Logo
image

মঙলদৈ কাণ্ডঃ বজৰংগ দলৰ ২সদস্যক গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ, মঙলদৈৰ প্ৰতিনিধিঃ ৰাষ্ট্ৰীয় বজৰংগ দলে মঙলদৈ মহৰ্ষি বিদ্যা মন্দিৰত চাৰিদিনীয়া অস্ত্ৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰা ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষীয়ে বুধবাৰে আৰু দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ভিডিঅ' ফুটেজৰ তথ্যৰ ভিত্তিত আৰক্ষীয়ে মঙলদৈ টেঙাবাৰী চাৰি নম্বৰ ওৱাৰ্ডৰ বিজয় ঘোষ আৰু ওদালগুৰি জিলাৰ ডিমাকুছিৰ গোপাল বড়োক গ্ৰেপ্তাৰ কৰে। 

ইয়াৰ পূৰ্বে মঙলদৈ থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আৰক্ষীয়ে মঙলবাৰে গ্ৰেপ্তাৰ কৰা মঙলদৈ মহৰ্ষি বিদ্যালয়ৰ অধ্যক্ষ হেমন্ত কুমাৰ পায়েং আৰু কাৰ্যালয় সহায়ক ৰতন দাসক আৰক্ষীয়ে জামিনত মুকলি কৰি দিয়ে। ইফালে ঘটনা সন্দৰ্ভত দৰং জিলা প্ৰশাসনে দুখন এজাহাৰ দাখিল কৰে। অতিৰিক্ত উপায়ুক্ত নৱদ্বীপ চাংমাইয়ে দাখিল কৰা প্ৰথমখন এজাহাৰত প্ৰশাসনৰ অনুমতি অবিহনে প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে উদ্যোক্তা ৰাষ্ট্ৰীয় বজৰং দলৰ অধ্যক্ষৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক আহ্বান জনোৱা হয়। আনহাতে দ্বিতীয়খন এজাহাৰত প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত মঙলদৈ মহৰ্ষি বিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ প্ৰাক্তন মন্ত্ৰী ড০ জয়নাথ শৰ্মাৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ বাবে আৰক্ষীক আহ্বান জনোৱা হয়। 

অৱশ্যে এই সন্দৰ্ভত টেলিফোনত যোগাযোগ কৰাত জয়নাথ শৰ্মাই তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰে। তেওঁ কয় যে আৱেদনকাৰী অভিজিত ঘোষে যোৱা ১৩ জুলাইত প্ৰদান কৰা আৱেদনত যোগাভ্যাস, কৰ্মসংস্কৃতি আৰু ড্ৰাগছ বিৰোধী কাৰ্যসূচীৰ বাবেহে অনুমতি বিচাৰিছিল। ইফালে আত্মগোপন কৰি থকা প্ৰশিক্ষণ শিবিৰৰ মূল স্থানীয় উদ্যোক্তা সুব্ৰত দাস, অভিজিত ঘোষকে ধৰি দলটোৰ অন্যান্য কৰ্মীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।