Logo
image

অভিনেত্ৰীক যৌনকৰ্মীৰে ৰিজালে বিজেপি সাংসদে, ৰাজনীতি উত্তপ্ত

আমাৰ অসম, ২৯ জানুৱাৰীঃ কিছুদিন পূৰ্বে অভিনেত্ৰী সায়নী ঘোষ আৰু প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ৰ টুইট যুদ্ধই গৰম কৰি ৰাখিছিল ছ’চিয়েল মিডিয়া৷ টলীউডতো সায়নীৰ বিৰুদ্ধে অভিযোগ উঠিছিল যে তেওঁ হিন্দু ধৰ্মাৱলম্বীৰ আবেগত আঘাত কৰিছে৷ যাৰ বাবে ৰবীন্দ্ৰ সৰোবৰ থানাত সায়নীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল বিজেপি নেতা তথা মেঘালয় আৰু ত্ৰিপুৰাৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰায়ে৷ সেই সমালোচনা-চৰ্চা তুংগত উঠাৰ সময়তে টুইটযোগে অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছিল যে তেওঁ ধৰ্মীয় আৱেগত আঘাত কৰিব বিচৰা নাই৷ তেওঁৰ দাবী– ২০১৫ বৰ্ষত এই টুইট তেওঁৰ অগোচৰে কৰা হৈছিল৷ পশ্চিমবংগ চৰকাৰৰ স্বাস্থ্য বিভাগৰ এইডছ সচেতনতাৰ বিজ্ঞাপন এটা টুইট আছিল সায়নীৰ টুইটাৰ হেণ্ডলত৷ বিজ্ঞাপনটোত বুলা দি নামৰ মহিলাৰ এটা গ্ৰাফিক্স চৰিত্ৰই শিৱলিংগৰ মূৰত এটা কনডম পিন্ধাই দিছিল৷ সেই বিজ্ঞাপনটোৰ ভিডিঅ’ টুইট কৰি সায়নীৰ প’ষ্টটোত কেপচন দিয়া আছিল– ‘ঈশ্বৰ ইয়াতকৈ অধিক সক্ৰিয় হ’ব নোৱাৰে৷ এই বিতৰ্কৰ পাছত সায়নীয়ে আন এক টুইটযোগে তেওঁৰ একাউণ্টটো হেক কৰা হৈছিল বুলি দাবী কৰিছে৷ এই ঘটনাক লৈ গৰজি উঠিছিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ এইবাৰ সেই টুইটক লৈ বিতৰ্কিত মন্তব্য কৰা দেখা গৈছে বিষ্ণুপুৰৰ সাংসদ সৌমিত্ৰ খানক৷ অভিনেত্ৰী সায়নী ঘোষক যৌনকৰ্মীৰ সৈতে তুলনা কৰিছে বিজেপি সাংসদজনে৷ বিজেপিৰ যুৱমৰ্চাৰ সভাপতি সৌমিত্ৰ খানে বুধবাৰে বৰ্ধমানৰ খণ্ডঘোষত জনসভাত অংশগ্ৰহণ কৰিছিল৷ তাতেই অশালীন ভাষাত সায়নীক আক্ৰমণ কৰি তেওঁ কয় যে সায়নী ঘোষৰ দৰে একাংশ শিল্পীয়ে শিৱলিংগ আৰু মা সৰস্বতী সম্পৰ্কে অশ্লীল আৰু বিতৰ্কিত মন্তব্য কৰিছে৷ আমি বিশ্বাস কৰো যিয়ে মা সৰস্বতী আৰু শিৱলিংগক অপমান কৰিছে তেওঁ প্ৰকৃততে যৌনকৰ্মী৷ জনসমাৱেশত তেওঁ কয় যে তৃণমূল কংগ্ৰেছৰ অভিনেত্ৰী সায়নী ঘোষে দেৱী সৰস্বতীক যৌনকৰ্মী বুলি কৈছে৷ আমি কওঁ যে আমাৰ শিৱলিংগ আৰু মা-মনসাক অপমান কৰা সায়নী ঘোষ এগৰাকী বাৰবণিতা৷ তেওঁ বিচাৰিলে আমাৰ বিৰুদ্ধে গোচৰ তৰিব পাৰে৷