চলি থকা সময়ত কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাই জনায় যে আদালতৰ পৰ্যবেক্ষণত তদন্ত হ’লে তেওঁলোকৰ আপত্তি নাই৷ শুনানি কালত মুখ্য ন্যায়াধীশ চন্দ্ৰশূড়ে লগতে কয় যে মণিপুৰৰ যৌন নিৰ্যাতনৰ ঘটনা এইটোৱেই একমাত্ৰ নহয়৷ এনে ঘটনা আৰু বহু ঘটা বুলি উল্লেখ কৰি তেওঁ কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিপূৰ্বে দাখিল কৰা শপনামাত ইয়াৰ ইংগিত পোৱা বুলি উল্লেখ কৰে৷ মুখ্য ন্যায়াধীশগৰাকীয়ে ৩ মে’ত মণিপুৰত গোষ্ঠীগত হিংসা বিয়পি পৰাৰ পাছত সংঘটিত হোৱা নাৰী নিৰ্যাতনৰ ঘটনা কিমানটা নথিভুক্ত হৈছে সেই বিষয়েও কেন্দ্ৰীয় চৰকাৰৰ অধিবক্তাৰ পৰা জানিবলৈ বিচাৰে৷ উল্লেখ্য যে নিৰ্যাতিতা মহিলা দুগৰাকীৰ হৈ আদালতত প্ৰশ্ন কৰে অধিবক্তা কপিল চিব্বালে৷ তেওঁ কয়–‘চৰকাৰৰ হাতত এনে ধৰণৰ কোনো তথ্য নাই৷’ আনকি কেন্দ্ৰীয় চৰকাৰে প্ৰকৃততে এনে ঘটনাৰ যে চি বি আইৰ তদন্তও বিচৰা নাই সেই বিষয়েও তেওঁ উল্লেখ কৰে৷ মণিপুৰত মহিলাক নগ্ন কৰি সমদল কৰিবলৈ বাধ্য কৰোৱা ঘটনাৰ বিষয়ে উল্লেখ কৰি চিব্বালে লগতে শীৰ্ষ আদালতখনক জনায় যে উক্ত ঘটনাত জড়িত সকলক খোদ আৰক্ষীয়ে সহযোগিতা আগবঢ়াইছিল৷ এনে অৱস্থাত আমি ৰাজ্য চৰকাৰখনৰ ওপৰত কি বুলি ভৰষা ৰাখিম৷ নিৰ্যাতিতা মহিলা দুগৰাকীয়ে তেওঁলোকৰ গোচৰৰ বিচাৰ যাতে অসম বা অন্য ৰাজ্যলৈ স্থানান্তৰ কৰা নহয় তাৰ বাবেও ন্যায়ালয়ক আবেদন জনায়৷ উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ইয়াৰ পূৰ্বে মহিলা দুগৰাকীৰ নিৰ্যাতনৰ গোচৰটো কেন্দ্ৰই অসমলৈ স্থানান্তৰ কৰিব বিচৰা বুলি আদালতক অৱগত কৰিছিল৷ ইপিনে ন্যায়ালয়ে নাৰী নিৰ্যাতনৰ ঘটনাটো সংঘটিত হোৱাৰ পাছত ইমান দিনে মণিপুৰ আৰক্ষী কি কৰি আছিল বুলিও প্ৰশ্ন উত্থাপন কৰে৷ সৰ্বোচ্ছ ন্যায়ালয়খনে এই সন্দৰ্ভত মণিপুৰ আৰক্ষীৰ প্ৰতি ভৎৰ্সনাসূচক মন্তব্যও আগবঢ়ায়৷ তাৎপৰ্যপূৰ্ণ যে উচ্ছতম ন্যায়ালয়ে নাৰী নিৰ্যাতনৰ গোচৰটো সন্দৰ্ভত প্ৰদৰ্শন কৰা স্থিতিক কেন্দ্ৰ কৰি কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অস্বস্তিত পৰিবলগা হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ ঘটনাক লৈ এতিয়ালৈকে মুখ খোলা নাই৷ যাৰ বাবে সোমবাৰেও বিৰোধী সাংসদসকলে মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি সংসদৰ দুয়ো সদন উত্তাল কৰি তোলে৷ ফলত অধ্যক্ষই বাৰে বাৰে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলগীয়া হয়৷ ইয়াৰ মাজতে ৰাজ্য সভাত মন্ত্ৰী পীয়ূষ গোৱেলে মণিপুৰক লৈ কেন্দ্ৰীয় চৰকাৰ আলোচনাৰ বাবে সাজু থকা বুলি উল্লেখ কৰে৷ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে আলোচনাৰ বাবে সন্মতিও প্ৰদান কৰে৷ কিন্তু বিৰোধী সাংসদসকলে প্ৰধানমন্ত্ৰীৰ বিবৃতি অবিহনে বিতৰ্কত ভাগ ল’বলৈ অস্বীকাৰ কৰে৷ ফলত পুনৰ সদন স্থগিত হয়৷

ইপিনে মণিপুৰৰ ঘটনাৱলীক লৈ পশ্চিমবংগ বিধানসভাই আজি এক নিন্দাসূচক প্ৰস্তাৱ গ্ৰহণ কৰে৷ পশ্চিমবংগৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী  শোভনদেৱ চট্টপাধ্যায়ে সদনত উক্ত প্ৰস্তাৱটো উত্থাপন কৰে৷ ইয়াৰ পাছতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে নিজৰ ভাষণ প্ৰসংগত মণিপুৰৰ ঘটনাৱলীক লৈ কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ মমতাই কয়–প্ৰধানমন্ত্ৰী মোদীয়ে যদি মণিপুৰ চম্ভালিব নোৱাৰে তেনেহ’লে মোক দায়িত্ব দিয়ক৷ মই নিশ্চিতভাৱে মণিপুৰ শান্ত কৰিম৷ মমতাই লগতে প্ৰধানমন্ত্ৰী মোদীৰ বেটি বাচাও, বেটি পঢ়াও শ্লোগানৰো কটাক্ষ কৰে৷ তেওঁ কয়–মোদীৰ বেটি বাচাও, বেটি পঢ়াওৰ সলনি এতিয়া দেশত বেটি জ্বলাও, বেটি হাটাও নীতিহে চলিবলৈ ধৰিছে৷