Logo
image

পাৰিষদসহ সংসদত মোদীৰ ভাষণ শুনিলে হিমন্তবিশ্বই

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ১১ আগষ্টঃ নৰেন্দ্ৰ মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অনাস্থা প্ৰস্তাবকলৈ বৃহস্পতিবাৰে লোকসভাত চলা বিতৰ্কৰ সাক্ষী হ’ল ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ দৰ্শনাৰ্থীৰ বাবে সংসদত থকা গেলাৰীৰ পৰা সতীৰ্থ মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ সৈতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ শুনে৷ আবেলি প্ৰায় সাৰে তিনি বজাত লোকসভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীজনে শাসক-বিৰোধী আন বহুতো সাংসদৰো ভাষণ শুনে৷ অনাস্থা প্ৰস্তাবকলৈ চলি থকা বিতৰ্কৰ অন্তিম দিনা প্ৰধানমন্ত্ৰীৰ ভাষণ বাবেই মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বুধবাৰে আবেলি দিল্লীলৈ আহি পাইছিল তথা দিল্লীত সাপ্তাহিক কেবিনেট বৈঠকত মিলিত হৈছিল৷ ইপিনে বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নতুন দিল্লীৰ ৯ টোঘলক লেনস্থিত চৰকাৰী বাসভবনত ৰাজ্যৰ বিজেপি সাংসদসকলৰ সৈতে নৈশভোজত মিলিত হোৱাৰ কথা৷ নৈশভোজৰ পূৰ্বে তেওঁ দলৰ সাংসদসকলৰ সৈতে এখন বৈঠকতো মিলিত হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য যে বুধবাৰে নিশা কেবিনেট বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই তেওঁৰ কেবিনেট সতীৰ্থসকলৰ সৈতেও এক দীঘলীয়া ৰাজনৈতিক আলোচনাত মিলিত হয়৷ ভ্ৰমণ কাৰ্যসূচী অনুসৰি শুকুৰবাৰে পুৱা গুৱাহাটীলৈ উভতি যাব মুখ্যমন্ত্ৰী ড॰ শৰ্মা৷