Logo
image

মণিপুৰলৈ যাওক প্ৰধানমন্ত্ৰী ‘ইণ্ডিয়া’ৰ আৰ্জি ৰাষ্ট্ৰপতিক

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ আগষ্টঃ সদনত এই পৰ্যন্ত শাসক পক্ষক সেও মনাব নোৱাৰি বিৰোধী জোঁট ‘ইণ্ডিয়া’ এইবাৰ দেশৰ ৰাষ্ট্ৰপতিৰ শৰণাপন্ন হৈছে৷ ‘ইণ্ডিয়া’ৰ ৩১ জনীয়া প্ৰতিনিধি দলে বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মণিপুৰলৈ পঠিয়াবলৈ আহ্বান জনাইছে৷ ‘ইণ্ডিয়া’ৰ প্ৰতিনিধি দলটোৱে ৰাষ্ট্ৰপতি মুৰ্মুৰ হাতত এখন স্মাৰক পত্ৰও তুলি দিয়ে৷ এই ৩১জনীয়া প্ৰতিনিধিৰ দলটোত মণিপুৰলৈ অলপতে যোৱা ২১ জনীয়া প্ৰতিনিধি দলটোৰ সদস্যও আছিল, যি ৰাষ্ট্ৰপতিক মণিপুৰৰ প্ৰকৃত পৰিস্থিতি সম্পৰ্কে বৰ্ণনা কৰে৷ বুধবাৰে ৰাষ্ট্ৰপতিক সাক্ষাত কৰা দলটোত দেশৰ বিৰোধী  ৰাজনৈতিক দলৰ প্ৰায় সকলো শীৰ্ষনেতা চামিল আছিল৷ তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ সুস্মিতা দেবে ৰাষ্ট্ৰপতিক মণিপুৰৰ পৰা দুগৰাকী মহিলাক ৰাজ্যসভালৈ মনোনীত কৰিবলৈ আহ্বান জনায়৷ তেওঁ কয়, মণিপুৰত নাৰীৰ ওপৰত যি অত্যাচাৰ সংঘটিত হৈছে আৰু যেনেধৰণৰ ঘটনা প্ৰকাশ্যে আহিছে, এই পৰিস্থিতিত তেনে দুই সম্প্ৰদায়ৰ দুগৰাকী মহিলাক ৰাজ্যসভাৰ প্ৰতিনিধি কৰি অনা উচিত৷ 

ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাতৰ পাছত কংগ্ৰেছ সভাপতি তথা দলটোৰ ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খৰ্গেই সংবাদ সংস্থাক কয়– ‘আমি মণিপুৰৰ প্ৰকৃত পৰিস্থিতি কেনে সেই সন্দৰ্ভত ৰাষ্ট্ৰপতিক বিস্তৃতভাৱে জনাইছোঁ৷ মণিপুৰত মহিলাৰ ওপৰত কেনে অত্যাচাৰ হৈছে সেই কথাও জনাইছো৷ কিন্তু আমাৰ মূল দাবী হ’ল, মণিপুৰলৈ শান্তি ঘূৰাই অনা৷ শান্তি ঘূৰাই আনিবলৈ হ’লে প্ৰধানমন্ত্ৰী যে মণিপুৰলৈ অৱশ্যেই যোৱা উচিত সেই কথাও ৰাষ্ট্ৰপতিক জনাইছো৷ এই বিষয়ত ৰাষ্ট্ৰপতিক হস্তক্ষেপ কৰাৰ দাবী জনাইছো৷’ উল্লেখ্য, প্ৰতিনিধি দলটোত বৰ্ষীয়ান নেতা ফাৰুক আব্দুল্লা, শাৰদ পাৱাৰ, সুদীপ বেনাৰ্জী, ডেৰেক অ’ ব্ৰায়ানো আছিল৷ 

বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ মূল লক্ষ্য হৈছে মণিপুৰক লৈ প্ৰধানমন্ত্ৰী আৰু বিজেপিক সদনত শ’লঠেকত পেলোৱা৷ সেয়ে ৰাষ্ট্ৰপতিক সাক্ষাত কৰাৰ সময়ত ‘ইণ্ডিয়া’ই বাৰম্বাৰ প্ৰধানমন্ত্ৰী মণিপুৰৰ ঘটনাক লৈ সামগ্ৰিকভাৱে আৰু বিশেষভাৱে সংসদত নীৰৱ হৈ থকাৰ প্ৰসংগ উত্থাপন কৰে৷ সদনত এতিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে মণিপুৰক লৈ কোনো বক্তব্য প্ৰদান কৰা নাই৷ সংসদৰ বাহিৰত তেওঁ মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনা প্ৰকাশ হোৱাৰ পাছত মাথোঁ ৩৬ চেকেণ্ড কথা কৈছে৷ সেই কথাৰ মাজলৈকো টানি আনিছে কংগ্ৰেছ শাসিত দুই ৰাজ্য ৰাজস্থান আৰু ছত্তীশগড়ৰ নাম৷ মুঠ আঠ মিনিটৰ বক্তব্যত প্ৰধানমন্ত্ৰীয়ে মণিপুৰৰ নিৰ্যাতিতা, ধৰ্ষিতা মহিলাৰ প্ৰতি যি অনুকম্পা প্ৰদৰ্শন কৰিলে, তাতকৈ তেওঁ ৰাজনীতি কৰিলে বেছি৷ মোদীৰ বক্তব্যৰ আঁত ধৰি পিছদিনাৰ পৰা হিমন্ত বিশ্ব শৰ্মা, স্মৃতি ইৰাণী, অনুৰাগ ঠাকুৰে ৰাজস্থান, বিহাৰ, পশ্চিমবংগত কিমান ধৰ্ষণ হৈছে তাৰ লেখ দিলে দেশবাসীক৷ কিন্তু প্ৰধানমন্ত্ৰী এতিয়াও সংসদত উপস্থিত হোৱাৰ পৰা বিৰত আছে, মূলতঃ মণিপুৰক লৈ প্ৰশ্নৰ সন্মুখীন হোৱাৰ ভয়ত৷ ইয়াৰ বিপৰীতে তেওঁ বুধবাৰে দলৰ শীৰ্ষস্থানীয় মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈ বিৰোধীৰ আক্ৰমণ চম্ভালিবলৈ ৰণকৌশল স্থিৰ কৰে৷ কিয়নো মণিপুৰক লৈ সম্প্ৰতি উচ্ছতম ন্যায়ালয় চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈছে৷ সৰ্বোচ্ছ আদালতে অন্য ৰাজ্যৰ সৈতে মণিপুৰৰ ঘটনাৰ তুলনা নকৰিবলৈ চৰকাৰী অধিবক্তাক সতৰ্ক কৰি দিছে৷ এনে জটিল পৰিস্থিতিৰ মাজতে ৮-১০ আগষ্টত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কৰ উত্তৰ দিবলৈ বাধ্য হ’ব প্ৰধানমন্ত্ৰী৷ ফলত ‘ইণ্ডিয়া’ই ৰাষ্ট˜পতিৰ ওচৰত প্ৰধানমন্ত্ৰীক মণিপুৰলৈ পঠিয়াবলৈ জনোৱা  আৰ্জিয়ে চৰকাৰক চাপত পেলাইছে৷

