বাঘৰ সংৰক্ষণ
বিশ্বৰ বিভিন্ন দেশত বাঘৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাই অহাৰ সময়তে ভাৰতত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত উৎসাহৰ বতৰা কঢ়িয়াই আনিছে৷ ভাৰতত প্ৰজেক্ট টাইগাৰৰ ৫০ বছৰ পূৰ্তি উদ্যাপন কৰা হৈছে আৰু চলিত বছৰৰ এপ্ৰিলৰ তথ্য অনুসৰি বিগত চাৰিটা বছৰত ভাৰতত বাঘৰ সংখ্যা ২০০টালৈ বৃদ্ধি পাইছে৷ ২০১৮ চনত ভাৰতত বাঘৰ সংখ্যা আছিল ২,৯৬৭টা৷ শেহতীয়া গণনা অনুসৰি, সেই সংখ্যা এতিয়া বৃদ্ধি পাইছে ৩,১৬৭টালৈ৷ বিশ্বত বৰ্তমান যিমান বাঘ আছে, তাৰ ৭৫ শতাংশতকৈও অধিক বাঘ পোৱা যায় ভাৰতত৷ এটা সময়ত ভাৰতত বাঘৰ সংখ্যা উদ্বেগজনকভাৱে হ্ৰাস পাবলৈ ধৰিছিল৷ কিন্তু ১৯৭৩ চনত প্ৰজেক্ট টাইগাৰ আঁচনি ৰূপায়ণ কৰাৰ পাছত বিগতপাঁচটা দশকত দেশত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত উৎসাহজনক ফল পোৱা গৈছে৷ ‘ৱ’ল্ডৰ্ৱাইড ফাণ্ড ফৰ নেচাৰ’ৰ [ডব্লিউ ডব্লিউ এফ] তথ্য অনুসৰি, বিশ্বত বৰ্তমান প্ৰায় ৫,০০০টা বাঘ আছে৷ বিগত চাৰি বছৰত এহাজাৰতকৈ অধিক বাঘ বৃদ্ধি পাইছে৷ ভাৰতত সৰ্বাধিক বাঘ থকা ৰাজ্যখন হৈছে মধ্য প্ৰদেশ৷ শেহতীয়া হিচাপ অনুসৰি, মধ্য প্ৰদেশত বাঘৰ সংখ্যা হৈছে ৭৮৫টা৷ চাৰি বছৰ পূৰ্বে ৰাজ্যখনত বাঘৰ সংখ্যা আছিল ৫২৬টা৷ মধ্য প্ৰদেশৰ পাছতে এই তালিকাত আছে কৰ্ণাটক [৫৬৩], উত্তৰাখণ্ড [৫৬০] আৰু মহাৰাষ্ট্ৰ [৪৪৪]৷ ভাৰতৰ কেইবাখনো ৰাজ্যত বিগত চাৰিটা বছৰত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে অৰুণাচল প্ৰদেশ, ওড়িশা, তেলেংগানা, ছত্তিশগড়, ঝাৰখণ্ডত বাঘৰ সংখ্যা হ্ৰাস পাইছে৷
২০২৩ বৰ্ষৰ ব্যাঘ্ৰ গণনাৰ ফলাফল অনুসৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান ৫৭টা প্ৰাপ্তবয়স্ক ঢেকীয়াপতীয়াৰ অৱস্থিতিৰ প্ৰমাণ পোৱা গৈছে৷ যি সংখ্যা বিগত বৰ্ষত আছিল ৫২টা, অৰ্থাৎ শেহতীয়া ব্যাঘ্ৰ গণনাত সাতটা প্ৰাপ্তবয়স্ক বাঘ বৃদ্ধি পাইছে৷ আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১৩৫টা বাঘ থকাৰ তথ্য পোৱা যায়৷ ভাৰতত যিকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে, তাৰ ভিতৰত ঘনত্বৰ ফালৰ পৰা সৰ্বাধিক বাঘ পোৱা ৰাষ্ট্ৰীয় উদ্যানখন হৈছে উত্তৰাখণ্ডৰ জিম কৰবেট ৰাষ্ট্ৰীয় উদ্যান, য’ত আছে ২৫২টা বাঘ৷ এই তালিকাৰ পৰৱৰ্তী চাৰিটা স্থানত আছে ক্ৰমে কৰ্ণাটকৰ বাণ্ডিপুৰ ৰাষ্ট্ৰীয় উদ্যান, নাগাৰহোল ৰাষ্ট্ৰীয় উদ্যান, তামিলনাডুৰ মুডুমালাই ৰাষ্ট্ৰীয় উদ্যান আৰু অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান৷ বাঘ সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপৰ প্ৰয়োজন আহি পৰিছে৷ সেই উদ্দেশ্য আগত লৈয়ে ২০১০ চনৰ পৰা প্ৰতিবছৰে ২৯ জুলাইৰ দিনটো আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে৷ চোৰাং চিকাৰ, অংগ-প্ৰত্যংগৰ চোৰাং ব্যৱসায়, বনাঞ্চল ধবংস আৰু জলবায়ুৰ পৰিৱৰ্তনৰ বাবে বাঘৰ সংখ্যা হ্ৰাস পোৱা বুলি বিশেষজ্ঞসকলৰ ধাৰণা৷
এটা কথা সকলোৱে স্বীকাৰ কৰিব লাগিব যে বন্যপ্ৰাণীক বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ হ’লে বনাঞ্চলৰো সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব৷ উদ্যোগীকৰণ আৰু দ্ৰুত নগৰীকৰণৰ ফলত দেশত বনাঞ্চল হ্ৰাস পাই আহিছে৷ বনাঞ্চল সংকুচিত হোৱাৰ ফলত বন্যপ্ৰাণী জনাঞ্চললৈ ওলাই অহাৰ খবৰ প্ৰায়েই শুনিবলৈ পোৱা যায়৷ পৃথিৱীখন বাসৰ উপযোগী কৰি ৰাখিবলৈ হ’লে বনাঞ্চল আৰু গছ-গছনি থাকিবই লাগিব৷ সংৰক্ষিত বনাঞ্চলবোৰ বেদখলমুক্ত হ’ব লাগিব৷ তাৰ লগতে লাগিব বন্যপ্ৰাণীৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ ব্যৱস্থা৷ বাঘৰ অংগ-প্ৰত্যংগৰ চোৰাং বেহাৰ বাবে চোৰাং চিকাৰীৰ হাতত প্ৰাণ হেৰুৱাবলগীয়া হয় বনৰ ৰজাই৷
পৰিৱেশৰ ভাৰসাম্য বজাই ৰাখিব পাৰিলেহে মানুহৰ লগতে আন জীৱকুল বৰ্তি থকাটো সম্ভৱ হ’ব৷ পৰিৱেশৰ ভাৰসমতা তেতিয়াহে বজাই ৰাখিব পৰা যাব, যেতিয়া আমি অন্তৰেৰে প্ৰকৃতিক ভাল পাব পাৰিম৷ এই কথাটো সকলোৱে উপলব্ধি কৰিব পাৰিলেহে পৰিৱেশ দিৱস, বন্যপ্ৰাণী সপ্তাহ, ব্যাঘ্ৰ দিৱস আদি উদ্যাপনৰ প্ৰকৃত উদ্দেশ্য সফল হোৱা বুলি ক’ব পৰা যাব৷






