ঘিউ খালেও পাব অনেক উপকাৰ
অধিকাংশ লোকেই মেদবহুলতাৰ পৰা হাত সাৰি থাকিবৰ বাবে ঘিউ, ক্ৰীমৰ দৰে দুগ্ধজাত খাদ্য খোৱাৰ পৰা বিৰত থাকে৷ কিন্তু বিশেষজ্ঞসকলৰ মতে ঘিউ স্বাস্থ্যৰ বাবে উপকাৰী৷ কিন্তু ঘিউ বেছিকৈ খোৱা উচিতো নহয়৷
১] কলেষ্টেৰল নিয়ন্ত্ৰণ কৰেঃ কলেষ্টেৰলৰ সমস্যা থাকিলে বেছি চৰ্বিযুক্ত মাখন খোৱাৰ পৰিৱৰ্তে কম চৰ্বিযুক্ত ঘিউ খাব পাৰে৷ ঘিউ সহজে আৰু সোনকালে হজমো হয়৷ অন্ত্ৰৰ লগতে ছেৰামত[ৰক্তত মিহলি হৈ থকা তৰল দ্ৰব্য] থকা কলেষ্টেৰলো ঘিউৱে হ্ৰাস কৰিব পাৰে৷ শৰীৰৰ বাবে ভাল চৰ্বিৰ বাবে ঘিউ হৈছে আটাইতকৈ ভাল৷
২] পাচন তন্ত্ৰৰ সহায়কঃ ঘিউত বিউটেৰিক এচিড থাকে আৰু ই এবিধ ফেটি এচিড৷ এই এচিড একপ্ৰকাৰৰ ৰোগ প্ৰতিৰোধ প্ৰক্ৰিয়াৰ লগত জড়িত ই পাচন তন্ত্ৰৰ বিকাৰ নাশ কৰাত সহায় কৰে৷ ঘিউ খালে হজম ক্ষমতা বৃদ্ধি পায৷
৩] ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিঃ ঘিউত থাকে এণ্টি-অক্সিডেণ্ট উপাদান৷ ঘিউ নিয়মীয়াকৈ খালে ভিটামিন, খনিজৰ ক্ষমতা বৃদ্ধি পায় আৰু এই উপাদানবিলাকৰ যোগান শৰীৰে লাভ কৰে৷ ইয়াৰ ফলত শৰীৰত ৰোগ প্ৰতিৰোগ ক্ষমতা বৃদ্ধি পায়৷
৪] হাড়ৰ স্বাস্থ্যৰ বাবেঃ গৰুৰ ঘিউ খালে হাড়ৰ শক্তি বৃদ্ধি পায়৷ গৰুৰ ঘিউ চৰ্বি- ভিটামিনৰ আটাইতকৈ উৎকৃষ্ট উৎস৷ এইবোৰে হাড়, মগজুৰ বিকাশত সহায় কৰে, ৷
৫] গৰুৰ ঘিউ খোৱাৰ ফলত স্মৃতি শক্তি আৰু মগজুৰ সামৰ্থ্যও বৃদ্ধি হয়৷
৬] হৃদৰোগীৰ বাবেঃ গৰুৰ ঘিউত ভিটামিন K২ থাকে যিয়ে ধমনীবোৰত কেলচিয়াম জমা হোৱাত বাধা দিয়ে, ই ক্ষতিকাৰক তেজৰ কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি ভাল কলেষ্টেৰলৰ স্তৰ বৃদ্ধি কৰি হৃদযন্ত্ৰক কাম কৰাত সহায় কৰে৷ হৃদ ৰোগীৰ বাবে ঘিউ উত্তম৷
৭] ওজন নিয়ন্ত্ৰণঃ ওজন বৃদ্ধি বা হ্ৰাস কৰাত গৰুৰ ঘিউৱে সহায় কৰিব পাৰে৷ ওজন হ্ৰাস কৰাৰ বাবে, ই Conjugated Linoleic Acid (CLA) প্ৰাপ্ত কৰাৰ এক ভাল উপায় যি বিপাকীয় হাৰ বৃদ্ধি কৰে; একেদৰে ওজন হ্ৰাস আৰু পাকস্থলীৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে৷ ই ওজন নিয়ন্ত্ৰণত ৰাখিব পাৰে আৰু ডায়েবেটিচ প্ৰতিৰোধত সহায় কৰে৷