Logo
image

অযোধ্যাৰ মছজিদত নামাজ ‘হাৰাম’

আছাদউদ্দিন ওৱেছিৰ মন্তব্যক লৈ বিতৰ্ক তুঙ্গত

আমাৰ অসম, ২৯ জানুৱাৰীঃ গণৰাজ্য দিৱসৰ দিনা অযোধ্যাত মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে ইন্দো-ইছলামিক কালচাৰেল ফাউণ্ডেচন ট্ৰাষ্টে৷ ইতিমধ্যে মঙলবাৰে এখন জনসভাত এ আই এম আই এমৰ সভাপতি আছাদউদ্দিন ওৱেছিয়ে দিয়া এক মন্তব্যক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে৷ তেওঁৰ বক্তব্য অনুসৰি, অযোধ্যাৰ মছজিদত নামাজ পঢ়াটো হাৰাম৷ ইয়াকে লৈ ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ট্ৰাষ্টে৷ ট্ৰাষ্টে স্পষ্ট কৰি দিছে–‘য’ত সৰ্বশক্তিমান আল্লাহৰ উদ্দেশ্যে প্ৰাৰ্থনা কৰা হয় সেয়া কেতিয়াও হাৰাম হ’ব নোৱাৰে৷’ ওৱেছিৰ মতে– মছজিদত কোনো মুছলমানে প্ৰাৰ্থনা কৰাটো উচিত নহয়৷ মছজিদ নিৰ্মাণৰ বাবে চান্দা আদায় দিয়াতকৈ সেই ধন কোনো গৰীৱ ছোৱালীৰ বিয়াত সাহায্য হিচাপে দিয়া উচিত৷’ ওৱেছিৰ এনে  মন্তব্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি ট্ৰাষ্টৰ সম্পাদক আফটাৰ হুছেইনে কয়- ‘ওৱেছিয়ে এনেকুৱা অঞ্চলত ডাঙৰ হৈছে য’ত ভাৰতৰ স্বাধীনতা আন্দোলনৰ কোনো প্ৰভাৱ পৰা নাছিল৷ অযোধ্যা হ’ল ইংৰাজৰ বিৰুদ্ধে সংগ্ৰামৰ এক পূণ্য ভূমি৷’ সেই কথা ওৱেছিয়ে জনা উচিত৷