ম’বাইল ফোনটো পানীত তিতিলে কি কৰিব
ম’বাইল ফোন বা স্মাৰ্টফোনটো আজিকালি সকলোৰে জীৱনৰ অন্যতম সংগী হৈ পৰিছে৷ ফোনটোৰ অবিহনে দিনটোৰ কোনো কামেই কৰিব নোৱাৰা হৈছে৷ পিছে বৰষুণত বা পানীত তিতিলে ফোনটোৱে কাম কৰিব নোৱাৰা হয়৷ এনেকুৱা হ’লে কি কৰিব?
আজিকালি ফোন আৰু স্মাৰ্টৱাছত ৱাটাৰ ৰেজিষ্টেণ্ট থাকে৷ তদুপৰি বজাৰত স্মাৰ্টফোনৰ ৱাটাৰপ্ৰুফ ক’ভাৰো পোৱা যায়৷ কিন্তু ইয়াৰ পাছতো যদি ফোনটো বৰষুণত তিতে, তেন্তে লগে লগে এইকেইটা কাম কৰক–
⬛ প্ৰথমেই ফোনটোৰ ছুইটচ অফ কৰক৷ ইয়াৰ ফলত ফোনৰ ভিতৰত হ’ব পৰা শ্বটচাৰ্কিটৰ পৰা ফোনটো নষ্ট হোৱাৰ আশংকা কমে৷ ফোনটোৰ ভিতৰত পানী সোমোৱাৰ পূৰ্বেই যদি তাক বন্ধ কৰি দিব পাৰে, তেন্তে বিশেষ চিন্তাৰ কাৰণ নাথাকে৷
⬛ এইবাৰ ফোনটো ভালদৰে মচি শুকুৱাই লওক৷ ইয়াৰ বাবে কিন্তু ভুলতো হেয়াৰডায়াৰ বা মাইক্ৰ’ওভেন ব্যৱহাৰ নকৰিব৷
⬛ ফোনটোৰ যদি বেটাৰী খোলাৰ সুবিধা থাকে, তেন্তে যিমান পাৰে সোনকালে বেটাৰী খুলি মচি লওক৷
⬛ ছিমকাৰ্ড আৰু মেম’ৰী কাৰ্ড দুখনো খুলি লৈ কাপোৰেৰে ভালদৰে মচি লওক৷ পানী লগাৰ ফলত মেম’ৰী কাৰ্ড আৰু ছিমকাৰ্ড বেয়া হোৱাৰ সম্ভাৱনা থাকে৷
⬛ ফোনৰ ভিতৰত পানী সোমাই থাকিলে তাক বাহিৰ কৰাৰ বাবে ফোনটো এটা প্লাষ্টিকৰ বেগৰ ভিতৰত সুমুৱাই লৈ ভেকুৱাম কৰক৷ ইয়াৰ ফলত ফোনৰ ভিতৰত থকা পানী ওলাই আহিব৷
⬛ এইবাৰ ফোনটো এটা চাউলৰ পাত্ৰত ৰাখক৷ ইয়াৰ ফলত ফোনৰ ভিতৰত জমা হৈ থকা আদ্ৰৰ্তা শুকাব৷ অৱশ্যে সকলো ক্ষেত্ৰত এই পদ্ধতিয়ে কাম নকৰিবও পাৰে৷ এনে ক্ষেত্ৰত চিলিকা জেল ব্যৱহাৰ কৰিব পাৰে৷
স্মাৰ্টৱাছৰ ক্ষেত্ৰত কি কৰিবঃ
⬛ আজিকালি বেছিভাগ স্মাৰ্টৱাছত ৱাটাৰ ৰেজিষ্টেণ্ট থাকে৷ আপোনাৰ স্মাৰ্টৱাছটোত যদি এই সুবিধা নাই, তেন্তে বৰষুণত তিতিলে বা পানী লাগিলে লগে লগে ভালদৰে মচি লওক৷
⬛ স্মাৰ্টৱাছটোৰ পাৱাৰ অফ কৰি শুকুৱাই ল’বলৈ নাপাহৰিব৷
⬛ বেটাৰী খুলি ভিতৰত পানী জমা হৈ আছে নেকি সেয়া পৰীক্ষা কৰক৷
⬛ স্মাৰ্টফোনৰ দৰে স্মাৰ্টৱাছটোও প্লাষ্টিকৰ বেগত লৈ ভেকুৱাম কৰিব৷