Logo
image

গুৱাহাটীত পুনৰ চিলনী চোৰক এনকাউণ্টাৰ

ডিজিটেল সংবাদ,গুৱাহাটীঃ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই অপৰাধীয়ে ইটোৰ পাছত সিটো অপৰাধমূলক কাৰ্যকলাপ অব্যাহত ৰখাৰ মাজতে বুধবাৰে পুৱতি নিশা গুৱাহাটী আৰক্ষীয়ে এটা চিলনী চোৰক এনকাউণ্টাৰ কৰে ৷ এসপ্তাহৰ ভিতৰতে গুৱাহাটীত আৰক্ষীৰ গুলীত ধৰাশায়ী চতুৰ্থটো চিলনী চোৰ। বুধবাৰে পুৱতি নিশা মহানগৰীৰ আমচিং যোৰাবাট এলেকাত আৰক্ষীৰ গুলীত আহত হয় আমিৰ আলী নামৰ চিলনী চোৰটো। হাতীগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰা চোৰটোক আন চোৰৰ সন্ধানত অভিযান চলাবলৈ লৈ যোৱা সময়ত অমচিং যোৰাবাট অঞ্চলত আৰক্ষীৰ জিম্মাৰ পৰা পলয়নৰ চেষ্টা চলায়। পৰিণতিত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়৷

আৰক্ষীৰ গুলীয়ে আমিৰ আলীৰ সোভৰি ভেদ কৰে। বুধবাৰে পুৱতি নিশা প্ৰায় ৩:৪০ বজাত আৰক্ষীয়ে গুলীবিদ্ধ চিলনী চোৰটোক জি এম চি এইছত ভৰ্তি কৰায়। বৰ্তমান চোৰটোৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জি এম চি এইচৰ অধীক্ষক ডাঃ অভিজিত শৰ্মাই জানিবলৈ দিয়ে। জানিব পৰা মতে ধৃত আমিৰ আলীয়ে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা চেইন কঢ়া, মোবাইল ফোন থপিয়াই নিয়া আদি বিভিন্ন অপৰাধ সংঘটিত কৰি আহিছে৷

উল্লেখ্য যে দুদিন পূৰ্বে চন্দ্ৰপুৰত পল্টনবজাৰ আৰক্ষীৰ গুলীত আহত হৈছিল অৰ্জুন সাহা নামৰ আন এটা চিলনী চোৰ। পৰৱৰ্তী সময়ত আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত চোৰটোক জি এম চি এইচত ভৰ্তি কৰোৱা হৈছিল৷ উল্লেখ্য যে শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সঘনাই মোবাইল ফোন চুৰি আৰু পথেৰে গৈ থকা লোকৰ পৰা মূল্যবান সামগ্ৰী কাঢ়ি নিয়াৰ ঘটনা উদ্বেগজনক ভাবে বৃদ্ধি পোৱাত মহানগৰ আৰক্ষীয়ে এনে চোৰৰ বিৰুদ্ধে ব্যাপক অভিযান আৰম্ভ কৰিছে। এই সমগ্ৰ প্ৰক্ৰিয়াটো জ্ঞাত হোৱাৰ পাছত আৰক্ষীয়ে এটা এটাকৈ চিলনী চোৰক গ্ৰেপ্তাৰ কৰা আৰম্ভ কৰে। নিশাটো দূৰৰে কথা দিন দুপৰতে চেইন চুৰি, মোবাইল ফোন চুৰি, গাড়ী চুৰি আদিৰ ঘটনাই মহানগৰবাসীক শংকিত কৰি তোলাৰ সময়তে অপৰাধ ৰোধৰ ক্ষেত্ৰত গুৱাহাটীৰ স্মাৰ্ট আৰক্ষীয়ে অৱলম্বন কৰিবলগীয়া হৈছে নতুন কৌশল। পানবজাৰ, পল্টন বজাৰ আৰু গীতানগৰ থানাৰ পুৰণি গোচৰৰ ভিত্তিত আৰম্ভ হৈছে গ্ৰেপ্তাৰ প্ৰক্ৰিয়া৷ যোৱা ২ আগষ্টৰ নিশাও বোন্দা আৰু বিৰুবাৰীত আৰক্ষীৰ এনকাউভণ্টাৰৰ ঘটনা সংঘটিত হৈছিল। আৰক্ষীৰ বেহু ফালি পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীত আহত হৈছিল অভিজিত ৰাভা আৰু মহিবুল হক নামৰ দুটাকৈ চোৰ। আৰক্ষীয়ে এনকাউণ্টাৰ কৰাৰ পাছতো স্মাৰ্ট আৰক্ষীক প্ৰত্যাহ্বান জনাই চিলনী চোৰে গুৱাহাটী মহানগৰীত সন্ত্ৰাস অব্যাহত ৰাখিছে।