Logo
image

ফণী শৰ্মা গৈ পোৱাৰ পূৰ্বেই জ্বলি উঠিল হাৰিয়ানা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ আগষ্টঃ হাৰিয়ানাত ৰক্তাক্ত পৰিস্থিতি অব্যাহত থকাৰ মাজতে সোমবাৰে নতুন দলীয় দায়িত্ব লৈ ৰাজ্যখনত উপস্থিত হয় আৰএছএছৰ জ্যেষ্ঠ নেতা ফণীন্দ্ৰ নাথ শৰ্মা৷ উল্লেখ্য, ২০০৩ চনৰ পৰা সুদীৰ্ঘ দুটা দশক ধৰি অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক পদত কাৰ্যনিৰ্বাহ কৰি থকা শৰ্মাক বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে পি নাড্ডাৰ  নিৰ্দেশৰ ভিত্তিত হাৰিয়ানালৈ প্ৰেৰণ কৰা হয়৷ অসম আৰু ত্ৰিপুৰাৰ দায়িত্বত থকা শৰ্মাই হাৰিয়ানা বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে নতুন দায়িত্ব লাভ কৰিছে৷ অসম এৰি সোমবাৰে হাৰিয়ানাত উপস্থিত হোৱাৰ পাছতে মঙলবাৰে তেওঁ ৰাজ্যখনৰ বিজেপি সভাপতি ওম প্ৰকাশ ধনখড়ৰ উপস্থিতিত দায়িত্বভাৰ গ্ৰহণ কৰে৷ গুৰুগ্ৰামত অনুষ্ঠিত এই অনুষ্ঠানত শৰ্মাৰ স্থানত অসমৰ দায়িত্ব লাভ কৰা ৰবীন্দ্ৰ ৰাজুও উপস্থিত থাকে৷ লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ফনীন্দ্ৰ নাথ শৰ্মাৰ দৰে অসম বিজেপিৰ অন্যতম শক্তিশালী নেতাজনক সুদূৰ হাৰিয়ানালৈ প্ৰেৰণ কৰা ঘটনাই বাজপেয়ী ভৱনত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে৷ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ শিবিৰৰ অন্যতম ঘনিষ্ঠ বুলি পৰিচিত ফনীন্দ্ৰ নাথ শৰ্মাই দীৰ্ঘ সময় ধৰি সৰ্বানন্দ সোণোৱাল শিবিৰৰ সৈতে সংগোপনে যোগাযোগ ৰক্ষা কৰি চলিছিল৷ যাৰ বাবে শৰ্মাক হাৰিয়ানালৈ প্ৰেৰণ কৰা কাৰ্যত উৎফুল্লিত হৈ পৰে ড॰ শৰ্মা শিবিৰ৷ উল্লেখ্য, সোমবাৰৰ পৰা হাৰিয়ানাত আকস্মিকভাৱে সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়৷ ৰাজধানী দিল্লীৰ পৰা ৫০ কিলোমিটাৰ নিলগৰ নুহ নামৰ ঠাইত হিন্দুৰ এটা ধৰ্মীয় শোভাযাত্ৰাক কেন্দ্ৰ কৰি সংঘটিত এই সংঘৰ্ষত এইপৰ্যন্ত ৫জন লোকৰ মৃত্যু হৈছে আৰু সংঘৰ্ষ গুৰুগ্ৰামলৈ বিয়পি পৰাত দিল্লীকে ধৰি ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত আতংকৰ সৃষ্টি হৈছে৷ নুহৰ সংঘৰ্ষত ৪জন হিন্দু ধৰ্মাৱলম্বীয়ে প্ৰাণ হেৰুওৱাৰ পাছত নিশা গুৰুগ্ৰামত এজন মছজিদৰ ইমামক গুলীয়াই হত্যা কৰা হয়৷ লক্ষণীয়ভাৱে সোমবাৰে পুৱাৰে পৰা জলাভিষেক যাত্ৰাক কেন্দ্ৰ কৰি এই সংঘৰ্ষৰ সৃষ্টি হোৱাৰ পাছত বিয়লি ফণী শৰ্মা হাৰিয়ানাত উপস্থিত হয়৷