Logo
image

বাজপেয়ী ভৱনত ৰবীন্দ্ৰ ৰাজুক উষ্ম আদৰণি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ আগষ্টঃ ৰাজ্যিক বিজেপিৰ নৱ নিযুক্ত সাংগঠনিক সম্পাদক জী আৰ ৰবীন্দ্ৰ ৰাজু শুকুৰবাৰে বিয়লি বশিষ্ঠস্থিত প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হয়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, বিদায়ী ৰাজ্যিক সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক উপ-সভাপতি পুলক গোঁহাই, ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা ৰাজ্যিক মিডিয়া কোষৰ সমন্বয়ক দেৱান ধ্ৰুৱজ্যোতি মৰল আদি নেতাসকলে বিমান বন্দৰৰ পৰাই ৰাজু আদৰি বশিষ্ঠস্থিত প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয়লৈ লৈ আনে৷ কাৰ্যালয়ত নেতাজনক প্ৰদেশ বিজেপিৰ তৰফৰ পৰা বিপুলভাৱে আদৰণি জনোৱাৰ লগতে ৰাজ্যিক সভাপতি ভৱেশ কলিতা তথা হাৰিয়ানাত নিযুক্ত বিদায়ী সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাই আথে-বেথে পোথে নি ৰাজুক নিজৰ আসনত বহাই দিয়ে, আনুষ্ঠানিকভাৱে দায়িত্বভাৰ অৰ্পন কৰে৷ দায়িত্বভাৰ গ্ৰহণ কৰি ৰাজুৰ প্ৰদেশ বিজেপিৰ অফিচ বিয়েৰাৰ, মৰ্চা সমূহৰ নেতৃত্বৰ সৈতে সৌহাদ্যপূৰ্ণ বৈঠকত মিলিত হয়৷ কাইলৈ তামুলপুৰত অনুষ্ঠিত হ’বলগা এখন দলীয় বৈঠকতো ভাগ ল’ব ৰাজুৱে৷ অৱশ্যে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে ৰাজু৷ সংবাদ মাধ্যমক বিজেপিৰ মুখ্য কাৰ্যালয়লৈ কোনে মাতিলে বুলি ৰাজুৱে আজি বিষয়ববীয়াক ধমকি দিয়া বুলিহে দলীয় সূত্ৰই সদৰি কৰে৷