Logo
image

১৪০ বছৰত চীনত সৰ্বাধিক বৰষুণ, পৰিস্থিতি জটিল

বেইজিং, ৪ আগষ্টঃ ১৪০ বছৰত চীনত হোৱা সৰ্বাধিক বৰষুণে দেশখনৰ ৰাজধানী বেইজিঙকে ধৰি আন আন স্থানৰ পৰিস্থিতি অতি শোচনীয় কৰি তুলিছে৷ ৰাজধানী বেইজিঙতে শনিবাৰৰ পৰা বুধবাৰৰ পুৱালৈকে ৭৪৪.৮ মিলিমিটাৰ বৰষুণ হয়৷ যাৰ ফলত ৰাজধানী বেইজিঙকে ধৰি চীনৰ আন আন আগশাৰীৰ চহৰ আৰু উপকণ্ঠ এলেকা বানত বুৰ যায়৷ ৰাজধানী বেইজিঙৰ গুৰুত্বপূৰ্ণ পথ পানীত বুৰ যোৱাৰ ফলত বহু লোকক নিৰাপদ স্থানলৈ নিয়া হয়৷ সাগৰীয় ধুমুহা ডকছুৰিৰ ফলত চীনত বিগত কেইবাদিনো ধাৰাসাৰ বৰষুণ অব্যাহত থকাত জন-জীৱন ব্যাহত হৈ পৰিছে৷ বাট-পথবোৰ পানীৰে ভৰি পৰা নাও আৰু লাইফ বোট লৈ বহু লোকে নিৰাপদ স্থানলৈ আঁতৰি যাবলগীয়া হৈছে৷ আৱদ্ধ হৈ থকা লোকসকলক ৰাবাৰ বোটেৰে নিৰাপদ স্থানলৈ নিয়া হৈছে৷ ৰাজধানী বেইজিঙে ১৪০ বছৰৰ পাছত ভয়ংকৰ বান পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে৷ বেইজিং আৰু ইয়াৰ ওচৰতে থকা হেবেই প্ৰদেশতে বানে সৰ্বাধিক ক্ষতি কৰিছে৷ বেইজিং আৰু হেবেই প্ৰদেশৰ বহু এলেকাত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে৷ বৰষুণ-বানৰ বাবেই বহু গুৰুত্বপূৰ্ণ পথ ধবংস হৈছে, দলং উটি গৈছে, বিদ্যুৎ যোগান ব্যাহত হৈছে আৰু খোৱা পানীৰ পাইপো ধবংস হৈছে৷ বেইজিঙৰ আশে-পাশে থকা নদীবোৰ বিপদ সীমাৰ ওপৰেদি বৈ থকাত বহু গাড়ী উটি গৈছে৷ বেইজিং আৰু ইয়াৰ আশে-পাশে থকা এলেকাত বৰষুণ-বানৰ ফলত এতিয়ালৈকে ২১জনৰ মৃত্যু হৈছে৷ বেইজিঙৰ দক্ষিণ সীমান্তত থকা হেবেই প্ৰদেশৰ ঝৌঝৌ নামৰ সৰু চহৰখনৰ অৱস্থা অতি বেয়া৷ উদ্ধাৰকাৰী দলে ইয়াত অভিযান অব্যাহত ৰাখিছে৷ হেবেই প্ৰদেশতে বৰষুণ-বানত ক্ষতিগ্ৰস্ত হৈছে ৮,৫০,০০০ লোক৷