বহনক্ষম জীৱিকাৰ সন্ধান
দেশৰ আগশাৰীৰ উদ্যোগ এটাই জুলাইত নিজৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা শাখাৰ [চি এছ আৰ] অধীনত, বিশেষকৈ গাঁৱৰ যুৱক-যুৱতীসকলক বহনক্ষম জীৱিকা লাভৰ উদ্দেশ্যে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে৷ এই কাৰ্যসূচী অনুসৰি ১৮টা দীক্ষা কেন্দ্ৰ স্থাপন কৰা হ’ব আৰু ইয়াৰ দ্বাৰা ২০২৪ চনৰ ভিতৰত ৩,৬০০জন প্ৰশিক্ষাৰ্থীক খাদ্যসেৱা, ক্ষুদ্ৰ উদ্যোগ, ফাৰ্মাচিউটিকেল আদি বিভিন্ন ক্ষেত্ৰৰ উদ্যোগত নিযুক্তিৰ বাবে উপযুক্তকৈ গঢ়ি তোলা হ’ব৷ আমাৰ ৰাজ্যত তেল নিগম, শোধনাগাৰ, কয়লা উদ্যোগ, বেংক আদিয়ে এনে ব্যৱস্থা হাতত লৈ নিবনুৱা যুৱক-যুৱতীক স্বনিয়োজনত সাহায্য আগবঢ়াব পাৰে৷ প্ৰশিক্ষণৰ লগতে ক্ষুদ্ৰ ঋণৰ ব্যৱস্থা কৰিও গাঁৱৰ যুৱক-যুৱতীক আত্মনিৰ্ভৰ কৰি তুলিব পৰা যায়৷
বহনক্ষম জীৱিকাৰ ব্যৱস্থাত পুঁজিৰ প্ৰয়োজন ন্য়ূনতম দক্ষতাৰ বাবে সাধাৰণ প্ৰশিক্ষণৰ দ্বাৰাই শ্ৰমিকক উপযুক্তকৈ গঢ় দিব পৰা যায় আৰু প্ৰয়োজনীয় কেঁচামাল স্থানীয়ভাৱে উপলব্ধ৷ ইয়াৰ বাবে কেৱল উদ্যোগপতি আৰু বিনিয়োগকাৰীৰ কিছু সাহায্যৰ প্ৰয়োজন৷ আমাৰ ৰাজ্যৰ ভালেমান ঠাইত AIIDC (Assam Industrial Infrustructure Development corporation)ৰ অধীনত কিছুমান সা-সুবিধা প্ৰদান কৰা হৈছে, য’ত খাদ্যসামগ্ৰী, আচবাব-পত্ৰ, ঘৰুৱা অন্যান্য প্ৰয়োজনীয় সামগ্ৰী আদি প্ৰস্তুত কৰা হয় আৰু ইয়াৰ দ্বাৰা যথেষ্টসংখ্যক যুৱক-যুৱতীয়ে উপাৰ্জনৰ সুযোগ লাভ কৰিছে৷ এনে সা-সুবিধা দিবৰ বাবে আৰু কিছুসংখ্যক প্ৰশিক্ষণ কেন্দ্ৰ, উদ্যোগৰ গোট আৰু থলুৱা বিনিয়োগকাৰীৰ প্ৰয়োজন৷ বৰ্তমান আমাৰ ৰাজ্যৰ এ আই আই ডি চিৰ গোটসমূহ ৩০ বছৰৰ বাবে অধিকাংশ অনাঅসমীয়াই লীজত লৈছে, য’ত আমাৰ যুৱক-যুৱতীয়ে মজুৰি বা বেতনৰ বিনিময়ত কাম কৰে৷ ঔদ্যোগিক ক্ষেত্ৰ বা পাম নামেৰে জনাজাত এই গোটবোৰ স্থাপনৰ বাবে চৰকাৰে এশবিঘামান মাটিৰ ব্যৱস্থা কৰি একো একোটা সৰু গোট একোজন উদ্যোগপতি বা বিনিয়োগকাৰীক দিয়ে আৰু তেওঁ নিজৰ পছন্দ অনুযায়ী কিছুসংখ্যক বনুৱা বা শিক্ষিত অৰ্হতাসম্পন্ন যুৱক-যুৱতীৰ সহায়ত সামগ্ৰী উৎপাদন কৰে৷ বৰ্তমান অসমত প্ৰায় অৰ্ধশতাধিক এনে ঔদ্যোগিক পাম আছে৷ ইয়াৰ ভিতৰত গুৱাহাটীৰ বামুণীমৈদামৰটো যথেষ্ট পুৰণি৷
আমাৰ ৰাজ্যৰ এনে ঔদ্যোগিক পামবোৰৰ আঞ্চলিক বিতৰণত যথেষ্ট বৈষম্য আছে৷ বৰ্তমান এনে ক্ষেত্ৰসমূহৰ অধিকাংশ গুৱাহাটী আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলতে অৱস্থিত৷বৰ্ধিত নিবনুৱা সমস্যা আৰু কৃষিখণ্ডৰ অতিৰিক্ত শ্ৰমিকৰ সংখ্যালৈ লক্ষ্য কৰি ৰাজ্যখনৰ উজনি আাৰু নামনিতো আমাক আৰু ভালেমান ঔদ্যোগিক ক্ষেত্ৰৰ প্ৰয়োজন, য’ত বিনিয়োগকাৰী আৰু থলুৱা ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ প্ৰতি আগ্ৰহী লোকে আন্তঃগাঁথনি সাজু কৰি ঘৰুৱা বজাৰত চাহিদা থকা সামগ্ৰী প্ৰস্তুত কৰাত আগভাগ ল’ব৷ এই সামগ্ৰীবোৰ কৃষিজাত প্ৰস্তুত সামগ্ৰী [জাম, জেলি, ফলৰ ৰস, আচাৰ, শুকান পাচলি], বিস্কুট, অন্যান্য খাদ্য, কুটীৰ শিল্পজাত সামগ্ৰী, বস্ত্ৰ উদ্যোগ, বাঁহ-বেতৰ আচবাব আদি বিভিন্নধৰণৰ হ’ব পাৰে৷
বহনক্ষম জীৱিকাৰ শিতানত সেৱা উদ্যোগতো যথেষ্ট সুযোগ আছে, যেনে হোটেল, পৰ্যটন, পৰিবহণ ইত্যাদি৷ এনে কামৰ বাবেও আমাক কিছু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰয়োজন– যিবোৰে নিবনুৱাৰ স্বনিয়োজনত বিশেষভাৱে অৰিহণা যোগাব৷






