Logo
image

নতুন শিক্ষানীতিৰ পাঠ আৰম্ভ, ৩+২ৰ ঠাইত ৪+১

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ,২ আগষ্টঃ ৰাজ্যৰ উচ্ছ শিক্ষাখণ্ডত আজিৰে পৰা সূচনা হয় এক নতুন অধ্যায়ৰ৷ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি ৰাজ্যৰ প্ৰতিখন কলেজত কালিৰে পৰা আৰম্ভ কৰা হয় ৪ বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ পাঠদান৷ ১+১+১+১ আৰ্হিৰ এই পাঠ্যক্ৰমত দুটা চিমেষ্টাৰ অৰ্থাৎ এবছৰ সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীক চাৰ্টিফিকেট কোৰ্চ সম্পূৰ্ণ কৰা বুলি গণ্য কৰা হ’ব৷ চাৰিটা চিমেষ্টাৰ অৰ্থাৎ দুবছৰ সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ’ব ডিপ্ল’মা৷ তিনিটা বছৰ অৰ্থাৎ ছয়টা চিমেষ্টাৰ সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীক স্নাতক উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব৷ আঠটা চিমেষ্টাৰ অৰ্থাৎ চাৰিটা বৰ্ষ সম্পূৰ্ণ কৰা   ছাত্ৰ-ছাত্ৰীক ‘সন্মান’সহকাৰে স্নাতক ডিগ্ৰীৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব৷ চাৰি বছৰীয়া স্নাতক শ্ৰেণীৰ সপ্তম আৰু অষ্টম চিমেষ্টাৰত গৱেষণাৰ সুযোগো লাভ কৰিব ছাত্ৰ-ছাত্ৰীয়ে৷ এইসকল ছাত্ৰ-ছাত্ৰীক ‘সন্মান’ আৰু গৱেষণা সহকাৰে স্নাতক উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব৷ ‘সন্মান’ আৰু গৱেষণা সহকাৰে স্নাতক উত্তীৰ্ণই আৰু এবছৰ অধ্যয়ন কৰিলে লাভ কৰিব স্নাতকোত্তৰ ডিগ্ৰী৷ আনহাতে, তিনি বছৰত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাসকলে আৰু দুবছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলেহে লাভ কৰিব স্নাতকোত্তৰ ডিগ্ৰী৷ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে৷ ইতিমধ্যে ৰাজ্যৰ সকলো মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত স্নাতক মহলাৰ নামভৰ্তি কৰোৱা হৈছে৷ পহিলা আগষ্টৰ পৰা নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিততে আৰম্ভ হয় ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাঠ্যক্ৰম৷ পূৰ্বে প্ৰচলিত হৈ আছিল ৩+২ আৰ্হিৰ পাঠ্যক্ৰম৷ অৰ্থাৎ তিনিবছৰীয়া স্নাতক ডিগ্ৰী লাভৰ পাছত ২ বছৰীয়া পাঠ্যক্ৰম সম্পূৰ্ণ কৰা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিছিল স্নাতকোত্তৰ ডিগ্ৰী৷ নতুন শিক্ষানীতি অনুসৰি স্নাতক-স্নানাকোত্তৰ পাঠ্যক্ৰম হ’ব ৪+১ আৰ্হিৰ৷ ২০২০ চনত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পাঠ্যক্ৰম আনুষ্ঠানিকভাৱে পহিলা আগষ্টত আৰম্ভ হয়৷