Logo
image

ডেংগু, এনকেফেলাইটিছৰ প্ৰকোপ

নিত্য-ব্যৱহাৰ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিৰ লগতে অসমত শেহতীয়াভাৱে ডেংগু আৰু জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰকোপ বৃদ্ধি পাইছে৷ এনকেফেলাইটিছ ৰোগত উজনি আৰু নামনি অসমৰ কেইবাখনো জিলাত কেইবাজনো লোকৰ মৃত্যু হৈছে৷ প্ৰতিবছৰেই বানৰ সংহাৰৰ পাছত অসমত জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়৷ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায় সাধাৰণতে গ্ৰীষ্মকালত আৰু এই ৰোগৰ বাহক হৈছে এবিধ মহ৷ এই ৰোগৰ পৰা হাত সাৰি থকাৰ শ্ৰেষ্ঠ উপায় হৈছে মহৰ কামোৰৰ পৰা আঁতৰি থকা৷ এইক্ষেত্ৰত চৰকাৰৰ স্বাস্থ্য বিভাগৰো বহুখিনি কৰিবলগীয়া আছে যদিও অসমত শেহতীয়াভাৱে জাপানীজ এনকেফেলাইটিছ আৰু ডেংগুৱে সংহাৰী ৰূপ লোৱাৰ পাছতো স্বাস্থ্য বিভাগে নিৰ্লিপ্ত ভূমিকা লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ এনকেফেলাইটিছৰ দৰেই ডেংগু ৰোগ বিয়পে এবিধ মহৰ  দ্বাৰা৷ ডেংগুত আক্ৰান্ত লোক এজনক কামোৰাৰ পাছত মহটোৱে আন এজনক কামুৰিলে সেই লোকজনো আক্ৰান্ত হৈ পৰে৷ সাধাৰণতে এই মহটোৱে দিনৰ ভাগতহে কামোৰে আৰু সেয়েহে যিসকলৰ দিনৰ ভাগত শোৱাৰ অভ্যাস, তেওঁলোকে আঁঠুৱা ব্যৱহাৰ কৰা উচিত৷ বাৰিষা আৰম্ভ হোৱাৰ পৰা নৱেম্বৰমানলৈ সাধাৰণতে ডেংগুৰ প্ৰভাৱ দেখা যায়৷ কিয়নো এই সময়ছোৱাত ডেংগু বিয়পোৱা মহটোৰ বংশবৃদ্ধি হয়৷ সেয়েহে সাৱধানতাই হৈছে ডেংগুৰ পৰা হাত সৰাৰ সৰ্বশ্ৰেষ্ঠ উপায়৷ এই ৰোগৰ ভেকচিন বজাৰত পোৱা নায়ায যদিও এইক্ষেত্ৰত পৰীক্ষা-নিৰীক্ষা চলি আছে৷ চিকিৎসকসকলৰ মতে, চহৰ অঞ্চলৰ লোকে ডেংগুৰ লক্ষণবোৰৰ  প্ৰতি গুৰুত্ব নিদিয়াৰ বাবেই অধিক লোক এই ৰোগত আক্ৰান্ত হয়৷ খুব বেছি জ্বৰ হোৱা, গাৰ বিষ হোৱা, বমিৰ ভাব হোৱা, নাক আৰু দাঁতৰ আলুৰে তেজ ওলোৱা আদি হৈছে ডেংগুৰ লক্ষণ৷ এনে লক্ষণ দেখা দিলে ৰোগীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা উচিত৷ কেৱল ধোঁৱা দিয়াতে দায়িত্ব নাসামৰি ডেংগু যাতে অসমৰ নতুন নতুন অঞ্চললৈ নিবিয়পে, তাৰ বাবেও স্বাস্থ্য বিভিাগে ব্যৱস্থা লোৱা উচিত৷

ইপিনে, যিবিধ মহে জাপানীজ এনকেফেলাইটিছ ৰোগৰ বীজাণু কঢ়িয়ায়, সেইবিধ মহে যিকোনো জন্তুক কামুৰি আহি যদি মানুহক কামোৰে, তেনেহ’লে জাপানীজ এনকেফেলাইটিছ ৰোগ মানুহৰ দেহলৈ সংক্ৰমিত হয়৷ এই ৰোগবিধৰ প্ৰাৰম্ভিক লক্ষণবোৰ হৈছে জ্বৰ, মূৰৰ বিষ আৰু বমি হোৱা৷ সেয়েহে এনে উপসৰ্গই দেখা দিলে সময় নষ্ট নকৰি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে৷ সাধাৰণতে গ্ৰামাঞ্চলতহে এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হোৱা দেখা যায়৷ ইয়াৰ মূল কাৰণ হৈছে ৰোগবিধৰ ভয়াৱহতাৰ বিষয়ে সৰ্বসাধাৰণৰ সচেতনাৰ অভাৱ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তথ্য অনুসৰি ২০১৮ চনৰ পৰা ২০২২ চনলৈ ভাৰতত জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৭৩০জন লোকৰ ৪৪২জনেই আছিল অসমৰ৷ বাৰিষাৰ সময়ছোৱাত এই ৰোগবিধে অসমত কেনে এক সমস্যাৰ সৃষ্টি কৰে স্বাস্থ্য বিভাগৰ তথ্যই তাৰ প্ৰমাণ৷ বৰ্তমান জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা হাত সাৰি থাকিবলৈ প্ৰতিষেধকৰো ব্যৱস্থা আছে৷ তাৰ পাছতো অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাটো চিন্তনীয় বিষয়৷ এনে এটা সমস্যাৰ বাবে সকলো দোষ চৰকাৰৰ ওপৰত জাপি দিয়াটোও নিশ্চয় সমীচীন নহয়৷ সমাজৰ প্ৰতি শ্ৰেণীৰ লোক এইক্ষেত্ৰত সতৰ্ক আৰু সচেতন থকা প্ৰয়োজন৷ তাৰ লগতে চৰকাৰৰ স্বাস্থ্য বিভাগৰো নিশ্চয় কৰণীয় বহুখিনি আছে৷