Logo
image

‘ইণ্ডিয়া’ৰ অনাস্থা খাৰিজ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ আগষ্টঃ সংখ্যাৰ দিশৰ পৰা বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰক অনাস্থা প্ৰস্তাৱৰ জৰিয়তে পতন ঘটোৱা অলৌকিক আছিল৷ ৫৪৩ জনীয়া লোকসভাত কেৱল এনডিএৰ সাংসদৰ সংখ্যাই ৩৩২জন৷ তদুপৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই চৰকাৰ আৰু বিৰোধী এটা জোঁটতো নথকা নৱীন পট্টনায়কৰ বিজেডি আৰু জগনমোহন ৰেড্ডীৰ ৱাই এছ আৰ¸ কংগ্ৰেছৰ গাইপতি ৯ জন সাংসদৰ, মুঠ ১৮ জন সাংসদৰ সমৰ্থন জোগাৰ কৰি শক্তিশালী হৈ আছিল৷ সেই কথা বিৰোধী জোঁট ‘ইণ্ডিয়া’ বাদেই, সাধাৰণ লোকেও বুজি পাইছিল৷ সেই বাস্তব বিষয় সত্যত পৰিণত কৰি বিজেপি নেতৃত্বাধীন এন ডি এ ধবনিভোটত অনাস্থা প্ৰস্তাৱৰ বিতৰ্কত বিজয়ী হ’ল৷ বিৰোধী শূন্য সদনত যেতিয়া মোদী চৰকাৰে অনাস্থা প্ৰস্তাৱৰ ভোটত ধবনিভোটত জয়লাভ কৰিলে, তেতিয়া তেওঁলোকে উল্লাস প্ৰদৰ্শন কৰিবলৈ পৰাজিত দল তাত উপস্থিত নাছিল৷ কিয়নো দীৰ্ঘ দুঘণ্টাৰ বক্তৃতাত যেতিয়া ৯৯ মিনিট পৰ্যন্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ নাম উল্লেখ নকৰিলে, তেতিয়া তেওঁৰ ভাষণ বৰ্জন কৰি সদনৰ পৰা ওলাই গৈছিল বিৰোধী দলৰ জোঁট ‘ইণ্ডিয়া’ৰ সকলো সাংসদ৷ সদনত বিৰোধী বুলি উপস্থিত আছিল এটাও জোঁটত নথকা আঙুলিৰ মুৰত লিখিব পৰা বিৰোধী দলৰ কেইজনমান সাংসদ৷ কিন্তু অনাস্থা ভোটত পৰাজিত হোৱা বিৰোধী জোঁট ‘ইণ্ডিয়া’ৰ নৈতিক বিজয় হ’ল বুলি চৰ্চা হৈছে৷ কিয়নো যোৱা ৩ মে’ত আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠীসংঘৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত আজিৰ পূৰ্বেও এটাও শব্দ উচ্ছাৰণ কৰা নাছিল৷ বিৰোধীৰ উদ্দেশ্য আছিল–মোদীৰ দ্বাৰা সংসদত মণিপুৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰোৱা আৰু মণিপুৰৰ জনতাৰ সৈতে যে বিৰোধী দলৰ সমমৰ্মিতা আছে, সেয়া সদনৰ জৰিয়তে মণিপুৰ আৰু দেশবাসীক প্ৰতীয়মান কৰা৷ সেই দুয়োটা উদ্দেশ্যতে বিৰোধী দল সফল হ’ল আৰু স্বাভাৱিকভাৱে এয়াই হ’ল ‘ইণ্ডিয়া’ৰ নৈতিক বিজয়৷
অনাস্থা প্ৰস্তাৱৰ বিৰুদ্ধে প্ৰদান কৰা ভাষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্যত বিৰোধীয়ে উত্থাপন কৰা অভিযোগৰ উত্তৰ যিমান আছিল, তাতকৈ সেই ভাষণ আছিল অধিক  ৰাজনৈতিক সভাৰ ভাষণসদৃশ৷ প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণ আৰম্ভ কৰে ৫ বাজি ৯ মিনিটত৷ দীৰ্ঘ ৰ ঘণ্টা ৩৯ মিনিট ধৰি তেওঁ পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ ব্যৰ্থতা, দুৰ্নীতি আৰু নিজৰ চৰকাৰৰ সফলতাৰ সন্দৰ্ভত ভাষণ প্ৰদান কৰে৷ প্ৰধানমন্ত্ৰী মোদীয়ে অনাস্থা প্ৰস্তাৱৰ মূল উদ্দেশ্য অৰ্থাৎ মণিপুৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে ৬ বাজি ৪৮ মিনিটত৷ ইয়াৰ ৪ মিনিট পূৰ্বে অৰ্থাৎ ৬ বাজি ৪৪ মিনিটত কংগ্ৰেছসহ বিৰোধী দলে সদন ত্যাগ কৰি ওলাই গৈছিল৷ প্ৰধানমন্ত্ৰী মোদীয়ে ৰ ঘণ্টা ৩৯ মিনিট ধৰি মণিপুৰৰ নাম নোলোৱাৰ প্ৰতিবাদতে বিৰোধী জোঁট ‘ইণ্ডিয়া’ই সদন ত্যাগ কৰে৷ বিৰোধী দলৰ সাংসদে সদন ত্যাগ কৰা দেখিয়েই মোদীয়ে দৌৰাদৌৰিকৈ মণিপুৰ সন্দৰ্ভত বক্তব্য আৰম্ভ কৰে৷ তেওঁ মণিপুৰক নিজৰ হৃদয়ৰ টুকুৰা বুলি উল্লেখ কৰে৷ মোদীয়ে কয় যে, মণিপুৰলৈ সকলোৰে সহযোগত চৰকাৰে শান্তি ঘূৰাই আনিব৷ তেওঁ দাবী কৰে, উত্তৰ-পূৰ্বাঞ্চল অচিৰেই দেশৰ কেন্দ্ৰ হৈ পৰিব৷ মোদীৰ দাবী, উত্তৰ-পূবলৈ অশান্তি আনিছিল কংগ্ৰেছ চৰকাৰে৷ কিন্তু তেওঁৰ চৰকাৰে বিগত ৬ বছৰত মণিপুৰত সীমাহীন উন্নয়ন সাধন কৰিছে৷ সংসদৰ পৰা কোনো সাংসদে মণিপুৰৰ মৃত্যু কামনা কৰা বুলিও তেওঁ ৰাহুল গান্ধীক কটাক্ষ কৰে৷