Logo
image

গৰমৰ বাবে আগুৱালে স্কুলৰ সময়, সকাহ পাবনে কণমানিহঁতে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক,৩ আগষ্টঃ সেউজ পাহাৰ কাটি কংক্ৰিটৰ নিৰ্মাণ কাৰ্য চলোৱাৰ কু-ফল যেন হাতে হাতে পাইছে গুৱাহাটী মহানগৰবাসীয়ে৷ জলবায়ু পৰিৱৰ্তনৰ ভীষণ পৰিণতি ভোগ কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ নাগৰিকৰ লগতে কণ কণ স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে৷ নিৰ্মাণৰ নামত গছ-গছনি কাটি তহিলং কৰাত প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে দহিছে সমগ্ৰ গুৱাহাটী মহানগৰী৷ গুৱাহাটীৰ উষ্ণতাই ৩৮ ডিগ্ৰী চেলচিয়াছ অতিক্ৰম কৰিছে যদিও মহানগৰবাসীয়ে ৫৬ ডিগ্ৰী চেলচিয়াছ পাৰাস্তম্ভৰ দৰে উত্তাপ অনুভৱ কৰিছে৷ উৎকট গৰমৰ বাবেই মঙলবাৰে গুৱাহাটীৰ এখন বিদ্যালয়ৰ চৌহদতে সন্তানক ঘৰলৈ আনিবলৈ যোৱা   এগৰাকী অভিভাৱক হিট ষ্ট্ৰ’কত মৃত্যুক সাৱটিবলগীয়া হয়৷ গ্ৰীষ্মৰ এমহীয়া বন্ধৰ অন্তত মঙলবাৰৰ পৰা স্কুলসমূহত নিয়মীয়া পাঠদান আৰম্ভ হৈছে যদিও উৎকট গৰমৰ বাবে ছাত্ৰ-ছাত্ৰীৰ অৱস্থা কাহিল হৈ পৰিছে৷ জ্যেষ্ঠ লোকে ঘৰৰ বাহিৰ ওলাব নোৱৰা অৱস্থাৰ উদ্ভৱ হোৱাৰ মাজতে অস্বস্তিকৰ গৰমত কণ কণ ছাত্ৰ-ছাত্ৰীসকলে শ্ৰেণী কোঠাত পাঠদানৰ নামত আৱদ্ধ হৈ পৰিবলগীয়া হৈছে৷ প্ৰচণ্ড গ্ৰীষ্মপ্ৰৱাহৰ বাবেই কামৰূপ মহানগৰ জিলা প্ৰশাসনে জিলাখনৰ শিক্ষানুষ্ঠানসমূহৰ পাঠদানৰ পুৱা ডেৰ ঘণ্টা আগুৱাই আনিছে৷ পুৱা ৭.৩০ বজাৰ পৰা শিক্ষানুষ্ঠানসমূহত পাঠদান আৰম্ভ কৰাৰ বাবে বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ নিৰ্দেশ জাৰি কৰিছে জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকে৷ সেই অনুসৰি প্ৰাথমিক বিদ্যালয় পৰ্যায়ত পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পাঠদান অনুষ্ঠিত হ’ব৷ আনহাতে, মজলীয়া বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ পাঠদান হোৱাৰ বিপৰীতে উচ্ছ আৰু উচ্ছতৰ মাধ্যমিক পৰ্যায়ত ৭.৩০ বজাৰ পৰা ১ বজালৈ পাঠদান অনুষ্ঠিত হ’ব৷ আনহাতে, বিদ্যালয়ৰ পুৱাৰ সমাৱেশ তথা প্ৰাৰ্থনা শ্ৰেণীকোঠাৰ ভিতৰত নাইবা ছাঁ ঠাইত কৰাৰ ব্যৱস্থা কৰাবলৈয়ো নিৰ্দেশনা দিছে প্ৰশাসনে৷ কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ পৰামৰ্শ অনুসৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে উক্ত নিৰ্দেশনা জাৰি কৰি অহা ১৫ আগষ্ট পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব বুলি উল্লেখ কৰিছে৷ উল্লেখ্য, প্ৰচণ্ড গৰমৰ বাবে ৰাজ্যত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱনযাত্ৰা৷ প্ৰখৰ ৰ’দত ঘৰৰ পৰা বাহিৰলৈ ওলোৱাটোৱেই সমস্যা হৈ পৰিছে জনসাধাৰণৰ বাবে৷ বিশেষকৈ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰচণ্ড গৰমত বিদ্যালয়লৈ অহা-যোৱা কৰা তথা পাঠ গ্ৰহণ কৰাটো কষ্টদায়ক হৈ পৰিছে৷ ছাত্ৰ-ছাত্ৰীসকলৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়েই  শিক্ষা বিভাগে পাঠদানৰ সময় সূচী আগুৱাই অনাৰ ব্যৱস্থা কৰিছে৷ অৱশ্যে, প্ৰশাসনৰ এই ব্যৱস্থাই কণমানিহঁতক গৰমৰ পৰা সকাহ দিবনে নাই সেয়া সময়েহে ক’ব৷ ইফালে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা আগজাননী অনুসৰি প্ত আগষ্ট পৰ্যন্ত অসম তথা মেঘালয় আৰু অৰুণাচলৰ বিভিন্ন স্থানত বৰষুণ হোৱাৰ সম্ভাৱনা আছে৷ পৰৱৰ্তী ২৪ ঘণ্টাত অসমৰ প্ৰায় সকলো স্থানতে পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰো সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই৷ বুধবাৰে গুৱাহাটীৰ কিছু কিছু স্থানত পাতলীয়া এজাক বৰষুণ হোৱা দেখা যায়৷ কেৱল গুৱাহাটীতেই নহয়, ৰাজ্যৰ আন প্ৰান্ততো বিগত তিনি-চাৰিটা দিন প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহে ৰাইজক জলাকলা খুৱাইছে৷