Logo
image

দিল্লী, দিছপুৰত অধিক সজ্জিত হৈছে মুখ্যমন্ত্ৰীৰ কনভয়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ আগষ্টঃ ৰাজকোষ প্ৰায় উদং৷ ঋণৰ ওপৰত নিৰ্ভৰ কৰি চলি আছে চৰকাৰ৷ কিন্তু ইয়াৰ পিছতো যেন কমা নাই বিলাসিতা৷ দিল্লীত পাতিছে কেবিনেট বৈঠক৷ সেই বৈঠকত উপস্থিত থকাৰ বাবে মন্ত্ৰী-আমোলাৰ দল ৰাজকোষৰ টকাৰে গৈছে দিল্লীলৈ৷ চৰকাৰখনৰ দুটা বছৰ অতিক্ৰম হ’ল কি নহ’ল, মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে ক্ৰয় কৰা হ’ল প্তখনকৈ বিলাসী ফৰ্চুনাৰ গাড়ী৷ ইয়াৰ বাবে চৰকাৰে ৰাজকোষৰ পৰা ব্যয় কৰিছে কোটি কোটি টকা৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নতুন দিল্লীত থকাৰ সময়ত তেওঁৰ কনভয়ত ব্যৱহাৰ হ’ব এই গাড়ীকেইখন৷ অনুৰূপ ব্যৱস্থা অসমতো শীঘ্ৰে হ’ব৷ অসমতো মুখ্যমন্ত্ৰীৰ কনভয়ত যোগ হ’ব নতুন ফৰ্চুনাৰ গাড়ী৷ 

ইয়াৰ পূৰ্বেও নতুন দিল্লীত অনুষ্ঠিত কৰা হৈছে কেবিনেট বৈঠক৷ অথচ পুঁজিৰ অভাৱত ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এ এছ টি চিৰ বাছ মেৰামতি কৰিব নোৱাৰি শ শ বাছ নিলাম কৰিবলৈ সাজু হৈছে৷ ইখনৰ পিছত সিখনকৈ চাহ বাগিছা, ৰবৰ বাগিছা বিক্ৰী কৰি আছে৷ আৰ্টফেড, বেছা কিনা নিগম বন্ধ কৰাৰ সিদ্ধান্ত হৈছে৷ ঠিকাদাৰৰ পঞ্জীয়ন মাচুল ৪০০ শতাংশ পৰ্যন্ত বৃদ্ধি কৰিছে৷ বিদ্যুৎ গ্ৰাহকৰ ওপৰ স্মাৰ্ট মিটাৰ জাপি দিছে৷ পৰিবহণ বিভাগক জৰিমনাৰ নামত কোটি কোটি টকা সংগ্ৰহৰ দায়িত্ব দিছে৷ ড॰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিলাসী গাড়ী ক্ৰয়ৰ নামত, দিল্লীৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ নামত কোটি কোটি টকা ব্যয় কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰিছে বিৰোধীয়ে৷ নগাঁও সমষ্টিৰ কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কটাক্ষ–কেবিনেটৰ বাবে দিল্লীত ফাইভষ্টাৰ হোটেল ভাড়া কৰিছে৷ দলে দলে লোক আহিছে অসমৰ পৰা৷ গাড়ী ভাড়া কৰিছে৷ বিষয়া আহিছে৷ মন্ত্ৰী আহিছে৷ এই খৰচৰ কিবা যুক্তি যুক্ততা আছে নেকি৷ মুখ্যমন্ত্ৰীৰ কাৰণে ৬ খনকৈ বুলেট প্ৰুফ ফৰ্চুনাৰ গাড়ী কিনিছে৷ অথচ চাৰিওফালে ঋণ আৰু ধাৰৰ বোজা চৰকাৰখনৰ ওপৰত৷ অসমৰ ৰাইজে এই ধাৰ সুদে-মূলে উভতাই দিব লাগিব৷ উল্লেখ্য যে নতুন দিল্লীত মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে পূৰ্বৰে পৰা দুখনকৈ ফৰ্চুনাৰ গাড়ী আছিল৷ এইবাৰ ২.৫০ কোটি টকা ব্যয় কৰি পুনৰ ৫ খন ফৰ্চুনাৰ গাড়ী ক্ৰয় কৰা হয় মুখ্যমন্ত্ৰীৰ কনভয়ৰ বাবে৷ সাংসদ বৰদলৈৰ অভিযোগ–অসমৰ বিভিন্ন ঠাইত কেবিনেট বৈঠক অনুষ্ঠিত কৰিছে৷ দিল্লীতো কেবিনেট বৈঠক পাতিছে৷ চমক সৃষ্টিৰ বাবে এই কাম বিলাক কৰি আছে৷ প্ৰত্যেক কথাতে চমক সৃষ্টি কৰাটো বিজেপিৰ শাসনৰ এটা অংশ৷ ইয়াৰত আচৰিত হ’বলগীয়া একো নাই৷ 

আনহাতে কলিয়াবৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ সাংসদ গৌৰব গগৈও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়–অসমৰ ৰাইজৰ খাবলৈ টকা নাই৷ তাৰ পিছতো ৰাইজৰ ওপৰত কৰ জাপি দি দিল্লীত আহি ফাইভ ষ্টাৰ হোটেলত থাকি কেবিনেট বৈঠক পাতিছে অসমৰ চৰকাৰখনে৷ কেবিনেট মিটিঙৰ নামত কেবল মাত্ৰ প্ৰতীকি মিটিং এখন কৰি নিশা হোটেলত আড্ডা মাৰিছে৷ অসমৰ ৰাইজে ইয়াৰ কাৰণে জি এছ টি ভৰি আছে নেকি? টোল টেক্স দি আছে নেকি? অসমৰ মন্ত্ৰীসকল দিল্লীলৈ আহি ফাইভষ্টাৰ হোটেলত থাকি কিয় কেবিনেট বৈঠক পাতে? উল্লেখ্য যে চৰকাৰৰ অযথা ব্যয়কলৈ সৰব হৈ পৰে দুয়োজন সাংসদ৷