Logo
image

ছিংগাপুৰ ৩, ভাৰত ৮৬ স্থানত

আমাৰ অসম, ২৯ জানুৱাৰীঃ দুৰ্নীতিৰ মাপকাঠিত ভাৰতৰ স্থান ২০১৯ তকৈ ২০২০ ত অৱনমন ঘটিছে৷ ট্ৰেন্সপাৰেঞ্চি ইণ্টাৰনেশ্বনেল নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে নিৰ্ধাৰণ কৰা দুৰ্নীতিগ্ৰস্ত আৰু দুৰ্নীতিমুক্ত দেশৰ শেহতীয়া তালিকাত ভাৰতৰ স্থান ৮৬৷ অথচ ভাৰতৰ চুবুৰীয়া দেশ ভূটানে দুৰ্নীতিৰ এই সূচকত দুৰ্নীতিমুক্ত দেশ হিচাপে নিজকে প্ৰতিষ্ঠা কৰি ২৪ সংখ্যক স্থান অৰ্জন কৰিছে৷ বিগত বছৰত ভূটানৰ স্থান আছিল ২৫৷ সেই হিচাপত দুৰ্নীতি হ্ৰাস কৰি ভূটান এখোজ ওপৰলৈ উঠিছে আৰু দুৰ্নীতি বৃদ্ধি কৰি ভাৰত ছখোজ পিছলৈ নামিছে৷ দুৰ্নীতিমুক্ত দেশ হিচাপে এই মাপকাঠিত শীৰ্ষস্থান অৰ্জন কৰিছে নিউজীলেণ্ড আৰু ডেনমাৰ্কে যুটীয়াভাৱে৷ দ্বিতীয় স্থানত যুটীয়াভাৱে আছে ফিনলেণ্ড আৰু ছুইজাৰলেণ্ড৷ তাৎপৰ্যপূৰ্ণ এয়াই যে এই তালিকাৰ তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰথম দহৰ ভিতৰত থকা একমাত্ৰ এছিয়াৰ দেশ ছিংগাপুৰে৷ ছিংগাপুৰে একেৰাহে প্ৰায় দুৰ্নীতিমুক্ত দেশ হিচাপে বিগত কেইবাবছৰ ধৰি এই সূচকত শীৰ্ষৰ দিশে স্থান লাভ কৰি আহিছে৷ ইপিনে, এই তালিকাত ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানৰ স্থান হৈছে ১২৪, চীন আছে ৭৮ সংখ্যক স্থানত আৰু বাংলাদেশ ১৪৬ সংখ্যক স্থানত৷ বিশ্বৰ মুঠতে ১৮০ খন দেশৰ মাজত দুৰ্নীতি আৰু দুৰ্নীতিবিহীন পৰিৱেশৰ সমীক্ষা চলাই ট্ৰেন্সপাৰেঞ্চি ইণ্টাৰনেশ্বনেল নামৰ আন্তঃৰাষ্ট্ৰীয় সংগঠনটোৱে এই পৰিসংখ্যা প্ৰকাশ কৰে৷ তেওঁলোকে প্ৰকাশ কৰা সমীক্ষাত জনাইছে যে, ২০২০ চনত বিশ্বজুৰি ক’ভিড মহামাৰীয়ে চানি ধৰাৰ ফলত প্ৰায় সকলো দেশতে পূৰ্বৰ তুলনাত দুৰ্নীতি বৃদ্ধি পাইছে৷ ক’ভিড পৰিস্থিতিৰ সুযোগ লৈ চৰকাৰী ক্ষেত্ৰত বিশ্বৰ সকলো দেশতে দুৰ্নীতি বাঢ়ি যোৱা বুলি উক্ত সংগঠনটোৱে তেওঁলোকৰ বিশ্লেষণত প্ৰকাশ কৰিছে৷ ক’ভিডে কেৱল জনসাধাৰণৰ স্বাস্থ্যই হানি কৰা নাই, দুৰ্নীতি বৃদ্ধি কৰি বিশ্বৰ আৰ্থিক আৰু সামাজিক পৰিস্থিতিও বিষময় কৰি তুলিছে৷