Logo
image

মাইকত আজান দিয়া বন্ধ নহ’লে জে’ললৈ যাব শিলাদিত্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু কোক্‌ৰাঝাৰৰ বিশেষ প্ৰতিনিধি, ৩ আগষ্টঃ ‘মাইকত জোৰেৰে আজান দিয়া বন্ধ হ’বই লাগিব৷ আজান দিয়া বন্ধ হ’ব লাগে বুলি কোৱাৰ বাবে মই যদি জে’লতো যাব লাগে জে’লত যাম৷’– এই মন্তব্য বিজেপিৰ প্ৰাক্তন বিধায়ক তথা অল আছাম বেংগলী পৰিষদৰ মুৰব্বী শিলাদিত্য দেৱৰ৷ আজি কোক্‌ৰাঝাৰত সাংবাদিকৰ আগত এনেদৰে মন্তব্য কৰি শিলাদিত্য দেৱে কয়– ‘নামাজ ২০ বাৰ পঢ়ক,  আপত্তি নাই৷ প্ৰত্যেক দিনে ৫ বাৰ আজান দিয়া হয়৷ গোটেই বছৰত ১৮২৫বাৰ আজান দিয়ে৷ এটা মছজিদৰ আজান শেষ হোৱাৰ দুই ছেকেণ্ডৰ পাছতে আনটো মছজিদত মাইকত আজান বাজে৷ ইয়াৰ বাবে বহুতৰে মানসিক অশান্তি হয়৷ আজানৰ প্ৰভাবত তালিবান-আফগানিস্তানত থকা যেন লাগে৷ আজান বন্ধ কৰিবলৈ কোৱা বাবে এৰেষ্ট হ’লে আদালতৰ মজিয়াতো আজান বন্ধৰ দাবী তুলিম৷ আজান আৰু নামাজ দুটা সুকীয়া বস্তু৷ আজানটো ধাৰ্মিক বিষয় নহয়৷ আজানৰ জৰিয়তে মানুহক মছজিদলৈ মতাহে হয়৷ হিন্দু ধৰ্মৰ মানুহক অশান্তি দিয়া আজান দহ বছৰৰ পাছত হ’লেও বন্ধ হ’বই লাগিব৷’ ইফালে, বজৰং দলৰ অস্ত্ৰ চালনাৰ সন্দৰ্ভত তেওঁ কয়– ভাৰতবৰ্ষ হৈছে ৰামায়ণ-মহাভাৰতৰ দেশ৷ এই দেশত হিন্দু কেতিয়াও উগ্ৰ নাছিল৷ কিন্তু ইছলামিক গোড়ামিৰ বাবেই হিন্দুসকল উগ্ৰ হ’বলৈ ধৰিছে৷ ৰামায়ণ মহাভাৰতত কোনো মুছলমান চৰিত্ৰ নাই বুলি মন্তব্য কৰি শিলাদিত্যই কয় যে নিশ্চয় কোনোবা ধৰ্মান্তৰিত হৈছে নতুবা বিদেশৰ পৰা আহিছে৷ বড়োসকলৰ বাবে সংক্ষিত এলেকা বিটিচিতো মিঞা ভোটেৰে নিৰ্বাচন খেলিব লগা হোৱাটো দুৰ্ভাগ্যজনক বুলি তেওঁ মন্তব্য কৰে৷ লাভ জেহাদ, ভূমিৰ অধিকাৰ ইত্যাদি বিষয়ৰ কথা উল্লেখ কৰি শিলাদিত্যই কয় যে এনেদৰে মিঞাৰ সংখ্যা বৃদ্ধি হৈ থাকিলে এদিন ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হ’ব৷ গতিকে অস্ত্ৰ চালনাৰ শিক্ষা লোৱাটো একো বেয়া হোৱা নাই৷ বোমা-বাৰুদ-ৰকেট লান্সাৰেৰে আক্ৰমণ কৰিলে ঘৰ-সংসাৰ, হিন্দু ছোৱালীক বচাবলৈ অস্ত্ৰৰ প্ৰশিক্ষণ ল’বই লাগিব বুলিও তেওঁ কয়৷ ২০২৪ত মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’ব বুলি দাবী কৰি প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে মোদীৰ বিৰুদ্ধে চিঞৰ-বাখৰ কৰা সৰহসংখ্যকেই মিঞা৷ শিলাদিত্যই কয় যে জেহাদিক ভয় নকৰোঁ, বৃহত্তৰ অসমীয়া সমাজক ঐক্যবদ্ধ কৰাৰ বাবে লাগি আছোঁ৷ ইছলামিক গোড়ামিৰ বাবে হিন্দু উগ্ৰ হৈছে৷ হিন্দুৰ বাবে একমাত্ৰ দেশ হ’ল ভাৰত৷ হিন্দু বাংলাদেশী বুলি কোনো শব্দ নাই৷ ভাৰত বিভাজন হৈছিল ধৰ্মৰ ভিত্তিত৷ ভাৰতবৰ্ষ হ’ল ৰে’লৱে প্লেটফৰ্মৰ দৰে, যিয়ে আহে সকলোকে আদৰি লয়৷ ৰোহিংগ্যা মুছলমানসকল ভাৰতত থিতাপি লৈছে৷ বাংলাদেশত থকা বড়ো, ৰাভাৰ ওপৰত অত্যাচাৰ হ’লে যাব ক’ত? ৰাষ্ট্ৰীয় বজৰং দলৰ প্ৰশিক্ষণ কোনো বেয়া নহয়৷ ঘৰ-সমাজ বচাব লাগিলে প্ৰশিক্ষণ ল’ব লাগিব৷ বড়োলেণ্ডত বাংলাদেশী সোমাইছে৷ বড়োলেণ্ড বচাব লাগিলে ইয়াতো ঘৰে ঘৰে প্ৰশিক্ষণ ল’ব লাগিব৷ ভাৰত হ’ল ৰামায়ণ-মহাভাৰতৰ দেশ৷ ৰামায়ণ-মহাভাৰতত এজনো মিঞা চৰিত্ৰ নাই৷ কেন্দ্ৰত পুনৰবাৰৰ বাবে নৰেন্দ্ৰ মোদীৰ নেতৃত্বতে চৰকাৰ গঠন হ’ব৷