Logo
image

কিমান নাৰীক যৌন নিৰ্যাতন? ৰিপ’ৰ্ট বিচাৰিলে ছুপ্ৰিম ক’ৰ্টে

নতুন দিল্লী, ১ আগষ্টঃ মণিপুৰৰ হিংসাত এতিয়ালৈকে কিমান মহিলা যৌন নিৰ্যাতনৰ বলি হ’ব লগা হৈছে তাৰ বিশদ তথ্য বিচাৰিছে উচ্ছতম ন্যায়ালয়ে৷ সোমবাৰে শীৰ্ষ আদালতখনে মণিপুৰত দুগৰাকী মহিলা যৌন আতিশয্যৰ বলি হোৱা গোচৰৰ শুনানি গ্ৰহণ কৰি মণিপুৰ চৰকাৰক উদ্দেশ্যি কয়– ‘আদালতৰ ধাৰণা, অকল দুগৰাকীয়েই নহয়, মণিপুৰত আৰু বহু মহিলা এনে অপৰাধৰ চিকাৰ হৈছে৷’ যাৰ বাবে উচ্ছতম ন্যায়ালয়ে ৰাজ্যখনত আৰু কিমান মহিলা যৌন আতিশয্যৰ বলি  হ’বলগা হৈছে তাৰ প্ৰকৃত সংখ্যা শপতনামাৰ জৰিয়তে ন্যায়ালয়ক জনাবলৈ নিৰ্দেশ দিয়ে৷ তদুপৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰশূৰ নেতৃত্বাধীন বিচাৰপীঠখনে জনায় যে যৌন নিৰ্যাতনৰ বলি হোৱা মহিলাসকলে যাতে সোনকালে ন্যায় বিচাৰ পাব পাৰে, তাৰ বাবে নতুন কোনো প্ৰক্ৰিয়া উদ্ভাৱন কৰিব পাৰি নেকি, সেই বিষয়েও আদালতে চিন্তা-চৰ্চা আৰম্ভ কৰিছে৷ এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ কোনো প্ৰস্তাৱ থাকিলে সেয়া আদালতত দাখিল কৰিবলৈও সৰ্বোচ্ছ আদালতখনে জনায়৷ উল্লেখ্য, মণিপুৰক লৈ উচ্ছতম ন্যায়ালয়ত এতিয়ালৈকে এক ডজনৰো অধিক গোচৰ ৰুজু হৈছে৷ তাৰ ভিতৰত দুগৰাকী মহিলাক নগ্ন কৰি সমদল কৰা আৰু যৌন আতিশয্য চলোৱা গোচৰটোৰ শুনানি হয় সোমবাৰে৷