Logo
image

অইল ইণ্ডিয়াক ‘মহাৰত্ন’ স্বীকৃতি

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ৫ আগষ্টঃ দেশৰ ৰাজহুৱা খণ্ডৰ অন্যতম তেল উৎপাদন আৰু উন্মেষনকাৰী তৈল প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডলৈ প্ৰদান কৰা হৈছে মহাৰত্ন সন্মান৷ ইয়াৰ পূৰ্বে ৰাজহুৱা খণ্ডৰ বি এইছ ই এল, বি পি চি এল, চি আই এল, জি এ আই এল, এইছ পি চি এল, আই অ চি এল, এন টি পি চি, অ এন জি চি, পি এফ চি, পাৱাৰগ্ৰীড, আৰ ই চি এল আৰু এছ এ আই এলে এই সন্মান লাভ কৰিছিল৷ ইয়াৰ আগতে  ২০১০ চনত নৱৰত্ন স্বীকৃতি লাভ কৰা অইল ইণ্ডিয়া লিমিটেডে বিগত ২০২২-২৩ বিত্তীয় বৰ্ষত মুঠ উপাৰ্জন কৰিছিল ৪১, ০৩৯ কৌটি টকা৷ তেনেদৰে মুঠ লাভ কৰিছিল ৯,৮৫৪ কোটি টকা৷ এন আৰ এলত অধিকাংশ শ্বেয়াৰ থকা অইল ইণ্ডিয়া লিমিটেড সম্প্ৰতি এটা ইণ্টিগ্ৰেটেড শক্তি কোম্পানীলৈ ৰূপান্তৰিত হৈছে৷ এই সন্দৰ্ভত কোম্পানীটোৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ড॰ ৰঞ্জিত ৰথে জানিবলৈ দিয়া মতে এই সন্মানে প্ৰতিষ্ঠানটোৰ অংশীদাৰ সকলক উৎসাহিত কৰিব৷ প্ৰায় ছটা দশকৰ গৌৰবময় যাত্ৰাক মহিমামণ্ডিত কৰা অইল ইণ্ডিয়া লিমিটেডক এই বিৰল সন্মানৰ অধিকাৰী হোৱাৰ ক্ষেত্ৰত সহযোগিতা কৰা বাবে ভাৰত চৰকাৰৰ পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়কো ড॰ ৰথে ধন্যবাদ জ্ঞাপন কৰিছে৷ উল্লেখযোগ্য যে ১৮৮৯ চনত ডিগবৈত খাৰুৱা তেল আৱিষ্কাৰ, স্বাধীনতা-উত্তৰ কালত ১৯৫৩ আৰু ১৯৫৬ চনত নাহৰকটীয়া আৰু মৰাণত তেল আৱিষ্কাৰ কৰা অইল ইণ্ডিয়া লিমিটেডৰ আছে এক বৰ্ণিল গৌৰৱময় ইতিহাস৷ বৰ্তমান হাইড্ৰকাৰ্বন খণ্ডৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা অইল ইণ্ডিয়া লিমিটেডে দেশৰ শক্তি খণ্ডৰ উন্নয়নত অধিক মনোনিবেশ কৰিছে৷