Logo
image

ডাঃ সংগীতাৰ জামিন পক্‌ছ’ আদালতত নাকচ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ আগষ্টঃ দুই তোলনীয়া সন্তানক যৌন উৎপীড়ন চলোৱা গোচৰত অভিযুক্ত বিতৰ্কিত মনোৰোগ বিশেষজ্ঞ সংগীতা দত্তৰ জামিন আবেদন নাকচ কৰে পক্‌চ’ৰ বিশেষ আদালতে৷ মঙলবাৰে কামৰূপ মহানগৰ জিলাৰ পক্‌চ’ৰ বিশেষ আদালতে ডাঃ সংগীতা দত্তৰ জামিন আবেদন নামাঞ্জুৰ কৰে৷  আদালতে লগতে চিকিৎসক দম্পতীক শিশু যোগান ধৰা মধ্যভোগী দালাল উৎপলা বসুৰো জামিন আবেদন অগ্ৰাহ্য কৰে৷ উল্লেখ্য, পিতৃ-মাতৃৰ মৰম দিয়াৰ নামত অবৈধভাৱে দুটিকৈ নৱজাতক সন্তানক ধনৰ বিনিময়ত ক্ৰয় কৰি চেলিব্ৰেটী চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামে নিতৌ যৌন উৎপীড়ন চলাই গৈছিল৷ আনকি শিশু দুটিৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলোৱাৰ লগতে গুপ্তাংগত গৰম ইষ্ট্ৰী লগাই অত্যাচাৰ চলাইছিল চিকিৎসক দম্পতীয়ে৷ কন্যা শিশুটিক প্ৰচণ্ড ৰ’দত ঘৰৰ চাদত বান্ধি থোৱা ঘটনাৰ পাছতেই চিকিৎসক দম্পতীৰ ঘৃণনীয় কাৰ্য উন্মোচন হৈছিল৷ ইতিমধ্যে চিকিৎসক দম্পতীৰ বিৰুদ্ধে দুটাকৈ পক্‌চ’ গোচৰত অভিযোগনামা দাখিল কৰিছে মহানগৰ আৰক্ষীয়ে৷ পূৰ্বে ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ জামিন আৱেদন নাকচ কৰাত অভিযোগনামা দাখিলৰ পাছত পুনৰবাৰ ডাঃ সংগীতা দত্তৰ জামিন নাকচ কৰে পক্‌চ’ বিশেষ আদালতে৷ সম্প্ৰতি দুয়োজন অভিযুক্তই গুৱাহাটী কেন্দ্ৰীয় কাৰাগৰত ন্যায়িক জিম্মাত আছে৷ কেন্দ্ৰীয় কাৰাগাৰৰ বন্ধ কুঠৰীত  চিকিৎসক দম্পতীয়ে এশ দিনৰো অধিক সময় বন্দী হৈ আছে৷ পক্‌চ’ বিশেষ আদালতে জামিন আৱেদন নাকচ কৰাত ডাঃ সংগীতা দত্তই এতিয়া গুৱাহাটী উচ্ছ ন্যায়ালয়ত জামিনৰ বাবে দ্বাৰস্থ হোৱাৰ বাহিৰে আন কোনো বিকল্প নাই৷