Logo
image

ডিএনপিএলৰ অধ্যক্ষ হিচাপে বিজয় কুমাৰ গুপ্তাৰ দায়িত্ব গ্ৰহণ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২আগষ্টঃ অসম চৰকাৰৰ যুটীয়াখণ্ডৰ ৰাজহুৱা প্ৰতিষ্ঠান দুলীয়াজান নুমলিগড় পাইপলাইন চমুকৈ ডি এন পি লিমিটেডৰ নৱনিযুক্ত অধ্যক্ষ বিজয় কুমাৰ গুপ্তাই মঙলবাৰে বিদায়ী অধ্যক্ষ ৰূপম গোস্বামীৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে৷ এই উপলক্ষে মঙলবাৰে গুৱাহাটীৰ চিটি চেণ্টাৰত প্ৰতিষ্ঠানৰ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত বিদায়ী অধ্যক্ষ ৰূপম গোস্বামীয়ে কয়– ২০১৭ চনৰ ১৬ মাৰ্চত ডি এন পি এলৰ ইতিহাসত প্ৰথমজন ৰাজনৈতিক অধ্যক্ষ হিচাপে মোক সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিযুক্তি দিছিল৷ যোগদানৰ সময়ত কোম্পানীটোৰ মূল ধন আছিল ২৮১.৪৩ কোটি টকা৷ টাৰ্ণ অভাৰ আছিল ৬৮.৪৯ কোটি টকা আৰু মুঠ লাভ্যাংশৰ পৰিমাণ আছিল ১৩.৪৮ কোটি টকা৷ অধ্যক্ষ হিচাপে ২০২২-২৩ বিত্তীয় বৰ্ষত সামৰণিত বিগত ছয় বছৰত মোৰ কাৰ্যকালত কোম্পানীৰ মূলধন ৬০ শতাংশ বৃদ্ধি হৈ ৪৫১.৩৯ কোটি টকা, টাৰ্ণ অভাৰ ৬৫ শতাংশ বৃদ্ধি হৈ ১১৩.৬৪ কোটি টকা আৰু মুঠ লাভ্যাংশৰ পৰিমাণ ২৬৪.৯৮ শতাংশ বৃদ্ধি হৈ ৪৯.২০ কোটি টকা হয়৷ তেনেদৰে যোগদানৰ সময়ত সামাজিক দায়বদ্ধতা আঁচনিত ব্যয় কৰা ধনৰ পৰিমাণ ১১ লাখ টকাৰ পৰা বৃদ্ধি হৈ বৰ্তমান ১.০৮ কোটি টকা হয়৷ এই আঁচনিৰ জৰিয়তে সময়চোৱাত মাজুলীৰ চামগুৰি সত্ৰত প্ৰায় ৫০ লাখ টকা ব্যয়ৰে এটা আবাসীক প্ৰশিক্ষণ কেন্দ্ৰ, ৪৩৯টা শৌচাগাৰ নিৰ্মাণ কৰা হৈছে৷ তেনেদৰে পূৰ্ব ভাৰতী গেছ লিমিটেডৰ জৰিয়তে কামৰূপ আৰু কামৰূপ মহানগৰ জিলাত ৬৫ হাজাৰ আৰু বৰাক উপত্যকাৰ তিনিখন জিলাত ৬০ হাজাৰ লোকৰ ঘৰত অহা মাৰ্চ মাহৰ ভিতৰত পাইপৰে ঘৰে ঘৰে ৰন্ধন গেছ যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ বিগত সময়চোৱাত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু উদ্যোক্তা মন্ত্ৰী বিমল বৰাই সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়োৱা বাবে দুয়োজনকে ধন্যবাদ জ্ঞাপন কৰে ৰূপম গোস্বামীয়ে৷ সংবাদমেলত নৱনিযুক্ত অধ্যক্ষ বিজয় কুমাৰ গুপ্তাই ভাগ লৈ ৰূপম গোস্বামীৰ পথ অনুসৰণ কৰি ডি এন পি এলক শক্তিশালীকৰণৰ কামত নিজকে আত্মনিয়োগ কৰিব বুলি ঘোষণা কৰে৷ সংবাদমেলত ডি এল পি এলৰ উপাধ্যক্ষ অশ্বিনী কুমাৰ পাইত আৰু মহাপ্ৰৱন্ধক গকুল চন্দ্ৰ স্বৰ্গীয়াৰী উপস্থিত থাকে৷