Logo
image

অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া বজৰংগ দলৰ বিৰুদ্ধে ৰাইজৰ দলৰ এজাহাৰ

ডিজিটেল সংবাদ, ডিমৌঃ মঙলদৈত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়া বজৰংগ দলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৰাইজৰ দলৰ থাওৰা সমষ্টি সমিতিয়ে। বুধবাৰে থাওৰা সমষ্টি ৰাইজৰ দলৰ সভাপতি আইদুন বৰপাত্ৰ গোঁহাই, সাধাৰণ সম্পাদক দেৱজি চাংমাই আৰু জাতীয় যুৱ বাহিনীৰ উপ-সভাপতি বিকাশ গগৈসহ দলৰ বিষয়ববীয়াসকলে ডিমৌ আৰক্ষী থানাত উপস্থিত হৈ মঙলদৈ কাণ্ডৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ৰাইজৰ দলে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত অস্ত্ৰ চালনাৰ প্ৰশিক্ষণ দিয়াৰ লগত জড়িত থকাসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।