Logo
image

মূল সাক্ষীক ভয়-ভাবুকিৰে নোহোৱা কৰি দিব সংগীতাই! জামিন নাকচৰ যুক্তি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ আগষ্টঃ তোলনীয়া দুই দেৱতুল্য সন্তানক যৌন উৎপীড়ন চলোৱা ডাঃ সংগীতা দত্তই গোচৰৰ মূল সাক্ষীক ভয়-ভাবুকিৰে নোহোৱা কৰি দিব পাৰে!– চৰকাৰী বিশেষ অধিবক্তাৰ এই যুক্তিৰ আধাৰতে চেলিব্ৰেটী চিকিৎসক অভিযুক্ত সংগীতা দত্তৰ জামিন নাকচ কৰিছে গুৱাহাটীৰ পক্‌ছ’ৰ বিশেষ আদালতে৷ দালালৰ পৰা ১ লাখ টকাৰ বিনিময়ত দুটিকৈ নৱজাতক সন্তানক  ক্ৰয় কৰি পিতৃ-মাতৃৰ মৰম দিয়াৰ নামত নিতৌ যৌন নিৰ্যাতন চলোৱা চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলাম এতিয়া গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ আলহী৷ চিকিৎসক দম্পতীৰ বিৰুদ্ধে পল্টনবজাৰ থানাত ৰুজু হোৱা গোচৰত তদন্তকাৰী আৰক্ষীয়ে আই পি চি ৩০৭/৩২৫/৩৪১/৩৪ ধাৰা, আই পি চি ৩৬৬[এ]/৩৬৭/৩৬৮/৩৭৬ [এবি] ধাৰা, জুভেনাইল জাষ্টিচ এক্টৰ ৭৫/৮০ ধাৰাৰ লগতে পক্‌ছ’ আইনৰ ৬/১৭/২১ ধাৰাত অভিযোগনামা দাখিল কৰিছে৷ ১০০ দিনৰো অধিক সময় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ডাঃ সংগীতা দত্তই মঙলবাৰে জামিন বিচাৰি পক্‌চ’ৰ বিশেষ আদালতৰ দ্বাৰস্থ হয় যদিও আদালতে জামিন নামাঞ্জুৰ কৰে৷ আদালতত চৰকাৰী পক্ষৰ বিশেষ অধিবক্তাই জামিন আবেদনৰ বিৰোধিতাৰে যুক্তি দাঙি ধৰে যে সংগীতা দত্তই ভয়-ভাবুকিৰে মূল সাক্ষীক নোহোৱা কৰি দিব পাৰে৷ নতুবা অভিযুক্ত সংগীতা দত্তই গোচৰটোৰ সাক্ষীক উৎকোচ বা অন্য প্ৰকাৰে প্ৰভাৱান্বিত কৰি আদালতত ভাষ্য সলনি কৰোৱাব পাৰে৷ চৰকাৰী অধিবক্তাই লগতে অভিযোগনামাৰ উদ্ধৃতি দি ইয়াকো যুক্তি দিয়ে যে ডাঃ সংগীতা দত্তই কন্যা শিশুটিৰ দেহত আঘাতৰ সন্দৰ্ভত জ্ঞাত আছিল৷ এগৰাকী অভিভাৱক হিচাপে সন্তানটিৰ আঘাতৰ শুশ্ৰূষা কৰাটো সংগীতা দত্তৰ প্ৰধান দায়িত্ব আছিল৷ যদিহে তেওঁ সেই নিৰ্যাতন চলোৱা নাছিল, তেনেহ’লে সংগীতা দত্তই তেওঁ ঘৰৰ কাম কৰা মহিলা বা আন কৰ্মচাৰীৰ বিৰুদ্ধে সন্তানটিক চলোৱা অত্যাচাৰৰ বাবে আৰক্ষীক এজাহাৰ দিব লাগিছিল৷ কিন্তু সংগীতা দত্তই তেনে কোনো কাম কৰা নাছিল৷ শিশুটিৰ দেহত আঘাতৰ সৈতে তেওঁ যে জড়িত আছে সেয়া উক্ত ঘটনাই স্পষ্ট কৰে বুলিও যুক্তি দাঙি ধৰি অভিযুক্ত চিকিৎসকগৰাকীৰ জামিন নাকচৰ আৰ্জি দিয়ে চৰকাৰী অধিবক্তাই৷ লগতে চৰকাৰী অধিবক্তাই সংগীতা দত্তক পক্‌ছ’ আইনৰ ৬ ধাৰাত অভিযুক্ত কৰা বিষয়টোকো আদালতৰ দৃষ্টি গোচৰ কৰে৷ এই যুক্তিৰ আধাৰতে পক্‌ছ’ৰ বিশেষ আদালতৰ ন্যায়াধীশ এ ভট্টাচাৰ্যৰ বিচাৰপীঠে সংগীতা দত্তৰ জামিন আবেদন নামাঞ্জুৰ কৰে৷