যোগী আদিত্যনাথক অনুকৰণ কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়েঃ গৌৰৱ গগৈ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ৷ তেওঁ বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়– হিমন্ত বিশ্ব শৰ্মাই যোগী আদিত্যনাথ হ’ব বিচাৰে৷ বিজেপিয়ে বিচাৰে আৰএছএছৰ অসম৷ যোগী আদিত্যনাথৰ দৰে শাসন৷ এতিয়া সাধাৰণ মানুহৰ হাতত আছে একে-৪৭৷ এনেকৈ থাকিলে অসম দ্বিতীয় উত্তৰ প্ৰদেশ হৈ পৰিব৷ আমি বিচাৰোঁ মণিপুৰত কেনেদৰে শান্তি ঘূৰি আহিব৷ সেই বিষয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদনৰ ভিতৰলৈ আহি স্পষ্টীকৰণ দিব লাগে৷ আমি যেতিয়া মণিপুৰ ভ্ৰমণ কৰি আহিলোঁ আমি অনুভৱ কৰিছোঁ যে অগ্নিগৰ্ভা মণিপুৰত ৩ মাহৰ পাছতো শান্তি ঘূৰি অহা নাই৷ মণিপুৰৰ সাধাৰণ মানুহ এতিয়াও শিবিৰত আছে৷ মণিপুৰত এতিয়াও ঘৃণাৰ ভাব আছে৷ সাধাৰণ মানুহৰ হাতত আছে একে-৪৭৷ প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰক পাহৰিব নোৱাৰে৷ তেওঁ প্ৰতিখন ঠাইলৈ গৈ ৰাজনৈতিক বক্তৃতা দি আছে৷ মণিপুৰত কেনেদৰে শান্তি ঘূৰি আহিব? মণিপুৰৰ হিংসাৰ প্ৰভাৱ উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যলৈ গৈ আছে৷ মিজোৰামৰ মানুহে অলপ বেলেগ ধৰণে কথা পাতিবলৈ আৰম্ভ কৰিছে৷ আমি দেশৰ ৰাষ্ট্ৰপতিক অৱগত কৰালোঁ, প্ৰধানমন্ত্ৰী আহক, কথাবোৰ কওক৷ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ নিৰাপত্তাকৰ্মী ব্যৰ্থ হৈছে৷ কেন্দ্ৰীয় চৰকাৰক আহ৩ান জনাওক যাতে মণিপুৰৰ সৰ্বসাধাৰণ লোক শান্তিত থাকিব পাৰে৷ কেন্দ্ৰীয় চৰকাৰে কঠোৰ পদক্ষেপ হাতত লওক৷ যেতিয়া দেশৰ কোনো ঠাইত হিংসা হয় তেতিয়া প্ৰধানমন্ত্ৰী মোদী মৌন হৈ থাকে৷ দেশৰ ৰাজধানী দিল্লীৰ পৰা ১৫-২০ কিলোমিটাৰ দূৰৰ হাৰিয়ানাত যি হিংসাৰ পৰিৱেশ, সাম্প্ৰদায়িক পৰিৱেশ দেখা পাইছোঁ সেই সন্দৰ্ভত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক অৱগত কৰাইছোঁ৷ প্ৰধানমন্ত্ৰী মোদীয়ে আজি এই বাৰ্তা দিছে যে ৰাজস্থান, মহাৰাষ্ট্ৰত ৰাজনৈতিক বা চৰকাৰী সভাৰ গুৰুত্ব আছে আৰু মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি সন্দৰ্ভত কোনো গুৰুত্ব নাই৷ মানুহৰ মাজত এতিয়া ক্ষোভ বৃদ্ধি পাইছে৷ কৰ্ণাটকৰ নিৰ্বাচনৰ দুবছৰ পূৰ্বৰ পৰাই কেতিয়াবা লাভ জেহাদ, কেতিয়াবা টিপু চুলতান আদিৰ প্ৰসংগ আনি কৰ্ণাটকবাসীক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছিল৷ কিন্তু কৰ্ণাটকবাসীয়ে নিৰ্বাচনত দেখুৱাই দিলে৷ আগন্তুক সময়ত দেশবাসীয়ে দেখুৱাই দিব যে আমি শান্তিত থাকিব বিচাৰোঁ৷ দেশত সাংবিধানিক অধিকাৰ সুৰক্ষিত থকাটো বিচাৰোঁ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় যোগী আদিত্যনাথ হ’ব বিচাৰে৷ উত্তৰ প্ৰদেশৰ সংস্কৃতি জাপি দিব বিচাৰে৷ তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসম, আজান পীৰৰ অসম নিবিচাৰে৷ তেওঁলোকে বিচাৰে বজৰংগ দলৰ অসম৷ তেওঁলোকে বিচাৰে আৰএছএছৰ অসম৷ উত্তৰ প্ৰদেশত আৰক্ষীয়ে যেনেধৰণৰ এনকাউণ্টাৰ কৰে তেনেধৰণৰ এনকাউণ্টাৰ অসমতো আৰম্ভ কৰা হৈছে৷ উত্তৰ প্ৰদেশত যেনেদৰে বুলড’জাৰ ব্যৱহাৰ কৰা হয় একেধৰণে অসমতো বুলড’জাৰ ব্যৱহাৰ কৰা আৰম্ভ কৰি দিছে৷ যোগী আদিত্যনাথে যি ভাষা উত্তৰ প্ৰদেশত ব্যৱহাৰ কৰে সেই একে ভাষা অসমতো আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই৷ যিখন ৰাজ্যত গোপীনাথ বৰদলৈ, শৰৎ সিংহ, বিষ্ণুৰাম মেধি মুখ্যমন্ত্ৰী হৈছে সেইসকল মুখ্যমন্ত্ৰীক অনুকৰণ কৰাতকৈ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ যোগী আদিত্যনাথক অনুকৰণ কৰিছে৷