Logo
image

দক্ষিন কোৰিয়াক ক্ষমা প্ৰাৰ্থনা কিম জং উনৰ

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ প্ৰথমবাৰৰ বাবে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনে দক্ষিণ কোৰিয়াৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিছে৷ উত্তৰ কোৰিয়াৰ ইতিহাসত এই ঘটনা এয়াই প্ৰথম৷ উল্লেখ্য যে, বিশ্বজুৰি  মৃত্যুদূতৰ ৰূপ ধাৰণ কৰা কৰ’নাৰ সংক্ৰমণ ৰোধ কৰিবলৈ উত্তৰ কোৰিয়াই নিজ দেশৰ সীমা ছীল কৰি দিছিল৷ কিন্তু ইয়াৰ মাজতে যোৱা মঙলবাৰে দক্ষিণ কোৰিয়াৰ এজন নাগৰিকে উত্তৰ কোৰিয়াৰ জলসীমা পাৰ হৈ আহে৷ ইয়াৰ পিছতে উত্তৰ কোৰিয়াৰ সেনাবাহিনীয়ে লোকজনক দহ জাঁই গুলীৰে হত্যা কৰাৰ লগতে তেওঁৰ সমস্ত শৰীৰ জ্বলাই দিয়ে৷ ইয়াকে কেন্দ্ৰ কৰি উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ মাজৰ সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰে৷ শেহতীয়াকৈ দেশ দুখনৰ সংঘাতময় পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাত অৱশেষত উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জঙে এই ঘটনা ‘অবাঞ্ছিত আৰু লজ্জাজনক’ বুলি অভিহিত কৰি দক্ষিণ কোৰিয়াৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰিছে৷