Logo
image

শিশুৰ মোবাইল ব্যৱহাৰৰ সীমা দুঘণ্টা বান্ধি দিব চীনে

বেইজিং, ৪ আগষ্টঃ মোবাইল ফোনৰ প্ৰতি কিশোৰ-কিশোৰীসকলৰ লগতে শিশুসকলৰো আসক্তি বাঢ়িছে৷ সুযোগ পালেই মোবাইল ফোন ব্যৱহাৰ কৰাটো শিশু বা কিশোৰ-কিশোৰীসকলৰ বাবে অভ্যাসত পৰিণত হৈছে৷  পিছে এনে অভ্যাস বন্ধ কৰাৰ বাবে শেহতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ আগবাঢ়িছে চীন চৰকাৰে৷ চীনৰ চাইবাৰ স্পেচ কণ্ট্ৰ’লাৰ অৰ্থাৎ চিএছচিৰ মতে শিশুসকলৰ বাবে স্মাৰ্ট ফোন ব্যৱহাৰৰ সময় দিনত ২ ঘণ্টাতে সীমাৱদ্ধ কৰা উচিত৷ ইয়াৰ বাবে চিএছচিয়ে স্মাৰ্ট ডিভাইচ কোম্পানীসমূহক এটা সৰু মুড ব্যৱহাৰৰ ব্যৱস্থা কৰাৰ বাবে প্ৰস্তাৱ দিবলৈ ওলাইছে৷ যিটো মুডে ১৮ বছৰতকৈ কম বয়সীয়াসকলক নিশা ১০ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত ইণ্টাৰনেট সেৱা ব্যৱহাৰত বাধা প্ৰদান কৰিব৷ প্ৰস্তাৱিত এই পৰিৱৰ্তনত মোবাইল ফোনৰ কোম্পানীসমূহক সময় সীমা নিৰ্ধাৰণৰ ব্যৱস্থা কৰিবলৈও কোৱা হ’ব বুলি চিএছচিৰ তৰফৰ পৰা জানিবলৈ দিছে৷ প্ৰস্তাৱটোৰ মতে ১৬ বছৰৰ পৰা ১৮ বছৰৰ বয়সৰ কিশোৰ-কিশোৰীসকলৰ বাবে এই সময় সীমা দুঘণ্টা নিৰ্ধাৰণ কৰা হ’ব৷ ৮ বছৰৰ পৰা ১৬ বছৰৰ বয়সৰ সকলৰ বাবে এঘণ্টা আৰু ৮ বছৰৰ তলৰ শিশুসকলৰ বাবে মোবাইল ফোনৰ ব্যৱহাৰৰ সময় দিনত মাত্ৰ ৮ মিনিট কৰা হ’ব৷ উল্লেখ্য যে স্মাৰ্ট ফোনৰ প্ৰতি আসক্তি সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে৷ ইয়াৰ ফলত শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ কমি অহা, টোপনিৰ সমস্যা আৰু সামাজিক বিচ্ছিন্নতাৰ দৰে সমস্যাই দেখা দিছে৷ যাৰ বাবে চীন চৰকাৰে শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মোবাইল ফোনৰ প্ৰতি থকা আসক্তি ৰোধ কৰাৰ বাবে এনে পৰিকল্পনা গ্ৰহণৰ সিদ্ধান্ত লয়৷ চিএছচিয়ে লগতে এই বুলিও উল্লেখ কৰে যে প্ৰস্তাৱটোৰ মতে ১৮ বছৰ বয়সৰ তলৰ কিশোৰ-কিশোৰীসকলৰ বাবে স্ক্ৰীণ টাইম দুঘণ্টা নিৰ্ধাৰণ হ’ব৷ একেদৰে ৮ বছৰৰ তলৰ শিশুসকলে মাত্ৰ ৪০ মিনিটহে স্কীণ টাইমৰ অনুমতি লাভ কৰিব৷ ১৬-১৭ বছৰ কিশোৰ-কিশোৰীসকলৰ বাবে স্কীণ টাইম হ’ব মাত্ৰ ২ ঘণ্টা৷ চিএছচিয়ে লগতে কোন বয়সৰ ল’ৰা-ছোৱালীয়ে কেনেধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰিব সেই বিষয়েও প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ সেই অনুসৰি ৩ বছৰতকৈ কম বয়সৰ শিশুসকলে মাথো গান আৰু অডিঅ’ সামগ্ৰীহে ব্যৱহাৰ কৰিব পাৰিব৷ যিসকলৰ বয়স ১২ ৰ পৰা ১৬ বছৰৰ ভিতৰত তেওঁলোকে মাথোন শিক্ষামূলক আৰু সংবাদভিত্তিক সামগ্ৰীহে ব্যৱহাৰ কৰিব পাৰিব৷ চিএছচিয়ে চীনৰ প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক লগতে সাৱধান কৰি দিছে যাতে তেওঁলোকে এনে কিছুমান বস্তুৰ সৰবৰাহ নকৰে, যিবোৰে শিশু বা কিশোৰ-কিশোৰীসকলক সহজে আসক্ত কৰে৷ অৱশ্যে চীন চৰকাৰৰ এই পদক্ষেপ কিমানদূৰ কাৰ্যকৰী হ’ব সেয়া সময়েহে ক’ব৷