Logo
image

অসমতো ৰাহুলৰ পদযাত্ৰা? প্ৰদেশ কংগ্ৰেছৰে দিল্লীত বৈঠক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৯ আগষ্টঃ কংগ্ৰেছ হাইকমাণ্ডৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত সঁজাতী দলটোৱে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সৈতে মঙলবাৰে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়৷ আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যৰ ১৪টা সমষ্টিত কোন কোন প্ৰাৰ্থী হ’ব, কংগ্ৰেছৰ মিত্ৰদল অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আম আদমি পাৰ্টীক কোনকেইটা সমষ্টি এৰি দিয়া হ’ব সেই সন্দৰ্ভত আলোচনা কৰে কংগ্ৰেছৰ সঁজাতী দলটোৱে৷ ৰাহুল গান্ধীৰ দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচীৰ সন্দৰ্ভতো আলোচনা কৰা হয়৷ ৰাহুল গান্ধীয়ে ছেপ্টেম্বৰত পুনৰ আৰম্ভ কৰিব দ্বিতীয়লানি ভাৰত জোড়ো কাৰ্যসূচী৷ সাংসদ পদ বাতিল কৰাৰ পাছতে ৰাহুল গান্ধীয়ে দ্বিতীয়লানি ভাৰত জোড়ো যাত্ৰাৰ কথা ঘোষণা কৰিছিল৷ অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ পৰা দ্বিতীয়লানি ভাৰত জোড়ো যাত্ৰা আৰম্ভ হোৱাৰ ইংগিত দিছে কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই৷  বৈঠকত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিজেপি চৰকাৰৰ অপশাসনক লৈ কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এখন বিশেষ বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰা হয়৷ অসমতো ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা কাৰ্যসূচী লোৱা সন্দৰ্ভতো আলোচনা কৰা হয়৷ বিৰোধী ঐক্য মঞ্চৰ তিনিটা দল এজেপি, ৰাইজৰ দল আৰু জাতীয় দল, অসমক ‘ইণ্ডিয়া’ৰ অন্তৰ্ভুক্ত কৰিবলৈ কংগ্ৰেছ হাইকমাণ্ডক আহ৩ান জনায় প্ৰদেশ কংগ্ৰেছৰ সঁজাতী দলটোৱে৷ উল্লেখ্য, মঙলবাৰে কংগ্ৰেছ হাইকমাণ্ডৰে অনুষ্ঠিত বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ সৈতে উপস্থিত থাকে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, ৰাণা গোস্বামী, কমলাক্ষ দে পুৰকায়স্থ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেক, গৌৰৱ গগৈ, বিধায়ক ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ দ্বিজেন শৰ্মা, জ্যেষ্ঠ নেতা আৰ পি শৰ্মা, জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মা আদি৷

দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্তবিশ্বঃ জীতেন্দ্ৰ সিং

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, জ্জ্ব আগষ্টঃ দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰীজন হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা৷ আপাতমস্তক দুৰ্নীতিত লিপ্ত মুখ্যমন্ত্ৰীজনে এতিয়া নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ বাবে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে অসমখন অস্থিৰ কৰি তুলিব বিচাৰিছে৷ এই ভাষ্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতা তথা অসমৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙৰ৷ তেওঁ আৰু কয়– যাৰ বাবে অসমত মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণৰ ঘটনা সংঘটিত হৈ আছে৷ বাস্তৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘নজিৰবিহীন’ দুৰ্নীতি আৰু সাম্প্ৰদায়িক বিষবাষ্পক সমুখত ৰাখি অসমত কংগ্ৰেছ দলে আগন্তুক লোকসভা নিৰ্বাচনত অবতীৰ্ণ হ’ব বিচাৰিছে৷ যাৰ বাবে দলটোয়ে এতিয়া এক আক্ৰমণাত্মক ৰণনীতি প্ৰস্তুত কৰি আছে৷ আক্ৰমণাত্মক এই ৰণনীতিৰ অংশৰূপে আজি নতুন দিল্লীত এ আই চি চিৰ মুখ্য কাৰ্যালয়ত প্ৰদেশ কংগ্ৰেছ নেতৃত্বই দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে এখন মেৰাথন বৈঠকত মিলিত হয়৷ প্ৰায় সাৰে তিনি ঘণ্টা ধৰি চৰা বৈঠকখনত দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাজুৰ্ন খাৰ্গে, প্ৰাক্তন সভাপতি ৰাহুল গান্ধী, দলৰ সাংগঠনিক সাধাৰণ সম্পাদক মাণিক টেগৰ আৰু অসমত দলৰ তত্বাবধায়ক জীতেন্দ্ৰ সিঙে উপস্থিত থাকে৷ বৈঠকত গৃহীত সিদ্ধান্ত অনুসৰি অসম তথা উত্তৰপূৰ্বাঞ্চলত বিজেপিৰ অপশাসনক লৈ কংগ্ৰেছৰ ৱাৰ্কিং কমিটীৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হ’ব৷ লক্ষণীয়ভাবে বৈঠকৰ অন্তত সাংবাদিকক সম্বোধন কৰি জীতেন্দ্ৰ সিং আৰু প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাক শাসকীয় বিজেপি আৰু মুখ্যত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যথেষ্ট আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হয়৷ বিজেপিয়ে গুজৰাট, শেহতীয়াকৈ মণিপুৰ আৰু হৰিয়াণাৰ দৰে অসমকো অশান্ত কৰাৰ এক ব্লু-প্ৰিণ্ট হাতত লোৱা বুলি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই অভিযোগ উত্থাপন কৰে৷ অসমত দলৰ দায়িত্বত থকা সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ বক্তব্য— অসমত মুকলিকৈ গেৰুৱাবাহিনীয়ে যিদৰে অস্ত্ৰ প্ৰশিক্ষণ লৈ আছে সেয়া ৰাজ্যখনৰ বাবে নিঃসন্দেহে অশনি সংকেত কঢ়িয়াই আনিছে৷ কেৱল ধৰ্মীয় মেৰুকৰণেৰে লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমখন জ্বলাব বিচাৰিছে৷ এই প্ৰসংগত প্ৰদেশ কংগ্ৰেছ সভাপতি ভূপেন বৰাই কয়– বিশ্ব হিন্দু পৰিষদৰ নামত বিজেপি তথা আৰ এছ এছে যিদৰে অসমত মুকলিকৈ অস্ত্ৰ প্ৰশিক্ষণ দি আছে সেই কথা ৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এ আই চি চিয়ে৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰীক দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিহীত কৰি বৰাই কয় যে আজিৰ বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেদৰে পোনে পোনে দুৰ্নীতিত জড়িত হৈ আছে সেই কথা আমি আলোচনা কৰিছো৷ ভূমি কেলেংকাৰি, দুখীয়া লোকৰ টকা আত্মসাৎ কৰা শাৰদা কেলেংকাৰিৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীজনে কেনেকৈ জড়িত সেই কথা আমি আলোচনা কৰিছো৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সেই সময়ত অসমত দলৰ পৰ্যবেক্ষক এছ এছ আলুৱালীয়াই যিদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা শাৰদা কেলেংকাৰীৰ তদন্ত কৰা হব বুলি অসমত ঘোষণা কৰিছিল সেই তদন্তৰ কি হ’ল? আনহাতে ৰাজ্যৰ স্বায়ত্ত্বশাসিত অঞ্চলবোৰত যিদৰে মুখ্যমন্ত্ৰীৰ নেতৃত্বত দুৰ্নীতি চলি আছে সেইবোৰ কথা অনাগত দিনত ৰাজ্যবাসীৰ আগত দাঙি ধৰা হব৷ আনহাতে টী কৰ্পৰেচনৰ অধীনত থকা ৰাজ্যৰ ১২খন চাহ বাগিচা বিক্ৰীৰ যি ষড়যন্ত্ৰ ৰচনা কৰা হৈছে তাৰ বিৰুদ্ধেও অসমত বৃহত আন্দোলন গঢ়ি তোলা হ’ব বুলি বৰাই সাংবাদিকৰ আগত জানিবলৈ দিয়ে৷ সমগ্ৰ বিষয়বোৰকলৈ শীঘ্ৰে গুৱাহাটীত কংগ্ৰেছৰ ৱাৰ্কিং কমিটিৰ এখন বিশেষ বৈঠক অনুষ্ঠিত হব৷ এই প্ৰসংগত দলৰ পৰ্যবেক্ষক জীতেন্দ্ৰ সিঙে কয় যে কেৱল অসম বুলি নহয় উত্তৰপূৰ্বাঞ্চলত বিজেপিৰ অপশাসনৰ বিৰুদ্ধে সাধাৰণ ৰাইজক সজাগ কৰি তুলাৰ বাবে গুৱাহাটীত দলৰ ৱাৰ্কিং কমিটিয়ে বৈঠক অনুষ্ঠিত কৰাৰ বাবে ৰাষ্ট্ৰীয় সভাপতি মল্লিকাজুৰ্ন খাৰ্গেই সন্মতি ব্যক্ত কৰিছে৷ ইপিনে ভূপেন বৰাই প্ৰকাশ কৰা মতে, আজিৰ বৈঠকত ইণ্ডিয়া এলায়েন্সত অসমৰ তিনিটা দল ক্ৰমে অসম জাতীয় পৰিষদ, ৰাইজৰ দল আৰু আঞ্চলিক গণ মৰ্চাক অন্তৰ্ভুক্ত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফত এ আই চি চিৰ ওচৰত অনুৰোধ জনোৱা হৈছে৷ উল্লেখ্য যে বৈঠকত অসমত দলৰ সাংসদ তথা বিধায়কসকলৰ উপৰি বৰাক উপত্যকা, ডিমা হাছাও, জনজাতিকৰণৰ দাবী উত্থাপন কৰা ছয় জনগোষ্ঠী তথা চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা প্ৰদেশ কংগ্ৰেছৰ মুঠ ৩৬জন নেতাই উপস্থিত থাকে৷