Logo
image

বাৰিষাৰ ৰোগসমূহ

আমাৰ ৰাজ্যত বাৰিষা অহাৰ লগে লগে বানৰ সমান্তৰালভাৱে বিভিন্ন ৰোগৰো আগমন হয়৷ ইতিমধ্যে চৰাইদেউত এনকেফেলাইটিছত এজনৰ মৃত্যু হৈছে আৰু শেহতীয়াকৈ নগাঁৱত এজন সাংবাদিকে কৰুণভাৱে এই ৰোগত মৃত্যুবৰণ কৰে৷ জাপানীজ এনকেফেলাইটিছৰ বাবে জুলাই আৰু আগষ্টক উচ্ছ সংক্ৰমণৰ সময় হিচাপে গণ্য কৰা হৈছে আৰু চৰকাৰীভাৱে বাতৰিকাকতত প্ৰচাৰ চলোৱাও হৈছে৷ কিন্তু এনে এবিধ মাৰাত্মক ৰোগৰ ক্ষেত্ৰত কেৱল কাকতৰ প্ৰচাৰেই যথেষ্ট নহয়৷ ভিতৰুৱা গাঁও, চাহ বাগান, পিছপৰা গৰু-গাহৰি আদি পোহা জনজাতীয় অঞ্চলবোৰত, বিশেষকৈ স্বাস্থ্যকৰ্মীয়ে নিজে গৈ বাৰিষাৰ আগে আগে সাৱধানতাৰ ব্যৱস্থাবোৰ হাতত লোৱা উচিত আছিল আৰু ইয়াৰ লগতে যিবোৰ অঞ্চলত এজন-দুজন ৰোগত  সংক্ৰমণৰ বাতৰি পোৱা গৈছে, তেনে অঞ্চলত তৎকালীনভাৱে সাৱধানতা গ্ৰহণ কৰা ভাল৷ চৰকাৰী ঘোষণা মতে, তৎকালীন চিকিৎসাৰ দ্বাৰা জীৱন ৰক্ষা কৰিব পৰা যায়৷ কিন্তু আমাৰ ৰাজ্যৰ গ্ৰাম্য অঞ্চলত এনে ৰোগৰ চিকিৎসাৰ বিশেষ ব্যৱস্থা প্ৰায়বোৰ ঠাইতে উপলব্ধ নহয়৷ লগতে সজাগতাৰ অভাৱৰ বাবে সাধাৰণ জ্বৰ হোৱা বুলি ধাৰণা কৰি থকাৰ ফলত ৰোগৰ প্ৰতিকাৰৰ ব্যৱস্থা লোৱাত যথেষ্ট পলম হৈ যায়৷ আজিকালি এনে ৰোগৰ প্ৰতিষেধক টিকাও পোৱা যায়, যি সম্পৰ্কত বহু লোক এতিয়াও অজ্ঞ৷ ইয়াৰ লগতে গাঁও-নগৰ সকলোতে নলা-নৰ্দমা, জলাশয় আদি পৰিষ্কাৰ ৰখা, মহ প্ৰতিৰোধৰ ব্যৱস্থা কৰা আৰু পোহনীয়া জন্তুৰ টিকাকৰণৰ ব্যৱস্থাও চৰকাৰীভাৱে কৰি দিয়া উচিত৷

