Logo
image

হাতত চিলিণ্ডাৰ, ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি গুৱাহাটীৰ ৰাজপথ উত্তাল কৰিলে জাতীয় মহিলা শক্তিয়ে

ডিজিটেল সংবাদ, গুৱাহাটীঃ আজিৰ পৰা দহ বছৰ আগত, যেতিয়া গেছ ছিলিণ্ডাৰৰ মূল্য ৪১০ টকা হৈছিল, তেতিয়া কান্ধত চিলিণ্ডাৰ আৰু ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি ডিব্ৰুগড়ৰ পৰা দিল্লীলৈকে ৰাজপথত নামিছিল বিজেপিৰ নেতা-নেত্ৰীসকল৷ আজি দহ বছৰৰ মূৰত অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ নেত্ৰী-সদস্যাসকলেও একে পদ্ধতিৰে হাতত খালী চিলিণ্ডাৰ লৈ, ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি, বিজেপি চৰকাৰে দহ বছৰ পূৰ্বে 'আচ্ছে দিন' আহিব বুলি দিয়া প্ৰতিশ্ৰুতিসমূহ সোঁৱৰাই দি বৃহস্পতিবাৰে উত্তাল কৰে গুৱাহাটীৰ দীঘলী পুখুৰীৰ ৰাজপথ। 

দিনৰ  ১১.৩০ বজাত দীঘলীপুখুৰী পাৰত সমৱেত হোৱা জাতীয় মহিলা শক্তিৰ নেত্ৰীসকলে আৰক্ষীৰ বাধা নেওচি চিঞৰি চিঞৰি কয় যে বিজেপিয়ে যি ভাল দিনৰ প্ৰতিশ্ৰুতি দিছিল, সেই ভাল দিন নালাগে৷ আমাক আগৰ সেই বেয়া দিনবোৰেই ঘূৰাই দিয়ক৷ মহিলাসকলে ৰাজ্য চৰকাৰ আৰু বিজেপি দলৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে ৰাজপথত যোগানমন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ প্ৰতিকৃতি দাহ কৰে। কাৰ্যসূচীত ভাগ লৈ জাতীয় মহিলা শক্তিৰ সভানেত্ৰী আল্পনা শৰ্মা, উপসভানেত্ৰী অপৰাজিতা শৰ্মা দাস, সাধাৰণ সম্পাদিকা মৌচুমী শৰ্মা বেজবৰুৱাকে ধৰি কেবাজনো নেত্ৰীয়ে কয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণেৰে দেশলৈ ভাল দিন উভতাই অনাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ অহা বিজেপি চৰকাৰৰ ভুল নীতি আৰু স্বাৰ্থান্বেষী কাম-কাজৰ বাবেই দেশৰ বজাৰত সম্প্ৰতি এক অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ এফালে ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰী আইন সংশোধন কৰি বজাৰৰ ওপৰত থকা চৰকাৰৰ নিয়ন্ত্ৰণ নাইকীয়া কৰি ব্যৱসায়ী-বনিয়াসকলক অবাধ স্বাধীনতা প্ৰদান কৰা আৰু আনফালে ছিণ্ডিকেটৰাজ মূলতঃ এই দুটা কাৰকৰ হেতু চাউল-দাইলৰ পৰা আৰম্ভ কৰি নিৰ্মাণ সামগ্ৰী তথা ঔষধলৈকে প্ৰায় সকলো বস্তুৰ মূল্য অনিয়ন্ত্ৰিত হাৰত বাঢ়ি জনসাধাৰণৰ ক্ৰয় ক্ষমতাৰ বাহিৰলৈ গুচি গৈছে৷ 

আনহাতে প্ৰতিবাদী কাৰ্যসূচীত ভাগ লোৱা সকলোৱে হাতে হাতে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবী লিখা প্লে' কাৰ্ড আদি প্ৰদৰ্শন কৰাৰ লগতে বহুগৰাকী মহিলাই হাতত খালী গেছৰ চিলিণ্ডাৰ লৈ তথা আন বহুগৰাকীয়ে ডিঙিত আলু-পিঁয়াজৰ মালা পিন্ধি চৰকাৰ বিৰোধী শ্লোগান দিয়ে৷ কেইবাগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে বিজেপি নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী বিজয়া চক্ৰৱৰ্তীয়ে দহ বছৰ পূৰ্বে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা ফটোৰ কাট আউট প্ৰদৰ্শন কৰি বিজেপি দলক তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহলৈ মনত পেলাই দিয়ে৷ উল্লেখযোগ্য যে প্ৰতিবাদকাৰীসকলে যোগান মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ চেষ্টা চলাওঁতে আৰক্ষীয়ে বেৰিকেট সৃষ্টি কৰি বাধা দিয়ে যদিও প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা নেওচি প্ৰতিমূৰ্তিটো দাহ কৰে৷