বাৰিষাৰ আন এক ভয়ানক ৰোগ হ’ল ডেংগু৷ যোৱা মাহত বিশ্ব স্বাস্থ্য সংস্থাই সমগ্ৰ বিশ্বতে এই ৰোগে ভয়ংকৰ ৰূপ ধাৰণ কৰিব বুলি সকীয়নি দিছে৷ এই সংস্থাৰ গ্ৰীষ্মমণ্ডলীয় ৰোগৰ ইউনিট মুৰব্বী ৰমন ভেলাউধনৰ মতে, ২০০০-২২ চনৰ সময়ছোৱাত বিশ্বত ডেংগু আক্ৰান্তৰ সংখ্যা ৫ লাখৰ পৰা বৃদ্ধি হৈ ৪২ লাখ হৈছিল৷ বৰ্তমান ইয়াৰ শেহতীয়া তথ্যত আক্ৰান্তৰ সংখ্যা অৰ্ধশতাধিক লাখৰ অধিক হোৱাৰ তথ্য আহিছে৷ উত্তৰ-পূব ভাৰতত যোৱা মাহত ত্ৰিপুৰাৰ বেচৰকাৰী চিকিৎসালয়ত প্ৰথমজন ৰোগী ডেংগুত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ আন এক সাৱধানবাণী অনুসৰি, গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰোক্ষ প্ৰভাৱ অনুসৰি বিশেষকৈ ডেংগু, চিকুণগুণীয়া আৰু জিকা ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অত্যন্ত বৃদ্ধি হ’ব৷ ২০২৩-২৪ চনৰ সময়ছোৱাত বিশেষকৈ জলবায়ু পৰিৱৰ্তনৰ ফলত উষ্ণতা বৃদ্ধি হৈ মহৰ সংখ্যা বৃদ্ধি হ’ব আৰু ইয়াৰ দ্বাৰা বিভিন্ন ৰোগৰ দ্ৰুত সম্প্ৰসাৰণ হ’ব৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰব্বী ঘেব্ৰিয়েছাছে যোৱা মাহত জেনেভাত এই বিষয়ত সতৰ্ক কৰি উষ্ণ জলবায়ুৰ ৰাষ্ট্ৰসমূহক বিশেষ ব্যৱস্থা ল’বলৈ পৰামৰ্শ দিছে৷ এইক্ষেত্ৰত বৰ্তমান মেলেৰিয়া ৰোগো যোগ হ’ব৷ জুন মাহৰ বাতৰি অনুসৰি, সুদীৰ্ঘ ২০ বছৰৰ অন্তত আমেৰিকাত পাঁচজন মেলেৰিয়া ৰোগীৰ সংক্ৰমণৰ তথ্য পোৱা গৈছে৷ বিশেষকৈ ফ্ল’ৰিডা অঞ্চলত মহৰ উপদ্ৰৱ বৃদ্ধিৰ বাবে একেটা অঞ্চলতে চাৰিজন লোক এই ৰোগত আক্ৰান্ত হৈছে৷ আমাৰ ৰাজ্যত কোক্‌ৰাঝাৰ জিলাত মেলেৰিয়াৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ ইয়াত ২০২১ চনত ৩২জন আৰু ২০২২ চনত ৯৬জন মেলেৰিয়া ৰোগীৰ বিপৰীতে এই বছৰ জুলাইত ৮২জন এনে ৰোগত আক্ৰান্ত হৈছে [ৰাজ্যত ২০৩জন]৷ সেইদৰে ডিফুৰ পাহাৰীয়া অঞ্চল ডেংগুৰ হটস্পটত পৰিণত হৈছে৷

আমাৰ ৰাজ্যৰ বাৰিষাৰ আন এক সমস্যা হ’ল পৰিষ্কাৰ খোৱাপানীৰ অভাৱত হোৱা বিভিন্ন ভয়াৱহ ৰোগ [টাইফয়েড, হাইজা, ডায়েৰীয়া, জণ্ডিচ আদি], যাৰ কবলত পৰি শিশু-বৃদ্ধসকল বিশেষকৈ আক্ৰান্ত হৈ মৃত্যুমুখত পৰাও দেখা যায়৷ এই সময়ত চৰকাৰীভাৱে পানী উতলাই খাব, পৰিষ্কাৰ পানী খাব বুলি গোহাৰি জনোৱা হয় যদিও বানৰ সময়ত খোৱাপানীৰ বিশেষভাৱে নাটনিৰ পৰিস্থিতিত পৰিষ্কাৰ উতলোৱা পানীৰ যোগান কোনোপ্ৰকাৰে সম্ভৱ নহয়৷ যোৱা বছৰ বানৰ সময়ত নগাঁৱৰ এখন গাঁৱত আটাইবোৰ টিউবৱেল বৰ্ধিত জলপৃষ্ঠত বুৰ যোৱাত খোৱাপানীৰ ভীষণ নাটনি হৈছিল আৰু গুৱাহাটীৰ পৰা গাড়ীৰে, বিশেষকৈ বটলৰ পানী যোগান ধৰা হৈছিল৷ খোৱাপানীৰ উপৰি ঔষধ আৰু চিকিৎসাৰ ব্যৱস্থাও এই সময়ত জৰুৰীকালীনভাৱে ব্যৱস্থা কৰা প্ৰয়োজন৷ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, আমাৰ দেশে বাৰিষা জলজীৱন মিছনৰ দ্বাৰা বিশুদ্ধ পানীৰ যোগান ধৰি বাৰিষা প্ৰায় চাৰি লাখ লোকক জল সংক্ৰমণ ৰোগৰ পৰা প্ৰাণ সুৰক্ষিত ৰাখিব পাৰে৷ ইয়াৰ লগতে অনাময় ব্যৱস্থাৰো সুবিধা লাগিব৷ এনেবোৰ কামৰ বাবে বাৰিষাৰ যথেষ্ট আগৰে পৰা আঁচনি হাতত লোৱা প্ৰয়োজন৷ অন্যথা প্ৰতিবছৰে বাৰিষাৰ দুমাহ বানৰ লগতে নানা ৰোগত পৰি নৈপৰীয়া ৰাইজৰ দুৰ্ভোগ বৃদ্ধি হৈ থাকিব৷